সোণোৱালী শৈশৱৰ স্মৃতি

©Admin
0

স্কুলৰ বেগটো টেবুলখনত থৈ স্নেহা হাত ভৰি ধুবলৈ বুলি লৰ দিলে। মাক ৰুমলৈ সোমাই আহি বেগটো তেনে দৰে থোৱা দেখি, স্কুলৰ বেগটোও ভালদৰে সামৰি থব নোৱাৰে বুলি ভূৰভূৰাই তাইৰ ইউনিফৰ্ম যোৰ সামৰিব লাগিল। মাকে আগতীয়াকৈ বাহি থোৱা ভাতকেইটা নাকে মুখে সোমোৱাই  উঠিছিলহে, তেনেকুৱাতে ৰাণীয়ে তাইক চিঞঁৰিলেই..

-অই' স্নেহা আহ আকৌ ,আমি ৰই আছো নহয় তোলে।
-অ' গৈছো ৰ হলেই মোৰ।

স্নেহা যাবলৈ লওতেই মাকে তাইক পুনৰবাৰ সকিয়াই দিলে যাতে সন্ধিয়া হোৱাৰ আগে আগে ঘৰ সোমাইহি। 

তাই ঘৰৰ পৰা ওলাই আহি দেখে যে ৰাণীৰ লগতে ৰীতাও ৰৈ আছে তাইৰ বাবে। তিনিওজনী প্ৰায় সমবয়সৰে লগতে নলে-গলে লগা বান্ধৱীও।  স্নেহাৰ স্কুল সিহঁততকৈ অলপ দূৰত হোৱাৰ বাবেই তাইৰ খেলিব আহোতে সদায়েই পলম হয়। স্কুলৰ পৰা আহিয়েই সদায় সিহঁত খেলিব আহে ঘৰৰ কাষতে লাগি থকা মাটি ডোখৰত। 

সমগ্র চুবুৰীটো সিহতৰ চিঞঁৰত ৰজনজনাই যায়। ধৰা-ধৰি, কাবাডী, টিপি টিপি-টপ টপ  কে আদি কৰি বেডমিণ্টন লৈকে সকলো খেলেই খেলে। সন্ধিয়া হোৱা পৰ্যন্ত খেলে, মাকহতৰ চিঞঁৰতহে ঘৰমুৱা হয়। কেতিয়াবা কেতিয়াবা টো এচাৰিৰ কোবো খাব লগীয়া হয়। ঘৰ আহি হাত ভৰি ধুই মাকৰ লগত প্ৰাৰ্থনা কৰাটো স্নেহাৰ অভ্যাস হৈ পৰিছিল।
সুন্দৰকৈ গৈ আছিল দিনবোৰ। কিন্তু সময়ৰ লগে লগে যে সকলো সলনি হৈ গল। ক'ত আজি সেই মৰমৰ ঠাইডোখৰ, ক'ত সেই কিৰিলিৰ শব্দ তাই ভাবি পাৰ নাপায়?...

-অই স্নেহা কি ভাবি আছ?

ৰীতাৰ মাততহে স্নেহা বৰ্তমানলৈ উভটি আহিল। ইমানপৰে তাই অতীতৰ ভাব সাগৰতে ডুব গৈ আছিল।

-সমম্ অ' ৰীতা দেখোন কেতিয়া আহিলি? আহ বহহি।
-এইমাত্ৰ আহিছো , তইনো ইমান
 আমন-জিমনকৈ বহি কি ভাবি আছ?

-লৰালিৰ কথা বিলাক লৈ মনত পৰিছে অ'। আগতে আমি কিমান যে ফুৰ্তি কৰিছিলো ন'? এতিয়া সকলো পৰিবৰ্তন। একোয়ে হৈ থকা নাই আগৰ দৰে।

-ঠিকে কৈছ মোৰো বৰকৈ মনত পৰে। ৰাণীও ইয়াৰ পৰা যোৱাগৈও  সাত বছৰে হব হ'ল।তাই লৈও বৰকৈ মনত পৰে।

স্নেহা , ৰাণী এতিয়া ২০-২২ বছৰীয়া যুৱতী। কিন্তু আজিও সিহঁতে পাহৰিব পৰা নাই সেই সোণোৱালী শৈশৱৰ দিনবোৰৰ কথা।পাহৰিব নো কেনেকৈ সুমধুৰ লৰালিৰ স্মৃতি, ভৱিষ্যতৰ চিন্তাবিহীন  মুক্ত এক জীৱন।

লৰালিৰ দিনবিলাক সচাঁই সোণোৱালী দিন আছিল সেই কথা সকলোৱে এদিন নহয় এদিন উপলব্ধি কৰে। আজিকালি যেন যান্ত্ৰিকতাৰ  পৃথিৱীখনত সেই সৰল শৈশৱৰ সমাধি ঘটিল।বৰ্তমানৰ  বহু শিশুয়ে যেন সেই তৃপ্তিৰ পৰা বহু দূৰত।  বৰকৈ মন যায় আগৰ দিনবিলাক ঘূৰাই আনিব। কিন্তু আচৰিত হও প্ৰায়েই আজিৰ শিশুসকলক দেখি। মনত কেৱল এটাই প্ৰশ্ন উদয় হয়... কিয়??

শিশু সকলক ইণ্টাৰনেটৰ জগতৰ পৰা উলিয়াই আনি এবাৰ মুকলি আকাশৰ তলত বিচৰণ কৰিব দিলে সিহঁতে অনুভৱ কৰিব পাৰিব আচলতে শৈশৱৰ আনন্দ কি? বন্ধ কোঠাৰ মাজত আবদ্ধ হৈ যাব নিদিব শৈশৱৰ স্মৃতিবোৰ। নহলে প্ৰাপ্তবয়স্ক বয়সত ৰোমন্থন কৰিবলৈও একো ৰৈ নাযাব।

📝পুজা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)