পৰিচয়

©Admin
0

সাহিত্য-সংস্কৃতিৰ প্ৰেমিক মই
কবিতা,গীত মোৰ লগৰী;
নহওঁ চহৰীয়া ৰচকী পখিলী মই গাওঁৰ জীয়ৰী।
তাহানিৰ ৰীতি-নীতি,আত্মজীয়তা ! জীয়াই ৰাখিব খোজোঁ জেষ্ঠৰ আদৰতা।

গাওঁৰ জীয়ৰী,সপোন সুন্দৰী; সৰলতাৰে দিওঁ চিনাকি-নিভাজ প্ৰেমৰ যাত্ৰী আমি।
মাটিৰ মানুহ আমি মাটিয়ে ভাল,
চহৰীয়া হৈ নাপায় আহৰি;
উভতি পৰিচয় দিয়ে গাওঁলীয়া বুলি।

ধুমুহাই ভাঙি নিয়ে সপোনৰ মথাউৰি..!
নিগৰে দুধাৰেৰে আবেগৰ অশ্ৰুধাৰী....!
সমভাগী হৈ ফল আনো, পৰিশ্ৰমেৰে জীৱন গঢ়ো;
কৰ্মৰে চিনাকি দি গৌৰৱ কৰোঁ।

নদী মাতৃক আমি সেউজ পথাৰত লওঁ জিৰণি,
সোণবৰণীয়া সপোনবোৰে মেলে কলি;
গঢ় লৈ পুনৰ স্নেহৰ মিতিৰালি।
এয়াই আমাৰ প্ৰকৃতি, জাতি-জনগোষ্ঠীৰ মিলনভূমি।
    
  📝 জয়া বড়ি
(বোকাখাত/ৰজাবাৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)