মোক এখন চোতাল দিয়া-০১

©Admin
0
চোতাল বাঃ কি যে এটা মিঠা শব্দ ৷
ঘৰ এখনৰ সৌন্দৰ্য বৰ্ধনত চোতালৰ ভূমিকা অপৰিসীম ৷ ঘৰৰ আগফালৰ আহল-বহল মুকলি চাফ্-চিকুনকৈ ৰখা ঠাই ডোখৰৰ নামেই চোতাল ৷ অসমীয়া জনজীৱনত চোতাল এক এৰাব নোৱাৰা সম্পদ ৷ঘৰখনৰ সন্মুখ ভাগত এখন চোতাল নাথাকিলে আধৰুৱা আধৰুৱা যেন ভাৱ এটাই মনত দোলা দি থাকে ৷ কি নহয় চোতালত ? সৌ তাহানিতে ঘৰৰ নৱ জাতক, নৱ জাতিকাই প্রথম খোজ পেলাবলৈ আৰম্ভ কৰিলে বাঁহেৰে এবিধ যতন সাজি দিছিল | সেই যতন বিধত ধৰি ঘুৰি ঘুৰি নৱ জাতক-জাতিকাই খোজ কাঢ়িবলৈ শিকিছিল | তেতিয়া ঘৰৰ সদস্য সকলে আত্মতৃপ্তি লভিছিল | তাৰোপৰি ঘৰত অনুষ্ঠিত হোৱা বিবাহ ,শ্রাদ্ধ, পূজা আদি পৰ্ব সমূহে চোতালৰ আৱশ্যকতাকে আমাক তিল তিলকৈ সোঁৱৰাই নিদিয়েনে ? এখন আহল বহল ডাঙৰ চোতালে এই কাম সমূহত কম সহায় কৰেনে ? আধুনিকতাৰ ধামখুমিয়াত পৰি আমাৰ পৰা চোতালবোৰ হেৰাই গ'ল | এনে হোৱাত ৰাষ্টাঘাট বন্ধ কৰি অন্য মানুহৰ সুবিধা- অসুবিধালৈ আওকান কৰি আমি ঘৰত বিবাহ, সভা আদি অনুষ্ঠিত কৰিছোঁ , এয়া বাৰু হ্রাস পাবলৈ ধৰা চোতালৰ পৰিণতিয়েই নহয়নে ? তেতিয়াই ঘৰত এখন চোতালৰ আৱশ্যকতাৰ কথা অনুভৱ নহয়নে ?
       তাহানিতে আমাৰ জীৱনৰ লগত সংপৃক্ত কিছুমান কথা পাহৰি থাকিম বুলি ভাবিলেও বাৰে বাৰে মনলৈ আহিব | হেৰাই যোৱা অতীতবোৰে বুকুত খুন্দা মাৰি ধৰে | চোতালত বহি শীতল পাটী পাৰি গধুলিতে মাকক আমনি কৰি থকা নাতি- নাতিনীক আকাশৰ জোনবাই দেখুৱাই বিচনিৰে বিচি থাকি পৰীৰ দেশৰ সাধু,বুঢ়ী আইৰ সাধু,বিচপৰ সাধু আদি বিভিন্ন ধৰণৰ সাধু কৈ শুনাইছিল | নিচুকনী গীত শুনাইছিল এই চোতালতেই | এইবোৰ কৰি শাহুৱেকে বোৱাৰীক ভাত, চাহ কৰিবলৈ সময় উলিয়াই দিছিল | কেনে ভাল লগা আছিল সেই পৰিবেশ | সংকুচিত চোতালে আমাৰ সেই আবেগ জড়িত বিজৰিত মুহুৰ্তবোৰৰ পৰা আমাক বঞ্চিত কৰা নাইনে ? জহৰ দিনত জোনাকৰাতি চকী পাৰি চেতালৰ স'তে ৰিব্ ৰিব্ বতাহৰ বা লৈ বহি মনৰ সুখ দুখৰ কথাবোৰ পাতিবলৈ চোতালেই আমাক সহায় কৰা নাছিলনে ? ঘৰুৱা পাৰিবাৰিক বিভিন্ন কাৰণত আমি হেৰুৱাই পেলাইছো চোতালৰ মাদকতা ৷
                  (আগলৈ)

  📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)