কৰোণা আতংকৰ খলকনিত মানৱ প্ৰাকৃতিৰ প্ৰেমত

©Admin
0

আতংক জনজীৱনৰ দুৰৱস্থা
ৰাজপথৰ ধুলি কণা শুই পৰিছে
বন্দীত্ব আৱাসীৰ আৰ্থিক
অনাটনৰ অভাৱগ্ৰস্ততা ।

ভোকৰ তাৰনাত খাদ্য
বিছাৰি হাহাকাৰ
জীৱ শ্ৰেষ্ঠ মানৱ যেন
আজি এক অচিনাকি প্ৰাণী ।

জুৰুলা হৈ পৰা সমাজ খনত
প্ৰাকৃতি আজি বিনন্দীয়া
দুৱৰী বনতো নাই ধূলিকণা
ধৰিত্ৰীৰ বুকুত ফুলিছে সুৱাসী ফুল ।

থৰ লাগি চায় থকা নিথৰ মোৰ চকু যুৰি
হৃদয় খন শাত পৰিছে হঠাৎ ম্লান হ'ব
প্ৰাকৃতিৰ সৌন্দৰ্য বোৰ এতিয়া যেন মই সৌন্দৰ্যৰ প্ৰেমত কিছু মূহুৰ্তৰ বাবে ।।


📝দিজু নিয়ৰ (ৰঙিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)