অনাকাংক্ষিত অধ্যায়-০৮

Rinku Rajowar
0
অনুৰাগ জীৱনাদিত্য অফিচৰ পৰা ওলাই আহি 'পূবেৰুণ' আশ্ৰমলৈ যাবলৈ ওলাল।আজি "পূবেৰুণ"ৰ দশম প্ৰতিষ্ঠা দিৱস।এই দিৱসৰ উপলক্ষে পতা "খোজ"অনুষ্ঠানৰ আঁত ধৰোঁতা হিচাপে প্ৰথমতে সিদ্ধাৰ্থক পঠোৱাৰ কথা আছিল যদিও সি বেলেগ এটা নিউজৰ লগত জড়িত হৈ পৰা বাবে অনুৰাগ যাব লগা হ'ল।আজিৰ এই দিনটোতেই দহবছৰৰ আগতে জন্ম হৈছিল "পূবেৰুণ"ৰ।অইলৰ কৰ্মচাৰী হিচাপে নিয়োজিত একমাত্ৰ পুত্ৰৰ দ্বাৰা এদিন অৱহেলিত হৈছিল শিক্ষক তথা পিতৃ অৰিন্দম সন্দিকৈ আৰু মাতৃ ৰুমা সন্দিকৈ।অট্টালিকা সদৃশ ঘৰ এটা থকাৰ পিছতো তেওঁৰ পুত্ৰই পত্নীৰ সৈতে বেলেগকৈ থকাৰ সিদ্ধান্ত লৈছিল।আনকি পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ পৈতৃক সম্পত্তি বিক্ৰী কৰাৰো সিদ্ধান্ত লৈছিল।পুত্ৰ-বোৱাৰীৰ অত্যাচাৰত মানসিকভাৱে আৰু শাৰিৰীকভাৱে ভাগৰি পৰাৰ লগতে নিসংগতাই আৱৰি ৰখা দম্পতিহালে এদিন সিদ্ধান্ত লৈছিল যে তেওঁৰ সেই বাসগৃহক নতুনকৈ সজাই পৰাই তেওঁলোকৰ  দৰে অৱহেলিত লোকসকলৰ বাবে ঘৰুৱা আৱেশ থকা এটি পৰিৱেশ গঢ়ি তুলিব।এইক্ষেত্ৰত তেওঁলোকক সহায় আৰু পৰামৰ্শ আগবঢ়াইছিল জীৱনাদিত্যৰ অনন্ত নাথ আৰু পখীৰ পিতৃ অমৰ হাজৰিকাই।বহু বাধা- বিঘিনি,সমস্যাৰ মাজেৰে গঢ় লৈ উঠিছিল আজিৰ এই "পূবেৰুণ"।সেই তেতিয়াৰ পূবেৰুণ যিয়ে কেৱল অৱহেলিত লোকসকলৰ আশ্ৰয়স্থল হৈছিল পৰবৰ্তী সময়ত সেই পূবেৰুণ নিঃস্ব,নিঃসহায়,আৰ্থিকভাৱে দুৰ্বল,অৱহেলিত অনাথ  শিশুসকলৰো আশ্ৰয়স্থল হৈ পৰিল।বৰ্তমানৰ পূবেৰুণত ১০০জন বৃদ্ধ ককা-আইতা,৫০জন অনাথ শিশু আছে আৰু লগতে 'খোজ'অৰ উদ্যোগত কেইবাজনো আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ উচ্চশিক্ষাৰ দায়িত্বও লৈ আছে।নিজৰ জীৱন অভিজ্ঞতাৰেপুষ্ট সন্দিকৈ দম্পতীহালৰ এটাই লক্ষ্য আছিল যে তেওঁলোকৰ দৰে মানসিকভাৱে ভাগৰি পৰা আন দহজনৰ জীৱনত যেন সকাহ দিব পাৰে,যি সকাহে তেওঁলোকক জীৱনটো বেলেগ ধৰণে সজোৱাত সহায় কৰিব,হেৰাই যোৱা হাঁহিবোৰ ঘূৰাই পাব;এই লক্ষ্যৰেই খুলি দিছিল নিজবাসগৃহৰ দুৱাৰ এটি নতুন নামত- সেয়া "পূবেৰুণ"।অনন্ত নাথ,অমৰ হাজৰিকা,অৰিন্দম সন্দিকৈয়ে এদিন সিদ্ধান্ত লৈছিল যে পূবেৰুণত বৃদ্ধলোকসকলৰ বাদেও অনাথ শিশুসকলক অন্তৰ্ভুক্ত কৰিব।নাতি- নাতিনীৰ সংস্পৰ্শৰ পৰা বঞ্চিত সেইসকল লোকে শিশু সকলৰ সংগ পালে হয়তো সেই দুখৰ পৰা কম-বেছি পৰিমাণে হ'লেও মুক্ত হ'ব আৰু লগতে পিতৃ-মাতৃ,ককা-আইতা সকলৰ মৰমৰ ভাগ নোপোৱা সেইসকল শিশুৱেও বাকী বয়োজ্যেষ্ঠ সকলৰ সংগ পালে হয়তো সিহঁতৰ দুখ পাতলিব ।এই লক্ষ্য লৈয়ে পূবেৰুণক তাৰ লগত জড়িত প্ৰত্যেক জন ব্যক্তিয়ে আগবঢ়াই নিছিল।এটি নতুন জীৱন পাইছিল সকলোৱে।সুখ-দুখৰ সমাহাৰ ঘটিছিল;ব্যক্তিগত সমস্যাবোৰ একাষৰীয়া কৰি প্ৰত্যেক জন  অচিনাকী এক হৈ পৰিছিল পূবেৰুণত।এটাই মাথোঁ সম্বন্ধ আছিল তেওঁলোকৰ-সেয়া তেজৰ নহয়; মনৰ সম্বন্ধ।
