উভটনি

©Admin
0
ফুটুকলা হাবিৰ মাজত
লুকাই লুকাই ওমলি ফুৰে
তাহানিতে এৰি অহা 
মোৰ শৈশৱ ।

চেচুঁৰ খন্দা বোকাময় আত্মীয়তাৰে
সময়বোৰ লুটিয়াও চাঁও ।
ভাগৰুৱা দেহাত পিন্ধি লওঁ
টেঙেচীয়া হেলচৰ ৰং...
(হেপাহৰ শৈশৱজোৰা আলতাবোৰ)।

নৈশব্দৰ সতে মোৰ সান্নিধ্যযে
শৈশৱমধুৰ উমাল গুণগুণনিৰে সিক্ত ।
বতাহৰ জয়ালতা ফাঁকে ফাঁকে বৈ আহি
সিহঁতে মোক চুই চুই সুখায় যায় 
নষ্টালজিয়াময় প্ৰতিটো সন্ধিয়া ।

মই মোৰ গমাৰি পুলিটোৰ
আশাৰঙী সেউজীয়াত
মোক সাচি ৰাখো ।
মোৰ জীৱনৰ অৰণ্যখনত
আঠবছৰীয়া বালিকা হৈ
উকাভৰিৰে দৌৰো।

 📝দেবাংগীতা, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)