বুৰবুৰণি

©Admin
0
এপিয়লা গৰম মচিবলৈ
      এপেগ কুঁহিয়াৰৰ ৰস  ৷
     এটা আমৰস কাটি
     কুৰুক্ষেত্ৰৰ যুদ্ধৰ সামৰণি 
      পাগঘৰত কুকুৰ সোমাল
     চৰু হাৰি ধুই
     এসাজ লঘোণ দি
     হবিচ খালো  ৷
     আৰু
     কুকুৰকে সাৰথি কৰি
     যুধিষ্ঠিৰৰ স্বৰ্গত প্রবেশ  ৷
      আমি গলো চুৱা
      আমাক এৰি সকলোৱে
      লগে ভাগে
       উদৰ পুৰাই খোৱা
       টকা থাকিলে লেটি পেটি
        নাই টকা খাবি ঘাটি
      আন লিমিটেড টকটাইমত
      খোৱা লোৱা ফুৰা চকা
       সকলোৱে ফ্রী  ৷

  📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)