পাতলীয়া ছাঁ

©Admin
0

    য'ত দেখিছিলো এদিন
অকলশৰীয়া এটি ছাঁ ।
সেই ছাঁ হাততেই ৰৈ গ'ল,
আকাশ আৰু দুহাতৰ ফুল !
উচুপনি বোৰ ৰৈ গ'ল, 
ৰৈ গ'ল ছিটিকি পৰা হাঁহিবোৰ ।
ৰৈ গ'ল সেই ঠাইতে স্বয়ং নিৰ্বাসিত সময় বোৰ।
ৰৈ গ'ল পাতলীয়া বৰষুণজাক,
সন্ধা আকাশৰ বগলী এজাক ।
ৰৈ গ'ল প্ৰকৃতিৰ পাতলীয়া হাঁহি বোৰ,
লুকাই গ'ল মেঘৰ আঁৰে আঁৰে 
পশ্চিমীয়া ৰঙা বেলিৰ কিৰণ বোৰ ।
অপেক্ষা বুলি কোনো কথাই নাথাকিল,
নাথাকিল দুচকুৰ তিৰবিৰণি ।
য'ত এদিন এৰি থৈ আহিছিলো এটি ছাঁ ।
সেই ছাঁ এন্ধাৰত হেৰাই গ'ল,
বিচাৰি চাবলৈ নাথাকিল পোহৰ ।
ৰৈ গ'ল দুচকুৰ হাঁহি, ওঁঠৰ সুহুৰি, আঙুলি বোৰ।
ৰৈ গ'ল, আধা আঁকা ছবি এখনত !
স্মৃতি কাতৰতাত ডুব গ'ল বুকু,
উজাই আহিল পুৰনি শোক এটা ।
য'ত এদিন এৰি থৈ আহিছিলো তোমালোকক ।
তাৰ পৰানো কেতিয়া আহিছিলো,
কেতিয়া চুলোহি, নিজৰ আঙুলি, নিজৰ মাত,নিজৰ ইচ্ছা।
এটা ছাঁ সতে নাইকিয়া হৈ গ'ল ।
পাতল ডাৱৰ পাতল কুঁৱলীৰ মাজেৰে সৰকি গ'ল, 
সকলো শুভ কামনা মোৰ আধৰুৱা হৈ ৰ'ল,
য'ত এদিন সপোন দেখিছিলো ।
  
 📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)