আধৰুৱা প্ৰেম কাহিনী,খণ্ড -১৬

©Admin
0

 

সত্যম ভাত খাই হাত মচি মবাইল উলিয়াই নম্বৰ এটা বিচাৰি ফোন "হেল্ল' যতীন অহাকালিৰপৰা শ্বটিং আৰম্ভ হব গতিকে কেমেৰাচেট লৈ আহি যাবা" বুলি কৈ ফোনটো কাটি বাতৰি লগালে 'নমস্কাৰ মই ঋতুপৰ্ণ, নিউজ ফ্লেচত আপোনাৰ স্বাগতম জনাইছোঁ ।বৰ্তমান সকলো ফালে লকডাউন শিথিল  কৰা হৈছে ফলত জন সমাগম বৃদ্ধি পাইছে ৷ গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ কৰ'না ভাইৰাছ ভুৱা বুলি কৈ কিছুলোকে CBI অনুসন্ধান কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে  ৷ এনেতে নিতু আহি মাত লগাই " সত্যম দা কেনে আছে " সত্যমে  মূূৰ তুলি নিতুলৈ চাই -" অ' তুমি, বহুত দিনৰ মূৰত চাবলৈ পাই ভাল লাগিল ।বহাচোন বাৰু, কোৱা পৰিয়ালৰ খবৰ লকডাউন কেনেকৈ কটালা ? নিতুয়ে ওচৰতে থকা চকীখনত বহি " লকডাউন বৰ আমনিদায়ক সময় আছিল এনে লাগিছিল জেলত বন্দী হৈ আছোঁ যেন অহা কালিলৈ বিয়া এখন আছে আপুনি গম পাই নে ?" সত্যমে ক'লে " গম পাওঁ সেইবাবেই তো মই অপেক্ষিত মোৰ শ্বুটিং আৰম্ভ কৰিবলৈ  আছে। আচ্ছা, তুমি বেয়া নোপোৱা যদি কথা এষাৰ কওঁ নেকি ? নিতুৱে ক'লে " কিয়বা বেয়া পাম কওঁকচোন বাৰু " সত্যমে ক'লে তুমি বৰ ধুনীয়া, তোমাৰ চকুযুৰি , তোমাৰ ৰঙা ওঁঠ, তোমাৰ মাগুৰ বৰণীয়া চেহেৰা আৰু তোমাৰ সুৱলা মাতৰ লগতে গুড বডী লেঙৱেজ গতিকে মোৰ চিনেমাখনৰ নায়িকাৰ ভুমিকা পালন কৰিবা নেকি ? নিতুৱে উৎসাহী হৈ " কি মই আৰু নায়িকা। বাহ: কিয় নকৰিম? অভিনয় মোৰ পছন্দৰ ।আপুনি যদি সুযোগ দিয়ে মই নিশ্চয় উত্তম কৰিবলৈ চেষ্টা কৰিম ।" সত্যমে দীঘলীয়া উশাহ টানি " ভাল তেনেহ'লে আজি সন্ধিয়া আহিবা আৰু অনুশীলন কৰি তোমাৰ ডাইলগখিনি লৈ যাবা ।" নিতুৱে বহাৰপৰা উঠি " আচ্ছা সত্যম দা, মই তেন্তে মই আহিছোঁ ।সোনকালে ঘৰৰ কামখিনি শেষ কৰি সন্ধিয়া আহি যাম " সত্যমে ক'লে, আচ্ছা যোৱা ঠিক সন্ধিয়া পাঁচটা বজাত লগ পাম " নিতু ঘৰলৈ বুলি খোজ ল'লে ৷

সত্যম কোঠাত গৈ বিচনাত দীঘল দি পৰিলে ৷ এনেতে ফোন এটা আহিল সত্যমে ৰিচিভ কৰি অ' যতীন কোৱা  " যতীনে ক'লে " আমি পালোহি কোনফালে যাব লাগিব ? সত্যমে ক'লে " তিনি আলিৰ পৰা ডাইৰেক্ট ৰাস্তাটো লোৱা আহি থাকা ময়ো গৈ আছোঁ" এইবুলি কৈ সত্যমে ফোন কাটি দিবাকৰ অ' দিবাকৰ এইপিনে আহা " কিছুসময় পাছত দিবাকৰ আহিল ৷ কওক কিবা হ'ল ? সত্যমে ক'লে ব'লা ,কেমেৰাচেট আহি আছে ৰিচিভ কৰোগৈ কথা শুনি দিবাকৰ উৎসাহী হৈ একমিনিট ৰ'ব আহি আছোঁ বুলি কৈ গুচি গ'ল ৷ সত্যম লংপেণ্ট আৰু চাৰ্ট পিন্ধি তৈয়াৰ হ'ল ।দিবাকৰো আহি পালে দুয়ো তিনিআলিৰ পিনে খোজ দিলে ৷ কিছুদুৰ যোৱাৰ পাছত হঠাৎ বলেৰু এখন আহি সন্মুখত ৰলহি বলেৰুৰ ড্ৰাইভাৰে দৰ্জাখন খুলি দি " আহক সত্যম দা"বুলি কোৱাত সত্যম আৰু দিবাকৰ গাড়ীত উঠিল ।সত্যমে ক'লে " অ তোমালোকৰ কোনো অসুবিধাতো নহল ? যতীনে মিচিকিয়া হাঁহি মাৰি " নাই অ' তোমাৰ কাৰণে আমি সকলো অসুবিধা সহ্য কৰিবলৈ সাজো কাৰণ তোমাৰ দৰে টেলেণ্টেড ল'ৰা বাগিচা অঞ্চলত পোৱাটো সম্ভৱ নহয় কবলৈ গ’লে নাইয়ে ৷ সত্যমে যতীনলৈ চাই " এইকাৰণে তো মই তোমালোকক সহযোগী পাতিছো মোৰ কৰ্ম খিনিত সহায় কৰিবলৈ। এনিৱে লকডাউন কেনেদৰে কটালা ? যতীনে ক'লে " লকডাউন ভালেই গ'ল কামত ব্যস্ত থাকি পৰিয়ালক সময় দিব পৰা নাছিলো। গতিকে এই লকডাউনে সেই সময় দিলে অ'ত দিনে ভাৱি থকা খিনি পুৰ্ণ হ'ল ৷ ল'ৰা ছোৱালীৰ সৈতে সময় অতিবাহিত কৰিলোঁ সিহঁতৰ পঢ়াশুনাৰ প্ৰতি যত্ন ল'লো মাইকীজনীকো মৰম কৰিলোঁ " -কথাষাৰ শুনি সকলোৱে খিলখিলাই হাঁহিলে ৷ 

                     আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)