ইগ'

©Admin
0
:এটা প্ৰকাণ্ড ইগ' আছিল
যি মোক কুঁটি কুঁটি তিলতিলকৈ কৰিছিল হত্যা ,
মোৰ  সোণালী সপোনবোৰৰ।
আধা ফুঁটি ফুঁটি ওলোৱা পাহিবোৰ মৰহি গৈছিল,কলিতেই,
মই বিৰহিণী কেনেকৈ হেৰাই গৈছিলো  মোৰ অজ্ঞাতসাৰে মোৰেই মাজৰ পৰা,

এই প্ৰকাণ্ড ইগটোৰ বাবে।
চটফটনিত কটাইছিলো কিমানটা বিনীদ্ৰ ৰজনী।
নিজক নিজেই ফাঁকি দি ৰাখিছিলো 
হেৰাইছিলো  ক'ত আপোন সত্বাক।
এই প্ৰকাণ্ড ইগটোৰ বাবে,
তুমি জানানে বাৰু?
তেতিয়া জনা নাছিলো বুজাও নাছিলোঁ 
তেতিয়া আছিলো হয়তো সংকীৰ্ণতাৰ মাজত,
নাছিল পূৰঠ মগজু ,
লাহে লাহে ধোঁৱা হৈ উৰিব ধৰিছিল
 সকলো সঁপোন । 
নিৰাশাৰ শেতেলীত 
শুই পৰিছিল 
আকলুৱা মৰমবোৰ 
স্বপ্নবোৰ ধুলিময় হৈ 
পোত গ'ল সময়ৰ বুকুত।
এদিন হৰ্থাৎ আহিল এজন
অচিনাকি  পথিক

হাত পাতিলে এধানি সাহসৰ 
বহু ভবাগুনাৰ পিছত 
আগবাঢ়িলো 
এখন অচিন জগতত  বসবাস কৰাৰ্ সিদ্ধান্ত লৈ।
সংকী্ৰ্ণতাৰ পৰা আঁতৰি খোজ দিলো এখন সুবিশাল জগতত,
আৰু সকলো প্ৰিয় মানুহৰ মাজত  মই বিচৰণ কৰিলো প্ৰতিদিনে। 
বুটলিলো  জীৱন জ্ঞানৰ বটবৃক্ষ।
ইগ'বোৰ হেৰাই গ'ল
বিলীন  হ'লো আধ্যাত্মিক ,
 বৌদ্ধিক  জগতৰ গভীৰতালৈ
এখোজ এখোজকৈ।
মই অফুৰন্ত সাহসেৰে বুটলি 
ফুৰিছো 
সুখী হোৱাৰ  চাবি কাঠি।
মই  আজি বিজয়িনী
মোৰ  পৃথিৱীত। 
মইজনী আজি মোৰেই মাজত
অতিকৈ সুখী

 📝ৰিজু মণি দেৱী
           নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)