জীৱনৰ সাধু-০২

Rinku Rajowar
0
আগকথা - উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••

   যি জনী তেজস্বিনীয়ে পুৱা মোৰ লগত ইমান ভালকৈ কথা পাতি খবৰ ল'ব পাৰিছিল সেইজনী তেজস্বিনী আজি বগা কাপোৰৰ আঁৰত কিয় শুই আছে? তেজস্বিনীৰ কাষেৰে পাৰ হৈ যাব পৰা নাছিলো৷ এক অচিনাকী ধূপৰ গোন্ধই মোক বেৰি ধৰিছিল৷ উশাহ লবলৈ কষ্ট হৈছিল৷ প্ৰতিচো নিশাহে যেন মোক কৈ গৈছিল...- এয়া হাৰ্টএটেক নহয়, অসম্ভৱ ৷

    অংকুৰ ভিনিদেউক বাৰে প্ৰতি সুধিবলৈ চেষ্টা কৰিছিলো সমগ্ৰ ঘটনাটো কেনেকৈ হবলৈ পালে৷ কিন্তু মোক অংকুৰে কোনো উত্তৰ দিব বিচৰা নাছিল৷ আমালৈ ভয় কৰিছিল নেকি নে লাজ কৰিছিল, নে কিবা এটা লুকুৱাব বিচাৰিছিল অংকুৰ আৰু সিঁহতৰ ঘৰখনে৷ তেজস্বিনীৰ দুজনী ছোৱালী যি অংকুৰৰো ছোৱালী, দস্তোৰমত পিতৃ হয় অংকুৰ সিঁহতৰ৷ কিন্তু কিয় অংকুৰে শেষ সময়কণত নিজৰ মাকৰ পৰা সিঁহতক আঁতৰাই ৰাখি বন্ধ কৰি থলে নিজান কোঠাত৷ অংকুৰৰ ঘৰখনৰ সেইদিনাৰ পৰিস্থিতিলৈ যদি উভটি যাওঁ তেন্তে এবাৰলেও নালাগিছিল যে,সেই ঘৰখনৰ পৰা অলপতে এজনী বোৱাৰী নোহোৱা হৈ গৈছে,এজনী বোৱাৰীৰ মৃত্যু হৈছে,এটা জীৱনৰ সাধুৰ শব্দবোৰ শেষ হৈছে৷  সেইদিনাৰ প্ৰত্যেকটো ঘচনাই মোক যেন কিবা এটা কবলৈ বিচাৰিছিল ৷ সেইদিনা তেজস্বিনীৰ মৃত্যুক সকলোৱে প্ৰসয় দিয়াৰ পৰিবৰ্তে অংকুৰৰ ঘৰৰ মানুহে মৃতদেহ দহনক লৈহে গুৰুত্ব দিছিল৷ কোনোৱে যদি খৰি-কাঠ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছিল আন কোনোৱে মৃতদেহ সৎকাৰৰ বাবে ৰাজহুৱা শ্মসান বিচৰাত ব্যস্ত হৈ পৰিছিল৷ সেই সময়ত অংকুৰ ব্যস্ত হব লাগিছিল তেজস্বিনীৰ মৃত্যুৰ কাৰণক লৈ, কিন্তু সকলোৱে মৃতদেহ সৎকাৰক লৈ গুৰুত্ব আৰোপ কৰিছিল৷ মইও এগৰাকী ডাক্টৰ, মইও বুজি পাওঁ এইবোৰ৷ কিন্তু মোক কোনেও সেইসময়ত তেজস্বিনীৰ হাৰ্টএটেক কেনেকৈ,ক'ত আহিছিল কোনেও কব বিচৰা নাছিল৷ মই মনৰ পৰা চূড়ান্ত হৈ পৰিছিলো এয়া স্বাভাৱিক মৃত্যু নহয়,এয়া এক নিশ্চিতভাৱে হত্যাকাণ্ড য'ত অংকুৰ আৰু সিঁহতৰ ঘৰখনো সম্পূৰ্ণ জড়িত হৈ আছিল৷

    তেজস্বিনীৰ সৰুৰে পৰা কোনো গধুৰ বেমাৰ নাই,মোতকৈ তাইক ভালদৰে কোনেও নাজানে৷ তেজস্বিনীয়ে সদায় মোলৈ দুবাৰকৈ ফোন কৰে, পুৱা আৰু নিশা ৷ পুৱা ১০ বজাত ফোন কৰিছিল মোক,কণ্ঠস্বৰ গতানুগতিক৷ কোনো তেনে বেমাৰৰ চিন শুনা পোৱা নাছিলো কণ্ঠত৷ মোকো এইটোও কৈছিল যে সিঁহত আজি মন্দিৰলৈ যাব৷ ফোনটো লাইনত থাকোতেই অংকুৰে মাত লগাইছিল "মই ওলালো,তুমি সোনকালে ওলোৱা" ৷ যি ওলাল ওলালেই,জীৱনৰ প্ৰাণবায়ু ওলাই গ'ল৷ নাই ই হাৰ্টএটেক হবই নোৱাৰে৷

