সোণালী শৈশৱ-এক মিঠা অনুভৱ

©Admin
0

সমান্তৰালকৈ থকা শাৰী শাৰী চাঙঘৰবােৰ ।
আগফালে চোতালখন ।
গাওঁখনৰ এখনেই চােতাল ।
চােতালৰ কাষতেই নৈখন ।

নৈখনৰ  সিপাৰে বিৰিণাৰ আঁৰে আঁৰে
বগৰী গছৰ বুটা বছা ফুলনি খন !
অসংখ্য খাল-বিলেৰে ভৰা
গৰু-মহৰ চৰণীয়া পথাৰ ।
নামী-অনামী পখীৰ কাকলিত
মুখৰিত হৈ থাকে তাৰ আকাশ ।

খৰালি বতাহত ভাঁহি থাকে
সৰিয়হ ফুলৰ কেচাঁ গােন্ধ !
বগৰী ফুলৰ ৰেণু -আহঃ,  শস্য !

"শস্য-মৎস্য-বসুন্ধৰা" বোলা আপ্ত বাক্যশাৰী
ইয়াতে ৰজিতা খায় !!
ইয়াৰ ডাঠ - মহৰ গাখীৰৰ সৈতে 
বৰা চাউলৰ  লডা -লডা সান্দহৰ সোৱাদ !!

সিজোৱা আলু - ৰঙালাওঁৰ মিঠা সোৱাদ !
সৰুমামাই পথাৰৰ হাল সামৰি
লৈ আহা -তেলাল কাছ কণীৰ সোৱাদ ,
সেই সোৱাদ আজিওঁ  জিভাত লাগি আছে !!

আৰু মাছ ?
মাছেই মাছ, খালত মাছ, বিলত মাছ,
পুখুৰীত মাছ, নৈত মাছ, পথাৰত মাছ
মাছেই - মাছ !!!!

আৰু বগৰীৰ সোৱাদ ?
আজৰি পৰত মাহী-**মাঃমঃহঁতে ,
জলকীয়া-নিমখৰ টোপোলা লৈ
নৈখনৰ সিপাৰৰ চাপৰিত
বগৰী খাবলৈ যায় !
আমি সৰুবোৰেও উলমো  !!
বগৰীৰ টেঙা-মিঠা সোৱাদ বিছাৰি
ইজোপাৰ পৰা সিজোপা কৰােতে
বগৰী খোৱাওঁ নহয় - অনাওঁ নহয় !!!
উভতিবৰে হয় !!!!

প্ৰকৃতিয়ে নিজ হাতে
সমগ্ৰ সৌন্দৰ্য্যৰে গঢ়া - অতি মনোমোহা
সুষমা ভৰা, মায়া-মায়া লগা
এই গাওঁখনেই মােৰ "মাৰ" গাওঁ -
পাথৰিচুক গাওঁ, অাৰু ইয়াতেই
মােৰ শৈশৱৰ কেইটামান দিন
অতিবাহিত কৰিছিলো ।

শৈশৱৰ কেইটামান দিনৰ স্মৃতিয়েই
আজিও মােৰ সমগ্ৰ সত্তাক জীপাল
কৰি ৰাখিছে !!

নৈখনৰ কথা নক'লেচোন
মোৰ শৈশৱৰ স্মৃতি- গাঁঠা
আধৰুৱা হৈ ৰ'ৱ ।
মায়াবী নৈ খন !
নৈখনে খৰালি মৃত্যুৰ ভাওঁ লয় !!
বাৰিষাৰ প্ৰথম জাক বৰষুণত
পুনৰ প্ৰাণ পাই উঠে !!!

সৰ্পিল গতিৰে নৈখন আগবাঢ়ি  আহে
যেন মহাদেৱৰ জটাখুলি -
গংগা ধৰালৈ নামি আহিছে !!

