লিপষ্টিক ভালপোৱা ছোৱালী জনী

©Admin
0
শৈশৱতেই হেৰুৱা তাই হাঁহিটোত
নতুন সপোন এটাই সাৰ পালে
পখিলা খেদাৰ বয়সত
তাই গাত আছিল
কাৰোবাৰ এযোৰ পৰিত্যক্ত কাপোৰ
ঘৰৰ আৰু পঢ়াৰ বোজাত
দুই কান্ধ তাইৰ মজবুত
আবেলি আবেলি মোৰ দোকানলৈ আহিছিল
বস্তুৰ লগতে কেতিয়াবা লাজ লাজকৈ
সুধিছিল.."খুড়া লিপষ্টিক আছে নেকি"
সামথ্যৰে মোনাটো ভৰাই দিছিলোঁ
কিন্তু লিপষ্টিক?
লিপষ্টিক ল'লে যদি তাইৰ 
চোলাটো চিৰিলা চিৰিলকৈ ফাটে!
দুখ এটাই খুন্দিয়াইছিল তাহানিতে
সময়ে ৰং সলালে
লিপষ্টিক ভালপোৱা ছোৱালীজনী ডাঙৰ হ'ল
দুখবোৰেও তাইৰ বাগৰ সলালে
সুখবোৰ তাইৰ ওঁঠত
লিপষ্টিক হৈ জিলিকি উঠিলে।

📝ববিতা শইকীয়া
দেৰগাঁও। গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)