মই বিয়া হ'ব নিবিচাৰো

©Admin
0


অ' পিতাই মই বিয়া হ'ব নিবিচাৰো 
তহঁতে মোক বিয়া নিদিবি।
মই তহঁতক এৰি কেনেকৈ থাকিম পিতাই
তহঁতি জানো পাৰিবি মোৰ অবিহনে থাকিব?
আই, তই পিতাইক বুজাচোন
নতুন ঘৰ নতুন মানুহ
মই পাৰিম জানো আদৰি ল'বলৈ।
মই আদৰি ল'লেও সিহঁতে জানো মোক আদৰি ল'ব।
পিতাই মোক দিলে তই মাজনী বুলি কাক মাতিবি
মোক বিয়া নিদিবিচোন পিতাই।
মই তহঁতৰ লগতে থাকিম
তহঁতৰ মৰমৰ পুতলা জনী হৈ।

অ' আই, তই ৰন্ধা ভাত মুঠি খাই বৰ তৃপ্তি পাঁও।
বিবাহ এক সামাজিক নিয়ম
মই জানো!কিন্তু?
তহঁতক এৰি যাবলৈ বৰ ভয় লাগে অ'
বৰ ভয় লাগে।

পিতাই তই তেজক পানী কৰি গুটোৱা টকাৰে মোক যৌতুকৰ বস্তু দিব নালাগে।
তই চন্দুকত ৰখা সাঁচতিয়া টকাৰে মোক বিয়া দিব নালাগে।

মোক বিয়া নিদিবিচোন পিতাই।
মই তহঁতৰ মৰমৰ মাজনী হৈ থাকিব বিচাৰো 
নতুনক আপোন কৰি তহঁতক পাহৰিব নোখোজো
পিতাই মই বিয়া হ'ব নিবিচাৰো।
মোক বিয়া নিদিবি পিতাই 
মোক বিয়া নিদিবি।

দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)