দক্ষিণ কামৰূপৰ পাতিৰাভা সকলৰ মাজত শ্রদ্ধা , ভক্তি আৰু আন্তৰিকতাৰে পালন কৰি অহা মাৰে পূজা বা মনসা পূজাত দেওধনীৰ উপস্থিতি একান্তই অৰিহাৰ্য | বহু পুৰণি কালৰে পৰা দক্ষিণ কামৰূপৰ পশ্চিম অঞ্চলত বসবাস কৰা পাতিৰাভা আৰু বড়ো সম্প্রদায়ৰ লোকৰ মাজত প্রচলিত মাৰে পূজা বা মনসা পূজাৰ উপৰিও অন্যান্য হিন্দু সম্প্রদায়ৰ মাজতো ঠাইবিশেষে আছে | মহাতীৰ্থ কামাখ্যা , মিৰ্জাৰ শ্রীশ্রী নিজেশ্বৰী থান , ৰঙামাটিৰ পাহাৰৰ দুধকুঁৱৰী থান, হুদুমপুৰৰ লাহেশ্বৰী থান , দখলা পাহাৰৰ শ্রীশ্রী বুঢ়াগোহাঁই থান , মনিয়েৰী তিনিআলিৰ বৰকঞা থান প্রভিতিতো মাৰে পূজা হয় | উক্ত থান সমূহত ভাদ মাহৰ প্রথম আৰু দ্বিতীয় দিনা মাৰে পূজা হয় | এইবোৰ ঠাইত পূজা উপলক্ষে মতা মানুহে নাচে | অবশ্যে আজি কালি মাইকী মানুহেও নচা দেখা যায় | নাচোঁতা সকলক দেওধা বা জঁকি বোলে | দেওধা বা জঁকি হোৱা মানুহক শিব, চণ্ডী, মনসা , কেঁচাইখাইতি প্রভৃতি দেৱতা বা দেৱীয়ে লম্ভে বুলি জন বিশ্বাস আছে | যি গৰাকী দেৱতা বা দেৱীয়ে লম্ভে সেইজনাৰ ঘোঁৰা বাহন স্বৰূপে তেওঁ জঁকে | সেই অনুসৰি ভগৱতীৰ জঁকী, মহাদেৱৰ জঁকী , কেঁচাইখাইতিৰ জঁকী , গণেশৰ জঁকী , প্রভৃতি নামাকপণেৰে দঁকীবোৰক আখ্যা দিয়া হয় | এই জঁকীবোৰক ঢোল-তাল, নাহাৰা প্রভৃতিৰে উত্তেজনাপূৰ্ণ বাজানা বজাই নচোৱা হয় | জঁকী বোৰে বাজানাৰ তালে তালে হাতত বেত , বলিকটা খৰ্গ প্রভৃতি লৈ তাণ্ডব মুৰ্তিৰে নাচে | এনে ধৰণে হোৱা জঁকীবোৰে স্বেচ্ছাই জঁকী হ'ব নোৱাৰে বুলি এটা লোকবিশ্বাস আছে | দেৱ-দেৱী সকলে হনো এমাহ কাল আগৰে পৰা জঁকী হোৱা জঁকী হোৱা মানুহজনক সপোন দেখুৱাব আৰু মানুহজনে সেইমতে তেকিয়াৰে পৰা পূজাৰ সময়লৈকে নিজ নিজ ইষ্ট দেৱতা বা দেৱীৰ থানৰ লগত সম্পৰ্ক ৰক্ষা কৰি নীতিননিয়মৰ মাজত সংজত হৈ থাকি ব্রত পালন কৰে | পূজাৰ কেইদিন পূজাৰ লগত সম্পৰ্ক ৰাখি জঁকী সকলে দেওধনী নাচে ব্যক্তিগতভাবেও কোনো কোনো লোকে মনসা পূজা পাতে | কিন্তু সকলোতে জঁকী বা দেওধনী নানাচে | আগলৈ•••
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