তৰাং নৈখনত  আমি দুবাহু মেলি
দুচকু মুদি নৈখন অহালৈ
উন্মুখ হৈ ৰওঁ !!
পলকতে নৈখনে আমাৰ দুভৰি তিয়ায় !!
আহঃ !!!
পৰম প্ৰশান্তিত দেহ- মন ভৰি উঠে !!!!
সন্ধিয়ালৈ নৈখন আৰু বাঢ়ে,
আৰু নিশা (?) , নৈখন গাভৰু হয় ।
আৰু পুৱা (?) আৰম্ভ হয় আমাৰ
জলকেলি !
কেতিয়াবা নৈৰ বুকুফালি উজাই যাওঁ !
কেতিয়াবা নৈৰ পাৰে পাৰে খোজেৰে
বহুদূৰ আগুৱাই গছৰ ফেৰেঙনি বা
থিয় গৰাইদি নৈৰ বুকুত জাপ দি নিজকে
ভতিয়নি সোঁতত ভহাই দিওঁ !!

ৰ,দ পানী লাগি দেহে তাম বৰণ লয়
তথাপি আমাৰ তৃষ্ণা নপলায় ।
অপৰাহ্নত সোঁৱৰণীৰ পাতখিলা
ঈষৎ সেউজীয়া হৈ পৰে
আৰু হালধীয়া  হ'লে ?
নাই, আৰু ভাৱিব নোৱাৰি !

স্মৃতিবােৰে অগাদেৱা কৰে (ৰহ) !
ৰেহ ! অগা দেৱা নকৰ এটা এটাকৈ আহ !
শৈশৱৰ ৰং- ধেমালি, দুষ্টামিবোৰ
বাৰে বাৰে মনত পৰে !

*আবিৰ - আজন সকল ?
পঢ়াশালিৰ শেষত কৰা ৰংধেমালি _বােৰ,
আজি যদি  কুট -কুট,
কাইলৈ ধুপ,
আজি যদি দৰা-কইনা,
কাইলৈ বালি-ঘৰ ।

খৰাং নৈ বালিঘৰ সাজি থৈ আহো,
পুৱাই উঠি আকৌ এবাৰ
নিজৰ বালিঘৰ চাই আহোগৈ !
যদি, নিজৰ বালিঘৰ সুৰক্ষিত হৈ থাকে
ভাল কথা ,
আৰু যদি নাথাকে তেন্তে (?)
সকলোৰে তহলিং !!

অজুহাত পালেই কান্ধত- কান্ধ মিলাই
হাতত হাত ধৰি -গাৱঁৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰ্মুটিয়াই ফুৰিছিলো
লগৰীয়াে সতে আৰু কত' কি ?

আৰু মনত পৰেনে বান্ধৈসৱ (?) ,
চিম্ফৌৰ চুৰিয়াৰ পোন্ধ খোলাটো (?) ,
মনত পৰেনে বান্ধৈসৱ,
জাকে-জাকে  আমিবােৰে তা:তৰ*
পাছে -পাছে জুপ লওঁ !
এজনে পােন্ধটাে খোলাৰ পাছত,
পোন্ধটো আকৌ ঠিক কৰিবলৈকে নাপায়
আনজনে টানে
আকৌ আনজনে টানে!!
কিমান যে আমনি দিওঁ
আজি বেয়া লাগে
বেয়া নাপাবা তাঃতঃ* !!!
( বেয়া পালেই ছাগে এতিয়া আৰু উপায় নাই )
গধূলিৰ আগে আগে আগচোতাল সাৰি
দুভৰিৰে আল্পনা আঁকি
চোতাল শুৱনি কৰােঁ ।
গধূলি ঘৰমূৱা গৰুৰ জাকে
সকলো ঢাহিঁ -মুহি থৈ যায় !!
পিছদিনা আকৌ আঁকো
আকৌ পিছদিনা !
আকৌ পিছদিনা ......।

সন্ধিয়াৰ আগে আগে
আমাৰ পানী তোলাৰ কাম ।
দমকলৰ পাৰত  কাহ-পিতলৰ
ঘটি-লোটাবােৰ ঘঁহি -মাজি
সােণলৈ ৰূপান্তৰ কৰা
প্ৰতিযোগিতাহে যেন!!
নাঃনই*  "কয়" ৰ হাতত
পিতলবােৰ সোণ হৈ জিলিকে !!!
সচাঁই এক নান্দনিক দৃশ্যৰ সৃষ্টি হৈছিল !!

