আপুনিও ঘৰতে বহি সহজে ধন উপাৰ্জন কৰিব বিচাৰে নেকি ?

©Admin
0
আমি সকলোৱে অবগত যে ইতিমধ্যে ৫৯টা চাইনিজ এপ ভাৰতবৰ্ষত নিষেধ কৰা 
হৈছে ৷ এই ৫৯ টা এপৰ ভিতৰত আটাইতকৈ বেছি জনপ্ৰিয় এপ আছিল টিকটক নামৰ এপটো ৷ এই টিকটক এপত ভাৰতৰ লাখ লাখ লোকে ব্যৱহাৰ কৰিছিল তাৰমানে লাখ লাখ ভাৰতীয় একাউণ্ট চাইনিজ টিকটক কোম্পানীৰ হাতত ৷ এই একাউণ্টবোৰকে হেক কৰি Tik tok pro নামেৰে এপ এটাৰ লিংক আপোনাৰ মবাইলত পঠিয়াইছে ৷ গতিকে সাবধান হওক আৰু ভুলতো এই লিংকত চাইনআপ নকৰিব ৷ আনহাতে আন এটা চাঞ্চল্য সৃষ্টি কৰা ঘটনাটো হ'ল On line Earn money অৰ্থাৎ অনলাইন যোগেদি টকা উপাৰ্জন কৰক ৷ বৰ্তমান কৰ'না ভাইৰাছৰ ফলত দেশজুৰি লকডাউনৰ স্থিতি চলি আছে ৷ এই লকডাউন দীঘলীয়া সময় ধৰি চলি থকাৰ বাবে মানুহৰ আৰ্থিক সমস্যাই দেখা দিছে ৷ এই পৰিস্থিতিৰ সুবিধা লৈছে কিছুমান বিদেশী Earn money apps য়ে ৷
যিহেতু যুৱক যুৱতীয়ে ঘৰৰ সমস্যা সহিব নোৱাৰি কামৰ অনুসন্ধানত আছে সেই সময়তে এই বিদেশী Earn money apps য়ে চছিয়েল মিডিয়াৰ সহায়ত কিছুমান লিংক মবাইলত পঠিয়াই দিছে ৷ কিন্তু আচৰিত হবলগীয়া কথা হ'ল যে এইবোৰ Aps Goggle Play store ত পোৱা নাযায় ৷ কেৱল মাত্ৰ লিংকৰ দ্বাৰাহে চলে এই ব্যৱসায় ৷ এই লিংকত গৈ নিজৰ তথ্যসহ একাউণ্ট নম্বৰ আৰু ৫০০ ৰ পৰা ৫০০০ লৈকে পইচা পঠিয়াব লাগিব ৷ তাৰপাছত এই লিংক অন্যলৈ পঠিয়াব লাগে অন্যেও তেনদৰেই লগ ইন কৰি তথ্য , বেংক একাউণ্ট নম্বৰ টকা আদি পঠিয়াব লাগে ৷ অৰ্থাৎ একপ্ৰকাৰে চেইনৰ দৰে এজনৰ পাছত আনজন এই On line Earn money এপত সংযোগ কৰি গৈ থাকিলে ৷ অৰ্থাৎ যিমান পৰিমাণে মানুহ লগ ইন কৰি গৈ থাকিব সিমান পৰিমাণে  টকা দিয়াৰ ভাৱুকি দিয়ে এই বিদেশী On line Earn money apps বোৰে ৷
এই সকলোখিনি কিছুদিনলৈকে সুন্দৰভাৱে চলি গৈ থাকিব কিন্তু অলপ দিনৰ পাছত হঠাৎ লিংকে কাম নকৰা হব আৰু চাৰভাৰ ডাইন দেখােৱাব ৷ যিসকলে এই On line Earn money apps ধন পঠিয়াইছিল সেইখিনি নিজৰ বে’ক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিলে ট্ৰান্সফাৰ নহব ৷ আৰু এনেদৰে বিদেশী On line Earn money aps বোৰে  বহতো ধন দিয়াৰ সপোন দেখােৱাই  মিছা প্ৰবঞ্চনাত পেলাই আনৰ কষ্ট ধনেৰে ধনী হৈ আছে ৷ এনেধৰণৰ বহুতো ঘটনা আমাৰ আশেপাশে ঘটি আছে মোৰ কেইবাজনো বন্ধু এই বিদেশী On line Earn money apps ৰ প্ৰবঞ্চনাৰ বলি হৈ নিজৰ ভাগ্যক ধিয়াই আছে ৷ হ'লেও একো লাভ নাই On line Earn money apps ত দিয়া ধন কাহিনীও উভটাই নাপায় ৷ গতিকে আপুনিও সজাগ সচেতন হওক আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰি 
বিদেশী On line Earn money apps ৰ  মিছা প্ৰবঞ্চনাৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা কৰক ৷ কাৰণ এতিয়ালৈকে জানিব পৰা নাই যে এইবোৰ 
On line Earn money apps ৰ পৰিচালক কোন  আৰু ক'ত  এই কোম্পানীৰ ক'ত ঠিকনা কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰন গতিকে এদিন এই ৰহস্য ভেদ হবই তেতিয়ালৈ সকলোৱে সুৰক্ষিত থকাটো বাঞ্ছনীয় ৷ 


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)