অহৃদয়ত হৃদয় বিছাৰি

©Admin
0




অৰূপ ধুনীয়া স্বাস্থ্যৰ ডেকা ল'ৰা ।  দেখাই - শুনাই ধুনীয়া । সি গ্ৰেজুৱেট   আছিল । কিতাপ পঢ়ি ভাল পোৱা ল'ৰাজনে বহুত চেষ্টা কৰিওঁ চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলে ।  সি নিজৰ বৰদেউতাকৰ ছােৱালী, 'নীতা'  ডাঙৰ বায়েকৰ লগত সকলো মনৰ কথাই পাতিছিল ।  বায়েক নীতাই লক্ষ্য কৰিছিল আজিকালি সি মন মাৰি থাকে ।
সদায় নিৰাশাৰ কথাহে কয় । সেই তজবজীয়া
সমাজপ্ৰিয়, অগ্ৰনী, জনপ্ৰিয় ল'ৰাজনে সামাজিক অনুষ্ঠানত আগৰ দৰে যোগদান নকৰা হ'ল ।
নীতা, মােৰ বান্ধৱী আৰু তাইৰ পৰাই সকলো কথা জানিব পাৰিছিলোঁ । কিন্তু, তাৰ দুখৰ আঁৰৰ কথাখিনি কোৱাৰ আগতে সিহঁতৰ পুৰণি দিনৰ কথাখিনি কৈ ল'ৱ লাগিব ।

    অৰূপহঁতৰ কাষৰ ঘৰতো - জীনাহঁতৰ ঘৰ আছিল । অৰূপ আৰু জীনা একে বয়সৰে আছিল । শিশু- শৈশৱৰে পৰাই দুয়াে  লজেন্চ এটা পালেওঁ ভগাই খাইছিল ।  আনকি স্কুলো সদায় একেলগে গৈছিল । জীনাই বৰষুণত পিছল খাই পৰিলেওঁ তাইক দাঙি অনাৰ পৰা বােকা গুচাই দিয়া সকলোবােৰ শৈশৱৰ পৰাই অৰূপে  কৰিছিল ।
জীনাৰ সকলো কথা অৰূপে গম পাইছিল আৰু অৰূপৰ হাত কাটিলে জীনাৰ হাত কটা হেন অনুভৱ কৰিছিল । শৈশৱৰ নিষ্পাপ মৰমবােৰ লাহে-লাহে  যৌৱনত ভৰি দিয়াৰ পাচৰ পৰা  প্ৰেমলৈ পৰিবৰ্তন হৈছিল ।
আনকি স্কুলৰ পৰা আহি দুয়াে একেলগে ভাতৰ কাহী আনি ভাত খাইছিল । দুয়ােৰে পৱিত্ৰ প্ৰেমক দুয়োঘৰে সহজ চকুৰে চাইছিল । আনকি গাৱঁৰ মানুহেওঁ কিয় জানো তেওঁলোকৰ প্ৰেমক সন্মান জনাইছিল ।
সকলোৱেই জানিছিল সিহঁতৰ মাজত বহুত প্ৰেম - ভালপোৱা অাছে । গাৱঁৰ কোনেওঁ বেয়া চকুৰে চোৱা নাছিল । সেই প্ৰেম শৈশৱৰ । সেই  প্ৰেম আছিল শিশুকালৰ পৰাই আছিল ।
সেই প্ৰেম শেষত ডেকা -গাভৰু বয়স হোৱালৈকে আছিল ।
তেওঁলোকৰ প্ৰেম আৰু ভাল পোৱা অটুত থাকিল । শিশুৰ পৰা যৌৱনপ্ৰাপ্ত অৱস্থালৈকে প্ৰেম - ভালপোৱাৰ বান্ধােন এৰা নাছিল । দুয়ো- দুয়োকে বৰ ভাল পাইছিল । অৰূপ আৰু জীনাৰ হৃদয় যেন এক অভিন্ন হৃদয়  আছিল ।
দুয়াে তেনেকৈয়ে গ্ৰেজুৱেট ডিগ্ৰী ল'লে । জীনাই চৰকাৰে পতা টেট পৰীক্ষা দিলে । অৰূপে সেই পৰীক্ষাত বহা নাছিল । জীনাই শিক্ষকৰ চাকৰি পালে । ঘৰৰ মানুহে তাইৰ বিয়াৰ কথা ভাবিলে আৰু ককায়েকে লগৰ বন্ধু এজনলৈ  জীনাক ধুমধামেৰে বিয়া দিলে ।
        প্ৰশ্ন ইয়াৰ  পৰাই আৰম্ভ হৈছে । জীনাই ইমান ভালপোৱা - প্ৰেম ত্যাগ কৰি কেনেকৈ ককায়েকৰ বন্ধু দিগন্তৰ লগত বিয়া হ'ব পাৰিছিল ??  সেই বিয়া আজি দহ বছৰ আগতেই হৈছিল ।
তেতিয়াৰ পৰাই অৰূপ মানসিকভাৱে ভাগি পৰিছিল আৰু জীৱনৰ প্ৰতি  আস্থাই হেৰুৱাই পেলাইছিল ।
ইমান দিনৰ প্ৰেম -ভালপোৱাক প্ৰত্যাখান কৰি
জীনা আনৰ হোৱা কথাটো ভাৱিলে অৰূপৰ মনত জীয়াই থকা - নথকা একেই যেনেই লাগে । জীনাই যেন অৰূপক হত্যা কৰি থৈ গ'ল । অৰূপ জীয়াই আছে যদিও - তেওঁ জীয়াই থকাৰ মনোবল  হেৰুৱাই পেলাইছিল ।  নিভাঁজ প্ৰেমক অতৃপ্ত কৰি এৰি থৈ গ'ল জীনাই । অৰূপে সপোন দেখিছিল, যিমান ডাঙৰ সমস্যাই নহওঁক -জীনাৰ লগত সংসাৰ কৰাৰ কথা । অৰূপে ভৱাই নাছিল জীনাই পৱিত্ৰ প্ৰেমক নেওঁচি,  ইমান সহজতে তেওঁক এৰি আন এজনক আপোনক কৰি ল'ৱ -- এই কথা ভাৱিলে অৰূপৰ হিয়া ভাগি যায় । সেই দুৰ্ব্বল হিয়া জীনাৰ বিয়াৰ পিছত - যি ভাগিল ভাগিল , আৰু সেই ভগ্ন হৃদয়ে হাঁহিব নাজানিলে । অৰূপৰ দুখ,  "জীনাই মােৰ চাকৰি নাই বাবেই মােৰ লগত বিয়া নহ'ল" ।
   যাক জীৱনৰ সৰ্ব্বোচ্চ দি ভাল পাইছিল - সেইজনে পৱিত্ৰ ভালপোৱাক ভৰিৰে মোহাৰি গুচি গ'ল । সেই দুখে অৰূপৰ হৃদয়খন গোটেই জীৱন খুলি খুলি খাইছিল ।
   সেই ভগ্ন হৃদয়ে কাকো জীৱনত আন এজনক পুনৰ  মৰম ভালপোৱা যাচিব নোৱাঁৰে । যি জন ল'ৰাই
আজি ভগ্ন হৃদয় এখন লৈ জীয়াই আছে জীৱন সংগ্ৰামত - তেওঁ মাথো জীয়াইহে আছে । দৰিদ্ৰতাৰ বাবেই জীনাক হেৰুৱালে - পৱিত্ৰ প্ৰেমক  ধনেৰে জুখিলে জীনাই ।
   অৰূপৰ হৃদয়খনত জীনাই আছিল । যদিও জীনা আতঁৰি গ'ল "জীনাৰেই" হৈ থাকিল। তাই কিন্তু বুজি নাপালে  । হৃদয়ত জীনা আছিল বাবে -এতিয়া হৃদয়ত আন কাকো স্থান দিব নােৱাৰে -আনক স্থান দিয়া অসম্ভৱ ।
জীনাই অৰূপৰ মনতো হত্যা কৰি থৈ গ'ল ।
এতিয়া এটা অহৃদয় লৈ জীয়াই আছে "অৰূপ" ।

