ঠিক তেনেকৈ এদিনাখনৰ কথা খাদ্যৰ সন্ধানত এটা দল ইখন অৰণ্যৰ পৰা সিখন অৰণ্যলৈ ঘূৰি ফুৰি আছিল খাদ্য ক'তো বিচাৰি পোৱা নাছিল এইফালে প্ৰখৰ ৰ'দ শেষত ভোকত মুখ কাণ শুকাই ভাগৰি পৰিল দলৰ মুখিয়ালে ক'লে
" ইমান ঘূৰিলোঁ কিন্তু আহাৰ ক'তো বিচাৰি নাপালোঁ এনে লাগিছে যেন বনৰ ফলমূলৰ গছও শুকাই গ'ল আৰু জীৱজন্তুবোৰো মৰি গ'ল , ইমান প্ৰখৰ ৰ'দত জানো কিবা বাচিব সকলো ছাৰখাৰ হ'ল চাগে "
মুখীয়ালৰ বেদনাদায়ক কথা শুনি সৰু ল'ৰা এটাই ক'লে
" মহোদয় মন সৰু নকৰিব বন দেৱতাৰ ওপৰত বিশ্বাস ৰাখা তেখেতে নিশ্চয় আমাৰ ভোকৰ নিবাৰণ কৰাৰ ব্যৱস্থা কৰিবই গতিকে আমি সকলোৱে মিলি বন দেৱতাক প্ৰাৰ্থনা কৰোঁ আহক "
কণমানি ল'ৰাটোৰ এনে কথাই সকলোৰে মনত আশাৰ বন্তি জ্বলালে মুখীয়ালে সকলোকে আহ্বান জনাই ক'লে
" শিশুটোৰ কথা উত্তম গতিকে আহক একে লগে মিলি বন দেৱতাক প্ৰাৰ্থনা কৰোহঁক "
সকলোৱে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে
" হে বন দেৱতা আমি যদি কিম্বা ভূল কৰিছো বা তোমাৰ হানি কৰিছো তেন্তে অজানিতে কৰা ভুলৰ আমি ক্ষমাপ্ৰাৰ্থী আমাৰ ভোকৰ নিবাৰণ কৰা , হে বন দেৱতা তোমাক কৰিছোঁ আমি বন্দনা "
তাৰ পাছত সকলোৱে এজোপা প্ৰকাণ্ড গছৰ তলত বহি পৰিল ৷ কিছুসময়ৰ পাছত সকলোৱে গভীৰ নিদ্ৰাত গ'ল ৷ এনেতে সৰু ল'ৰাটোৰ বৰকৈ পিয়াহ লাগিল সি বহাৰপৰা উঠি বাকীসকললৈ চকু ফুৰাই দেখিলে আৰু মনতে ক'লে
" বেচেৰাহঁতে ভোক আৰু ভাগৰত শুই পৰিল , হব শুই থাকক মই জগোৱাটো উচিত নহব চাওঁচোন ওচৰেপাজৰে জান জুৰি আছে নেকি ? পিয়াহত ডিঙি শুকাই গৈছে "
এনেদৰে অকলে পানী বিচাৰি যোৱাৰ সিদ্ধান্ত লৈ ল'ৰাটো ওলাল ৷ কিছুদুৰ গৈয়ে এটা বিশাল পুখুৰী তাৰ দৃষ্টিত পৰিল ৷ সি উৎসাহত লৰালৰিকৈ পুখুৰীৰ পাৰত গৈ থিয় হৈ বন দেৱতাক ধন্যবাদ জনাই হাতৰে পানী একাজলি লৈ পি সি ভাৱিলে
" মইতো মোৰ পিয়াহ দুৰ কৰিলোঁ কিন্তু বাকীসকলৰো চাগে পিয়াহ লাগিব পাৰে নাই নাই সিহঁতলৈও পানী লৈ যোৱা উচিত হব কিন্তু সিহঁতলৈ পানী নিও কেনেকৈ একো পাত্ৰই মোৰ লগত নাই "