     খুৰায়ে মোৰ মালৈ ফোন লগাইছিল ৷ বহু সময়ৰ পিছত  ফোনটো লাগিছিল ৷ নেটৱৰ্কৰ সমস্যা ৷ মা-দেউতা শোকত ভাগি পৰিছিল৷ মা দেউতাই খুৰাক কৈছিল- 'আমি গৈ আছোঁ, তাইক শেষবাৰৰ বাবে চোৱাৰ পৰা আমাৰ দৰে দুৰ্ভগীয়া পিতৃ-মাতৃক বঞ্চিত নকৰিবি৷"

    দুৰ্ভগীয়া?  মা-দেউতাই কোনসতে কৈ দিব পাৰিলে দুৰ্ভগীয়া বুলি৷ পাঁচবছৰৰ আগত গাঁৱৰ দুকঠা মাটি বন্ধকত থৈ তেজস্বিনীক বিয়া দিয়া, অংকুৰৰ ঘৰৰ মানুহে বিচৰা ধৰণেই যৌতুকৰ সকলো বস্তু দিয়া, বিয়াৰ পিছতো তেজস্বিনীয়ে লাগ বুলিলেই সকলো আনি দিয়া পিতৃ-মাতৃ কেনেকৈ দুৰ্ভগীয়া হব? 

     মই অংকুৰক কৈছিলো, মাত্ৰ আজি ৰাতিটোৰ কথা,অলপ সময় মাথোন৷ অলপ ৰৈ দিলে একো নহয়৷ মা-দেউতালৈ খুৰায়ে ফোন কৰিলে, খবৰ দিলে ৷ মা-দেউতা পুনে অভিমুখে ট্ৰেইনত উঠিল ৷ কোন পিতৃ-মাতৃৰ আশা নাথাকে যে নিজৰ জীক শেষবাৰৰ চিতাত তুলাৰ আগত এবাৰ হেঁপাহ পলুৱাই চোৱাৰ আৰু কোন পিতৃ-মাতৃয়ে জীৱনত এবাৰলৈ হবলেও ভাৱে যে নিজৰ জীৱন্ত কালত নিজৰ সন্তানক চিতাৰ জুঁইত কাহানিবা জ্বলি যোৱা দেখিব৷ প্লিজ অংকুৰ ৰৈ যোৱা৷
  চাৎকৈ মনলৈ আহিল যে মোৰ সমুখচ খুৰা থিয় হৈ আছে,চকু  তুলি চাই দেখিলোঁ,  খুৰাৰ মুখৰ উজ্জ্বলতা নিৰ্ব্বাপিত হৈছে, চকুৰ চাৱনিক ফুটি উঠিছে খুৰাৰ নিঃসহায় আৰু কিংকৰ্ত্তব্যবিমূঢ় ভাৱ ৷ ইফালে  মোৰ অনুৰোধ শুনি অংকুৰৰ কপালৰ শিৰ থোপ খাইছে, চকুৰ ভ্ৰুু সংকুচিত হৈছে, কিছুপৰ মোলৈ কেৰাহীকৈ চাই তেজস্বিনীৰ প্ৰতি থকা মোৰ হৃদয়ৰ আকুলতাখিনিক ঋণাত্মকভাৱে বুজিবৰ যত্ন কৰিছিল৷

     মৃত্যুৱে বিশেষকৈ প্ৰিয় আৰু আপোনজনৰ মৃত্যুৱে মানুহক ইমান শূণ্য আৰু অসহায় কৰি পেলাব পাৰে, এইবোৰ ভাৱনাৰ উদ্ৰেক ঘটাটো মোৰ দৰে ছোৱালীৰ বাবে সহজ যদিও সেই ভাৱনা দকৈ চিন্তিবলৈ মই বিচৰা নাছিলো৷ কিয়নো সেইসময়ত খুৰাৰ লগতে তেজস্বিনীৰ মৃত শৰীৰৰ সাহস বুলিবলৈ কেৱল মইয়ে আছিলো৷

     এইবাৰ হয়তো মোৰ সন্দেহবোৰ চূড়ান্ত হৈ পৰিছিল ৷ কিয়?  কিয়, অংকুৰ আৰু সিঁহতৰ ঘৰখন মা-দেউতা আহি পাবলৈও ৰৱ নোৱাৰা হ'ল ৷ অংকুৰৰ মুখত কেৱল এটা কথাই যে, ৰাতিৰ ভিতৰতে মৃতদেহ সৎকাৰ কৰিব লাগে ৷ অংকুৰৰ ব্যৱহাৰবোৰে বাৰে বাৰে মোৰ সন্দেহবোৰক উত্তেজিত কৰি তুলিছিল ৷ নাই এয়া হবই নোৱাৰে ৷ এজনী বোৱাৰীৰৰ মৃত্যু হৈছে, এজনী জীয়াৰীৰ মৃত্যু হৈছে ৷ সিঁহতে ক'লেই নহ'ব ৷ মা-দেউতা আহি নোপোৱালৈকে তেজস্বিনীৰ মৃত শৰীৰত অংকুৰ নহ'লে অইন কোনোবাই যদি জুঁই দিব বিচাৰে তেন্তে মই সিহঁতক জীয়াই জীয়াই জ্বলাই দিম৷ (আগলৈ)

🖋️দিব্যজ্যোতি ৰাজখোৱা (দেৰগাওঁ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)