( যোৱা সংখ্যাৰ পিছৰ পৰা )
সেয়েহে একেৰাহে বহুবছৰ ধৰি ঢুলীয়া সকলক ভৰণ-পোষণ দিছিল | সদাগৰে নিজৰ ধৰ্মপৰায়ণতা আৰু বদান্যতাৰ বাবেই দৌল উচবত সমূহ ৰাইজলৈ ভোজনৰ খোৰাকী ( সিদ্ধা) যোগাইছিল | কথিত আছে সময়ৰ সোতত মাটিফুটা দেৱালয়ত বৈষ্ণবীয় প্রভাৱ পৰাত নিমাই সদাগৰে কুলচীৰ ওচৰত থকা তিয়াঁমাৰী থানত আজিকোপতি বৰমান্নী বা মনসা পূজাৰ প্রচলন নিয়মিত ভাবে চলি আছে |
তাহানীৰ ৰাজা বাটত ৰাতিৰ শেষ প্রহৰত ৰজাক জগাই তোলা জাগৰণ বা জাগন বাদ্য আৰু দেৱালয়ৰ গোসাই জাগৃত কৰা ঢোল বজোৱা সুৰধ্বনি এনে ধৰণৰ---
টুক্ টুক্ টুক্ টুক্ টুক্ টুক্
গ্রিম গুৰু গেন্ গুৰু গেন্জং
চাং গুৰু গেনজং গুৰু গেনজং গ্রিম
চাং গুৰু গেনজং গুৰু গেনজং গ্রিম
টুক্ টুক্ টুক্
গুৰু গেনজং গ্রিম
টুক টুক টুক
গুৰু গেনজং গ্রিম
দেৱ দেৱীক দেৱালয় বা থানৰ পৰা লৈ যাওতে বা আদৰি আনোতে নাইবা ৰজাক আদৰি আনোতে আগবঢ়াই থবলৈ যাওতে বুলন বাদ্য বা বাট বুলনি বাদ্য় বজাইছিল এইদৰে ---
গেন গেন গেন গেন
গেনজং গেনজং
গেনেট টুঘ্রে গেন জম
চুং চুং চুং......ইত্যাদি |
আগলৈ•••••
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