আদৰুৱা হেঁপাহ ধৰ্ষিতা হয়

©Admin
0
আপোনৰ হাততে ধৰ্ষিতা
প্ৰতিদিন প্ৰতি পলত ,
এবুকু বিষাদ বুকুত লৈ,
তথাপিও নিৰৱ
জোনাক বিচাৰি বিচাৰি 
কোচ ভৰি পৰে কাইটিয়া বিষাদেৰে।
স্বাধীনতাৰ সেন্দুৰী আভাবোৰ 
বতাহত উৰি ফুৰে 
চুই যায় শীতল গোলাপী সুবাসে,
এসাগৰ মৌন আৰ্তনাদে
ধোৱাই যায় কলিজাৰ হেঙুল আশাক...
 হেঁপাহৰ দুচকুত
এতিয়াও দুলি আছে
আদৰুৱা স্বপ্নৰ এজোলোঙা পোহৰ
ফিচিকি যোৱা সভ্যতাৰ
নীলা চাদৰখন তথাপিও 
ৰিপু কৰি কৰি ধৈৰ্য্য আৰু সযতনে ঢাকিব খোজো লজ্যা 
কিয় জানো, উফন্দি আহিব খোজে বাৰিষাৰ বাণৰ দৰে
সাচি ৰখা হৃদয়ৰ অব্যক্ত 
বিষাদী বেদনাবোৰ ৷

📝ৰিজুমণি দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)