সময়ৰ ইপাৰে সিপাৰে

©Admin
0
এখনি  বেগৱতী নৈ
জীৱনক চুই যোৱা  সময়।
এৰি অহা দিনৰ ছাঁত  জিৰাব  খোজোঁতেই ইপাৰে এচাটি বতাহে কোবাই যায়।
ফুলনিৰ ফুলবোৰ  মৰহি যোৱাৰ ক্ষণত  ৰদালিয়ে কৈ যায় কাণে কাণে ,
দোমোজাৰ আবৰণখন  গুচাই দৃঢ়তাৰ কঠিন শিলত ঘঁহি লোৱা মন,
হৃদয়ৰ সমস্ত অনিশ্চয়তা আৰু অস্হিৰতা পখালি সাজু হোৱা আকাঙ্খিত প্ৰাপ্তিৰ বাবে 
সময়ৰ সিপাৰে আছে আৰু এক  কঠিন পৰীক্ষা ।
শৰীৰৰ জঠৰতা, জড়া, ব্যাধি আঁতৰাই  সাজু হব লাগিব  নিজেই সমুখ সমৰৰ কূট কৌশল  ৰচিবলৈ!
নহলে কাল ধুমুহাই বিধ্বস্ত কৰিব আমাৰ   জিলমিল  সপোনবোৰ
আৰু সময় নদীৰ বলুকাত পৰি ৰ'ব  জীৱাশ্ম হৈ !!

📝ৰীতামণি বৰদলৈ  
 (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)