দমকলৰ মাৰিডাল আমি -ঢুকিকে নাপাওঁ
উভতা হৈ মাৰো !
সেয়ে আমি সভা পাতি
দমকলৰ পাৰতো ওখকৈ বান্ধি ল,লাে !!
( শ্ৰমদান, মহান দান । )
তাৰ পিছত আমাক কোনে পায় !!!
পখিলা নচাদি জাপ দি দি আজলী ভৰাওঁ!!!!

সন্ধিয়া লেম- চাকি জ্বলাই
আমি কিতাপ লওঁ ।
কিতাপ লৈ কিমান যে বৰশী বাওঁ ,
পিছে, মাছহে এটাও নাপাওঁ !
মাজতে থেকেচনিহে খাওঁ !!
(বীণা বাইদেৱে থেকেচে দেই)

আজৰি পৰত আউল লগা সূতাৰে,
(আমাক ভাল সূতা নিদিয়ে)
চেনাইলৈ বিহুৱান বোৱাৰ আদিপাঠ লওঁ !
কেতিয়াবা ইজুটিৰ পাছত সিজুটি বওঁ !!
কেতিয়াবা থেকেচি- মেকেচি
জাকৈ ভঙা দিওঁ !!!

লগৰ ছােৱালীবােৰৰ সকলোৰে নাম
লৈ শেষ কৰিব নোৱাঁৰো ।
আৰু ল'ৰাবোৰৰ 
তাহাঁতৰো নাম নলওঁ !
নিজে নিজেই বুজিৱ
একেটা শ্ৰেণীতে পঢ়ো
মাতবােল নকৰো !!
অথচ তাহাঁতৰ নিৰীক্ষণত থাকে,
কাক আজি শিক্ষকে কিহৰ বাবে কোব দিলে!!
বাটত পালে নেদেখাৰ ভাওঁ জুৰে !!
আৰু জাকত ?
কাক কাক পিটিলে -কিয় পিটিলে-
তাৰে বিহুনাম এফাঁকি গাব !!
আৰু কত' কি !!

তাৰে এজনে তোমাৰ -মােৰ নাম লৈ
গোৱা গীতৰ প্ৰথম চাৰি শাৰী
আজিওঁ বুকুত মিনা কৰি থোৱা আছে !!
(অনামী গায়কলৈ ধন্যবাদ)
কাৰোবাৰ নামটো জনা আছে যদি
ক'বাচোন ।
অহা ব'হাগত কৃতজ্ঞতাৰ চিন স্বৰূপে
বিহুৱান এখন যাচিম !!
আজি সময়ৰ সোঁতত সকলো ঘৰা-ঘৰি
হ'ল ।
কেতিয়াবা সমনীয়া ক'ৰবাত লগ পালে
ল'ৰালি কুৰুকী চাওঁ !!
লগ পালে মাথো সুধিব -
ছোৱালী বিয়া দিলানে ?
বোৱাৰী আনিলানে ?

ল'ৰালি লুকাল !!
"সোণালী  ল'ৰালি  উভতি আহ,
আকৌ এবাৰ তোক লিৰিকি-বিদাৰি চাওঁ" !!
 
     
বি: দ্ৰ:-- মিছিঙ শব্দৰ = অসমীয়া ভাঙনি
তলত দিয়া হ'ল
আবিৰ আজন = আত্মীয় লগৰী
তাঃতঃ = ককা
নাঃনই =খুৰী  বা মাহী
কয় = এজনী ছোৱালীৰ নাম
মাঃমঃ = বৌ

📝ৰূপা পেগু
ধেমাজি  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)