ক্ষণতেক নিৰৱে ৰৈ সি ইফালে সিফালে দৃষ্টি দিলে ৷ তাৰ চকত পৰিল ডাঙৰ ডাঙৰ আমি পাচলি হিচাপে খোৱা লাও সদৃশ্য শুকান খোলা ৷ সি খোলা এটাত পানী ভৰাই থাকোতে সৰু সৰু কেইটামান মাছ খোলাটোত সোমাই পৰিল সি খোলাটোত ভালকৈ মন কৰিলে
" এয়া কি জীৱ যি পানীত থাকিও মৃত্যু হোৱা নাই , আজিলৈকে মই দেখা মতে পানীত পৰি বহুতো জীৱৰ মৃত্যু হৈছে "
সি মাছ এটা হাতত লৈ লিৰিকিবিদাৰি চাই আকৌ ভাৱিবলৈ ধৰিলে
" অ এই জীৱটো দেখােন মোক কামৰা নাই আৰু ইমান কোমল দেহৰগৰাকী এনে লাগিছে খাই দিওঁ খাই দিওঁ "
কিছুপৰ লিৰিকিবিদাৰি সি খাই চোৱাৰ ঠিৰাং কৰিলে
" খাই চাওঁচোন যি হব হব পিছত দেখা যাব এতিয়া মোৰ ভোক দুগুণে বাঢ়িছে "
সি এডোখৰ খাই চালে আৰু নিজকে ক'লে " বাঃ কি স্বাদ গোটেইকেইটা খায়ে পেলাওঁ "আৰু মাছৰ সুৱাদ পাই ল'ৰাটোৱে পেটভৰাই কেঁচা মাছ খাই পেলালে কাৰণ সেই সময়ত জুইৰ আৱিষ্কাৰ হোৱাই নাছিল বাবেই আদিম মানুহে কেঁচাকৈয়ে খাদ্য খাইছিল ৷
তাৰ পাছত সি এটা খোলাত মাছ আৰু আন এটা খোলাত পানী লৈ ৰংমনে গছৰ তলত পালেগৈ আৰু সকলোকে টোপনিৰপৰা জগাই সি আৱিষ্কাৰ কৰা নতুন খাদ্য পানীৰ সৈতে খাবলৈ দিলে ৷
এতিয়া বাকীসকলে হাতে হাতে মাছ লৈ ল'ৰাটোক সুধিলে
" এয়া কি বিচিত্ৰ খাদ্য ? " ল'ৰাটোৱে উৎসাহ মনেৰে ক'লে " আপোনালোকে নিৰ্ভয়ে খাই চাওক তাৰ পাছত মোক কব " সকলোৱে মাছ খাই তৃপ্তি লভিলে আৰু সিহঁতৰ ভোকও নোহোৱা হ'ল শেষত মুখীয়ালে সিদ্ধান্ত ল'লে যে
" এই জলচৰ প্ৰাণীটো আজিৰ পৰা আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হ"ল "
সকলোৱে বন দেৱতাক এই কৃপা কৰাৰ বাবে ধন্যবাদ জনাই কিছডা°দিন এই অৰণ্যতে থকাৰ সিদ্ধান্ত ল'লে ৷ আৰু এনেকৈ মাছ আমাৰ মাজত খাদ্য হিচাপে জনপ্ৰিয় হৈ পৰিল ৷ বৰ্তমান ঠাই ভেদে মাছৰ নাম ভিন্ন যেনেঃ- ভাৰতবৰ্ষত মছলী ( হিন্দী ) ভাষাত , অসমত মাছ ( অসমীয়া ) ভাষাত আৰু আমেৰিকা আদি দেশত ফিছ ( ইংৰাজী ) ভাষাত ৷
গতিকে মাছৰ নাম যিয়ে নহওক ভিন্ন প্ৰজাতিৰ মাছৰ ভিন্ন ধৰণৰ সুৱাদ যি আমি জুতি লগাই খাওঁ আৰু মাছৰ পৰা ভৰপুৰ পৰিমাণে প্ৰটিন আমাৰ দেহে লাভ কৰে ৷
সমাপ্ত
জাননীঃ - অহাটো দেওবাৰে আদিম যুগত জুইৰ আৱিষ্কাৰ কেনেকৈ হ'ল কাহিনী আকাৰে জানিবলৈ পাব )
📝দুুুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