ভূমিকা আৰু প্ৰস্থিতি

©Admin
0
চহা জীৱন প্ৰিয়
অথচ সাক্ষীৰ অংশীদাৰীত্ব বিচাৰি
মই এপাক যাম বুলি ক'বলৈও ভয় !
আনদিনাৰ দৰে
প্ৰকৃতিয়ে নিস্বাৰ্থভাৱেই স্নেহপৰশ যাঁচিব ।
অভিমানৰ ওৰণি টানি
ক্ষণিকৰ উপস্থিতিত পাৰ্থিৱ সম্পদৰাজিয়েও 
কৰ্কশ স্পৰ্শানুভূতি জগাব ।
অৱশ্যে শ্বাশ্বত সুঘ্ৰাণৰ আমোলমোলত
উপেক্ষাবোৰ ডুব যাব আন্তৰিকতাৰ 
উশাহত ।
কিন্তু , অনুগ্ৰহ কৰি প্ৰাপ্তি-অপ্ৰাপ্তিৰ 
বীজগণিতীয় সমীকৰণবোৰৰ প্ৰসংগত
আপুনি মোৰ সৈতে মতবিনিময় নকৰিব ।
অন্যথা , সমন্বিতে কেনকৈ বজাই ৰাখিম 
ভূমিকা আৰু প্ৰস্থিতিৰ গুৰুত্ব 
কিম্বা তাৎপৰ্য !

📝হিমাশ্ৰী বৰা
তিনিচুকীয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)