এখন ছবি

©Admin
0
শেষ হৈছে প্ৰতিটো অভিমান এই সীমাতে
সৃষ্টিশীলতাত যে কেৱল মোৰেই অধিকাৰ নহয়
প্ৰকৃতিৰ কোলাত যি এসোপামান সমগ্ৰ
তাৰেই ধাৰ কৰি অনা কেইটোপাল মান মুকুতা
যন্ত্ৰযুগৰ অন্য এটা যন্ত্ৰ
কেমেৰা!
য'ত আবদ্ধ হয় শিল্পৰ প্ৰতিটো মূহুৰ্ত
সৌন্দৰ্য্যই নিজকে নৱ নৱ ৰূপত আঁকি থকাৰ সুযোগত
তাইৰ অন্যমনস্ক অনুৰাগবোৰ, অনুভৱবোৰ
হয়! কোনেনো ভাল নাপাঁও বুলি কয়

কেৱল প্ৰকৃতিয়ে নহয়
যন্ত্ৰবোৰেও ইয়াত কথা কয়
কান্দিবও জানে
হাঁহিবও শিকিছে
বহুধৰণে খেলাও মই দেখিছো
এখন ছবি
ছবি মাথোঁ
য'ত পখিলাজনীয়ে দুবাহু মেলি সমগ্ৰ সুবাস আঁকোৱালি ল'ব খোজে
এখন মাটিবিহীন ট্ৰাকে তাইক এপলক নাচাই নোৱাৰে
চকুত তাৰ অৰ্ধপ্ৰকাশিত হাঁহি

কৰ'বাত মাছ সিঁচি থকা এজাক মাটিৰ মানুহে যদি আমাক ব্লেক এণ্ড হোৱাইট যুগৰ
ক্লাচিক এখনলৈ উভতাই নিয়ে
আন কৰ'বাত হেডফোনত গান শুনি বা থকা কোনো একৈশ শতিকাৰ যুৱকে
গতিশীলতাৰ আভাস দিয়ে
এটা এক্সিডেন্ট আৰু তাৰ বৰ্বৰতা
এখন সমাজ আৰু তাৰ নিষ্ঠুৰতা
সি সঁচা কথা কয়
ঠিক এক কবিতাৰ দৰে
সি সাঁচি থয়
ঠিক কোনো ৰহস্যৰ দৰে
আৰু মই প্ৰতিবাৰেই বলিয়া হওঁ
য'তবাৰেই তাৰ সৃস্টিবোৰৰ সম্মুখ পাঁও
নৱ নৱ ৰূপত তাক আৱিস্কাৰ কৰোঁ
হয়তো নহয় সি মাথোঁ এখন ছবি
সি কোনো অন্তবিহীন সৃষ্টি

📝উৎপল কুমাৰ তাঁতী, 
       সোণাৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)