ৰুণজুন (খণ্ড-১৮) ধাৰাবাহিক উপন্যাস প্ৰতি বৃহস্পতিবাৰে

Rinku Rajowar
0
ৰুণে ভাৱি আছিল , মা হঁতৰ ঘৰলৈকাে বহুত দিন যোৱা নাই।
কাইলৈ এপাক গৈ আহাে ।
ভনীৰাে ছােৱালী এজনী জন্ম হ'ল খবৰ ল'বলৈ যাৱ পৰা নাই । তাই থাকে বঙাইগাৱঁত, অকলে যোৱাতাে অসুবিধা ।পাছত ফােনতে খবৰ ল'ম আৰু ।
    সেইদিনা ৰুণ গৈ মাকৰ ঘৰ পালেগৈ । মাক - দেউতাক অলপ বুঢ়া হৈছে, তথাপিও নিজৰ কাম কিছুমান নিজেই কৰি আছে ।
  মাকে নাতি দুটাৰ কথা সুধিলে আৰু ৰিহণ আজিকালি নহা হ'ল কিয় বুলি প্ৰশ্ন কৰিলে । ৰুণে ক'লে,"মা তেওঁ ভীষণ ব্যস্ত -ঘৰত থাকিবলৈ সময়েই নাপায় আৰু আজিকালি বিচনেচত অলপ ঢিলায় দিলেই  লােকচান হয় সেইবাবে আৰু তেওঁ দিল্লীতহে কৰি আছে।
মাকে," তথাপিওতাে অলপ সময়ৰ কাৰণে আহিব পাৰে বুলি ক'লে । কিমাননাে দূৰ ।
দেউতাকে সিমানকৈ ধৰা নাই । এইবাৰ আহিলে লৈ আহিবি, সকলােকে বুলি ক'লে ।
  তিৰােতা মানুহৰ মনৰ উপলব্ধিবােৰ বেচি সিয়ান ।
ৰুণৰ মাকে কথাতাে  অনুভৱ কৰিছে ।
  ৰুণে নিজেও কথাতাে ইমানকৈ ভৱা নাছিল ;  কিন্তু, মাকৰ কথাখিনি শুনাৰ পিছত তাই নিজে উপলব্ধি কৰিলে - কথাষাৰ
নিজে এবাৰ বিশ্লষণ কৰিলে - আৰু ভাবিলে," অলপ অলপ কথাতাে হয় নেকি (?) , তেওঁ যেন কামৰ তাৰণাৰ বাদেও অলপ আতৰিবও লাগিছে নেকি (?) বা কাৰণ কি  (?) নিজৰ মানুহৰ মাজৰ পৰা । ৰুণে কথাখিনি ভাবিহে থলে যে," পিছত ঘৰত গৈ ভাবিম দকৈ " ।
  দেউতাকৰ মৰমৰ -জী ঘৰ ওলাইছেহি  কি খাবি , কি অনাও এইবােৰত ব্যস্ত হৈ গ'ল । ৰুণে, মাকৰ  ঘৰৰ  ভাত বৰ তৃপ্তিৰে খালে আৰু মাক দেউতাকৰো মন ভৰি পৰিল ।
   ৰুণৰ মাকে কোৱা কথাখিনিহে বেছিকৈ বিশ্লেষণ কৰিবলৈ মন গ'ল মনে মনে । তাতে কিন্তু মাক-দেউতাকক তাই অনুভৱ নকৰা হেন দেখুৱালে ।  আবেলি ৰুণ নিজৰ ঘৰলৈ বুলি উভতি আহিল ।
## গধূলি চাকি বন্তি জ্বলাই উঠি চাহ - তাহ খাই উঠি ৰিহণলৈ ফোন লগালে নিজৰ মােবাইলৰ পৰা । কিন্তু, ফােন ধৰা নাই । কিয় নাজানাে । মায়ে কােৱা কথাষাৰ তেতিয়াৰে পৰা বেছিকৈ মন কৰিবলৈ ললে," হয় , আজিকালি মােলৈয়াে কমকৈ ফােন কৰে "।  কেতিয়াবা ৩ বা ৪ দিনমানাে বিনা ফােনত থাকে। ভিতৰি ভিতৰি মনতাে বেয়া লাগি থাকে । কিন্তু কবলৈয়াে কােনাে ৰাস্তা নাই -  সুধিলে ব্যস্ত বুলি কব, আৰু মই লাজ পাম ।
     মনত চিন্তাৰ বীজ এটা সেইদিনাখনৰ পৰা সোমাবলৈ ধৰিলে ।  কিন্তু , শুধাৰ একাে বাট বিছাৰি নােপোৱাৰ কাৰণে মনে মনে থাকিব লগীয়া  হৈছিল ।
আলেঙে- আলেঙে তেওঁৰ কাম কথা-বতৰা লক্ষ্য কৰিব লাগিব বুলি ভাবিলে । কি হ'ব , এইবােৰ কথা হঠাৎ  শুধিবলৈকাে বেয়া ।
ৰাতি মনতাে অশান্তি কৰি  বিচনাত  বাগৰি থাকিল ।
----- আগলৈ--------

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)