  প্ৰত্যেক বছৰৰ জানুৱাৰী মাহৰ শেষৰটো দেওবাৰে অনুষ্ঠিত হয় পূবেৰুণৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "খোজ"অনুষ্ঠানটো।এই অনুষ্ঠানত লগ হয় পূবেৰুণ পৰিয়ালৰ প্ৰত্যেকজন সদস্য আৰু লগতে পূবেৰুণৰ জন্মত আগভাগ লোৱা প্ৰতেকজন ব্যক্তি।অনুষ্ঠানটো ৰঙীণ হৈ পৰে সদস্যসকলৰ নৃত্য-গীত,খেল-ধেমালী আৰু বিভিন্ন কাৰ্যকলাপেৰে।সেইদিনাই বহুতো লোকে দান-বৰঙণিও আগবঢ়াই আৰু চহৰৰ বিশিষ্ট কিছুমান ব্যক্তিৰ লগত আলোচনাত মিলিত হৈ কেনেদৰে পূবেৰুণক আগবঢ়াই নিব পাৰে তাৰে পৰিকল্পনাও কৰে।লগতে বিভিন্ন ক্ষেত্ৰত সফলতা দেখুওৱাৰ লগতে শিক্ষাতো পাৰদৰ্শীতাৰে উত্তীৰ্ণ হোৱা পূবেৰুণ আৰু 'খোজ'য়ে দায়িত্ব লোৱা সদস্যসকলক সম্বৰ্ধনা জনায়।এইবাৰো এই "খোজ" অনুষ্ঠানটি ব্যতিক্ৰম নহয়।অনুৰাগেও এই অনুষ্ঠানত অংশ ল'বলৈ বৰ ভাল পায়।তাৰ বাবেও পূবেৰুণৰ পৰিয়ালটি আপোন হৈ পৰিছে।এই আপোন-আপোন মৰম ভাৱবোৰ অভিজ্ঞতা অবিহনে কোনেও বুজি নাপায়। কোনোৱে জীৱনৰ  প্ৰকৃত ৰং পায়ো হেৰুৱায়; আন কোনোৱে আকৌ সেই ৰংবোৰ বিচাৰি হাবাথুৰি খায়।সঁচায়ে, এয়াইতো জীৱন আৰু জীৱনৰ ৰেহ-ৰূপ।অনুৰাগে অনুষ্ঠান শেষ কৰি ঘৰলৈ আহি থাকোতে সেইবোৰ কথাকে ভাবি-গুণি থাকিল।

"পৰ্ণা,তোমাক কথা এটি কওঁ।"প্ৰানজিতে পৰ্ণাৰ চকুত চকু থৈ ক'লে।
"ওমম কোৱা "প্ৰানজিতৰ চকুৰ পৰা নিজকে আঁতৰাই পৰ্ণাই ক'লে।
"তুমি মোক তোমাৰ কথাবোৰ ক'বলৈ অস্বস্তিবোধ কৰা নেকি?"
"নাই নাই নকৰো,এনেকৈ কিয় ভাবিলে?মা আৰু ভণ্টীৰ পিছত তোমাৰ আগত মই খুলাখুলিকৈ কথা ক'ব পৰা হৈছো,তোমাৰ লগত খোলা মনেৰে হাঁহিব পাৰিছো।তোমাৰ লগত মই সহজ হৈ পৰিছো।"
"হুমম...তেতিয়াহ'লে তোমাৰ জীৱনৰ কাহিনীবোৰ কোৱাত অপাৰগতা কিয়?কিয় তুমি নিজকে নিসংগতাৰে আৱৰি ৰাখিছা ?মোৰ বহুত জানিব  মন যায় পৰ্ণা।"
"প্ৰানজিত দা,কথাবোৰ আপোনাক ক'বলৈ হয়তো নিজকে মই এতিয়াও সাজু কৰিব পৰা নাই।যিদিনা মই পাৰিম সিদিনা নিজেই সকলো ক'ম।তেতিয়া কিন্তু তুমি সকলো শুনিব লাগিব,আধাতে নুশুনো বুলি ক'লে নহ'ব।"খিলখিলাই হাঁহি হাঁহি কৈ থকা পৰ্ণা জনীক প্ৰানজিতৰ মৰম লাগি আহিল।গহীনকৈ থকা ছোৱালীজনীৰ প্ৰতি যে তাৰ অদ্ভুত এক অনামী অনুভূতি আছে সেয়া সি ভালদৰেই বুজি পাইছে।তাইৰ কথাবোৰ তাৰ খুব জানিবৰ মন যায়।ডকুমেণ্টৰীখনত লগা বহুত তথ্য পাতি তাই যোগান দিছিল।তাই বহুত কথা জানিছিল।তেনে এজনী ছোৱালীৰ জীৱনৰ প্ৰতি ইমান উদাসীনতা কিহৰ বাবে!!