      এদিন অৰূপ বাচৰ পৰা নামি চহৰৰ পৰা আহিছিল নিজৰ ঘৰলৈ আৰু জীনাক সেইখন বাচতে দেখিছিল । জীনাক দেখিলে তাইৰ শিৰৰ সেন্দুৰ নাই । হাতত এটা কেচুৱা । অৰূপৰ ফালে অসহায় চাৱনি এটা দি চাইছিল । অৰূপে মাত্ৰ খীণ চাৱনি এটা দিছিল । মাতবােল নকৰিলে । যিয়ে অৰূপৰ হাঁহিবােৰ ধুই থৈ গ'ল -তাৰ ওচৰত হাঁহিৰেই বা মূল্য কি ?? অৰূপ ঘৰলৈ গুচি আহিল ষ্টেচনৰ পৰা ।
পিচদিনা পুৱা জীনাই অৰূপৰ ওচৰলৈ আহিছিল । একো নহলেওঁ অৰূপে তাইৰ দুখৰ খবৰ লওঁক বুলি ।
তেতিয়া সকলো অভিব্যক্তি বুজি উঠি  অৰূপে জীনাক কৈছিল , " এতিয়া কিয় আহিছা মোৰ ওচৰলৈ । নাহিবা । এনেই হলেওঁ নাহিবা । মােৰ প্ৰেম ভালপোৱা নামৰ একো নাই জীৱনত , সেইবােৰ কাহানিবাই মৃত্যু হ'ল " ।
তুমি মোক হত্যা কৰি গুচি গৈছিলা । মােৰ হৃদয়ৰ মৃত্যু তেতিয়াই হ'ল । মই এখন অহৃদয় লৈ জীয়াই  আছাে ।
মােৰ হৃদয়ত তুমি আছিলা, তেতিয়া ।
এতিয়া কোনো নাই হৃদয়ত ।
এতিয়া , মােৰ হৃদয়ত প্ৰেমাে নাই ।
মােৰ মৃত হৃদয়ৰ ওচৰত আহি কি পাবা ।
মােৰ হৃদয় শূণ্য এতিয়া ।
"অহৃদয়ত হৃদয়" ,  বিচাৰি নাহিবা এতিয়া -।
বহুত দেৰি হৈ গ'ল - যেতিয়া বিছাৰিছিলো তুমি তেতিয়া আঁতৰি গুচি  গৈছিলা ।
অহৃদয়ত হৃদয় বিচাৰি নাপাবা, জীনা ৷৷

🖋️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)