মাটিৰ হিচাপ

©Admin
2

মাটিৰ হিচাপ জনাতো অতিকৈ দৰকাৰী। সোণৰ দাম উঠা নমা হৈ থাকে। কিন্তু মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে। আজিকালি মাটিৰ লেন দেন বহুত হয়।সকলোৰে মাটিৰ জোখৰ কমেও সাধাৰণ ধাৰণা খিনি জানিব লাগে। বহুতেই মাটি-বাৰী সম্পৰ্কীয় লেঠাত সোমাবলৈ ইচ্ছা নকৰে ৷ কিন্তু কেতিয়াবা কোনোবা এদিনতো ইয়াৰ মুখামুখি হবই লাগিব!! গতিকে থোৰতে মাটিৰ জোখৰ হিচাপটো আলোচনা কৰো আহক ৷ জনাবোৰে নপঢ়িলেও হ’ব ৷         

পুৰণি বা বৃটিছ পদ্ধতি-    চৰকাৰীভাৱে এইটো পদ্ধতি অচল যদিও আমাৰ মাজত আজিও ই জনপ্ৰিয় পদ্ধতি।এই নিয়মমতে-
12 ফুট=1 নল
144 বৰ্গফুট    = এক লেচা মাটি=1নল×1নল (মানে 12 ফুট×12 ফুট   বা 6ফুট×24ফুট ইত্যাদি)
20 লেচা=1 কঠা=20×144=2880 বৰ্গফুট,
100 লেচা=5 কঠা=1বিঘা=100×144=14400 বৰ্গফুট,
গতিকে, 1বিঘা=14400 বৰ্গফুট,
আকৌ 4 বিঘা=1পুৰা=4×14400=57600 বৰ্গফুট,
এক একৰ= 3 বিঘা 2.5 লেচা,
এক হেক্টৰ=107639.1042 বৰ্গফুট।।।
মনত ৰাখিব, হিচাপবোৰ ফুটত কৰা গৈছে যদিও বৰ্গমিটাৰতো নিব পাৰি। মনত ৰাখিলে হ'ল এক ফুট=0.3048 মিটাৰ।এনেকৈ হিচাপ কৰিলে এক বিঘা মাটিত 1337.80 বৰ্গমিটাৰ হ'ব। তাৰমানে 1337.80 বৰ্গমিটাৰ (37.576 মিটাৰ×37.576 মিটাৰ) মাটি মানেও এক বিঘা মাটি।।।

উদাহৰণঃ ধৰাহ'ল এডোখৰ মাটিৰ পূবদিশৰ দৈৰ্ঘ্য 60 ফুট,উত্তৰ দিশৰ দৈৰ্ঘ্য 20 ফুট.পশ্চিম দিশৰ দৈৰ্ঘ্য 50 ফুট আৰু দক্ষিণ দিশৰ দৈৰ্ঘ্য 40 ফুট। মাটি কিমান আছে আমি উলিয়াব পাৰো এনেকৈ-
পূব আৰু পশ্চিমৰ দৈৰ্ঘ্যৰ গড়=(60+50)÷2=55 ফুট
তেনেকৈ উত্তৰ আৰু দক্ষিণৰ দৈৰ্ঘ্যৰ গড়=30 ফুট
এতিয়া, মাটিখিনিৰ কালি=55×30=1650 বৰ্গফুট
আমি যদি লেচালৈ নিব লাগে 144 ৰে হৰণ কৰি দিলেই হ'ল। গতিকে মুঠ মাটি হব=1650÷144= 11.45 লেচা
গতিকে মুঠ মাটি হ'ল= 11 লেচা 65 বৰ্গফুট(যিহেতু 
.45×144=65).
এটা কথা মনত ৰাখিব লাগিব যে মাটিখিনিৰ আকৃতি কেনেকুৱা-বৰ্গাকৃতিৰ হ'লে বাহু×বাহু, আয়তাকাৰ হ'লে-দীঘ×প্ৰস্থ, ত্ৰিভূজ আকৃতিৰ হলে আকৌ বেলেগ হ'ব ইত্যাদি।

আন এটা প্ৰশ্নঃ দুই বিঘা, এক কঠা আৰু দুই লেচা মাটি তিনিজনৰ মাজত ভগালে এজনৰ ভাগত কিমানকৈ মাটি পৰিব?
উত্তৰঃ আমি জানো যে, 2 লেচা=2×144=288 বৰ্গফুট
এক কঠা=20 লেচা=144×20=2880 বৰ্গফুট
তেনেদৰে, দুই বিঘা=2×144×100=28880 বৰ্গফুট
গতিকে,
 মুঠ মাটি=288+2880+28880=31968 বৰ্গফুট
সেয়েহে 
এজনৰ ভাগত পৰিব=31968÷3=10656 বৰ্গফুটকৈ
               
চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতি- এইটো চৰকাৰীভাৱে এতিয়া প্ৰচলন গৈ থকা পদ্ধতি। এই পদ্ধতিমতে-
100 বৰ্গ মিটাৰ = 1 আৰ্=100 চেন্টিআৰ্

উদাহৰণ হিচাপে যদি আমি এক পুৰা মাটিক চৰকাৰী হিচাপত নিব লাগে, তেতিয়াহ'লে-
 প্ৰথমতে 1 পুৰাক বৰ্গফুটলৈ নিব লাগিব ৷ তাৰ পিছত সিমান বৰ্গফুটক বৰ্গ মিটাৰত কিমান হ’ব হিচাপ কৰিব লাগিব ৷
এই পদ্ধতিতঃ 
এক লেচা মাটি =  0.134 আৰ্
দহ লেচা   =  1.34 আৰ্
পোন্ধৰ লেচা   =  2.01 আৰ্
এক  কঠা   =  2.68  আৰ্
এক  বিঘা   =  13.4  আৰ্ ইত্যাদি।।

সংগ্ৰহ

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Jani bohut val lagil,thank you so much

    ReplyDelete
  2. চাৰ আপুনি মোৰ মোৰ মাটিৰ তথ্যখিনি জনাব
    দিঘলীয়া 125 ফুট
    বহল 6 ফুট
    মুঠ 750 বৰ্গ ফুট হয় ।
    চাৰ জনাব মোৰ মাটি কিমান লেচা।
    মই ওলাবলৈ পৰা নাই ।

    ReplyDelete
Post a Comment