"ডকুমেণ্টৰী খনৰ কাম হৈ যোৱাৰ পিছত চাগে তোমাক এনেকৈ সদায় লগ পোৱাৰো কাৰণ নাথাকিব নহ পৰ্ণা।তেতিয়াতো কিবা কাম আছে বুলিও তোমাক মাতিব পৰা নাযাব।"
প্ৰানজিতৰ কথা শুনা পিছত পৰ্ণাই মৌন হৈ প্ৰানজিতৰ ফালে চাই ৰ'ল।ইয়াৰ উত্তৰ পৰ্ণাৰ হাততো নাই।পৰ্ণাৰ চাৱনীত আৱেগিক হৈ প্ৰানজিতে কৈ থাকিল,"তোমাক মই এনেদৰেই সদায় লগ পাই থাকিব বিচাৰো।আমাৰ কাম শেষ হোৱাৰ পিছতো।আহিবা নে তুমি?থাকিব বিচাৰো তোমাৰ লগত চিৰজীৱন।দিবানে থাকিব?কোৱা পৰ্ণা!!"
উত্তৰ নাই তাইৰ।নোৱাৰে একো ক'ব।কিবা এক অজানা শোকে তাইক খুন্দা মাৰে অন্তৰত।আহোঁ আহোঁকৈ থকা চকুলোক বহু কষ্টৰে সামৰি ৰাখে তাই।
"ব'লক প্ৰানজিত দা,বহুত দেৰী হ'ল।আমি ঘৰলৈ যাওঁ।"
"মোক মোৰ প্ৰশ্নৰ উত্তৰ দি যোৱা পৰ্ণা।এই প্ৰশ্নৰ উত্তৰ মোৰ বাবে বহু দৰকাৰী।"
"প্ৰানজিত দা,তোমাৰ প্ৰশ্নৰ উত্তৰ দিম মই।কিন্তু সঠিক সময়ত।প্লিজ মোক সময় দিয়ক।আহিম মই তোমাৰ প্ৰশ্নৰ উত্তৰ লৈ।"
"বাৰু,সময় লোৱা তুমি যিমান সময় লাগে।মোৰ আপত্তি নাই।
ব'লা আমি যাওঁ এতিয়া।"
 প্ৰানজিতৰ পিছে পিছে সিহঁতৰ চিনাকী ৰেষ্টুৰেণ্টখনৰ পৰা পৰ্ণা ওলাই আহিল।মনত নানান প্ৰশ্নৰ অগা দেৱা।যিবোৰৰ উত্তৰ দিবলৈ সক্ষম হ'ব নে তাই?তাইৰ মনত প্ৰানজিতক লৈ কেনে অনুভৱ সেয়া লৈ তাই এতিয়াও সঠিক সিদ্ধান্ত ল'ব পৰা নাই নে বেলেগ কিবা কাৰণত তাই ভয় কৰিছে প্ৰানজিতক আপোন কৰি লোৱাত!!সেইবোৰ ভাবি ভাবি তাই বাইকৰ ষ্টাৰ্ট দি ৰৈ থকা প্ৰানজিতৰ পিছফালে বাইকত বহিল।
    ইতিমধ্যে ধৰাৰ বুকুলৈ আন্ধাৰ নামি আহিছিল।আকাশত জোনেও লাহেকৈ ভূমুকি মাৰিছিল।সকলো মানুহ ব্যস্ত হৈ পৰিছিল জানিবলৈ;আজি বা জীৱনাদিত্য চেনেলত বাতৰি পঢ়োতা গৌৰীয়ে কি খবৰ আনে!!সকলোৰে চকু ঘড়ীলৈ।৭বজাৰ লগে লগে সন্ধিয়াৰ বাতৰিত গৌৰী প্ৰিয়ম বৰুৱাৰ মুখেৰে নিগৰি অহা বাতৰিৰ কিয়দাংশলৈ সকলো যেন উৎকণ্ঠিত।
(আগলৈ....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)