মই সদায় মই হৈয়েই থাকিব বিচাৰোঁ

©Admin
0

মই সদায় মইয়েই ,,
মোক আনৰ লগত তুলনা নকৰিবা,
কিয়নো,
    মই সদায় মই হৈয়েই থাকিব বিচাৰোঁ
    নাজানো কিমান সফলতা ঢুকি  পাম,,
    নাজানো কিমান বিষাদতাৰ সন্মুখীন হম,,
কিন্তু,
    নিজৰ আত্মসন্মানৰ সৈতে জীৱ বিচাৰোঁ,
    জীৱনৰ প্ৰতিটো ‌ খোজত ৷
    জীৱনৰ প্ৰতিটো মূহুৰ্তত ৷
    জয়- পৰাজয়তো,
    সুখ-দুখতো ৷
মই সদায় মই হৈয়েই থাকিব বিচাৰোঁ,,

বহু মহলীয়া মহলাৰ মাজত স্হান পাব নিবিচাৰোঁ,
নিবিচাৰোঁ ‌আৰামী জীৱন ,
জোনাক‌ ৰাতি সমুদ্ৰৰ তীৰত বহি,
উপভোগ কৰিব বিচাৰোঁ,
তিৰ্ -বিৰ্ পোহৰৰ সেই অপূৰ্ব সৌন্দৰ্য্য 
বিচাৰোঁ 
         এটি মধুময় জীৱন ,
          মই সদায় মইয়েই ৷
নালাগে মোক মিথ্যা যশস্যা,
                 অজস্ৰ ধন-সম্পত্তি,
বিচাৰোঁ মাথোঁ হৃদয়ংগম হোৱাকৈ
                 সচা স্নেহৰ প্ৰতিশ্ৰুতি ৷
বহু দিন বাগৰি‌ গ'ল ,
বহু দিন বাগৰি‌ও যাব ,
বহু ক্ষণ আহিবও !!
সলনি কৰিব হয়তো
প্ৰকৃতিয়ে মোক,
কিন্তু,
 ‌‌ মোৰ মন কদাপি সলনি নহয়,,
কিয়নো,
  মই সদায় মইয়েই ৷৷

         
✍️স্বাতী‌ জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)