নকৰিবা নকৰিবা বন্ধু
আমাক অত্যাচাৰ।
জীৱন সৃষ্ঠিৰ একমাত্ৰ সংগী
আমিয়েই নহয় জানো ?
আদিপুৰুষে দিয়ালে আমাক
শান্তীৰ টোপনি।
চিপ্কো চিপ্কো হৈ
ৰচিলে ইতিহাস।
তোমালোক তাৰেই
নহয় জানো বংশধৰ?
কিয় তেন্তে ইমান পাৰ্থক্য?
নিজ স্বাৰ্থ সিদ্ধিৰ বাবে
কৰিছা আমাক অত্যাচাৰ।
মাৰিছা ঘাপৰ ওপৰত ঘাপ
কৰিছা আমাৰ ওপৰত মহাপাপ।
হাত ভৰি সকলো বান্ধি
পেলাইছা আমাক জননীত!
কৰিছা আমাক অত্যাচাৰ
মাৰিছা মোৰত নিজে নিজৰ কুঠাৰ।
বানপানী,ভূমিকম্প,ভূমিস্খলন
একমাত্ৰ তুমিয়েই কাৰণ।
দিন-ৰাতি সলনি হ'ল
পোহৰেও আন্ধাৰ হ'ল।
নদী-নলা নোহোৱা হ'ল
আলি-বাটত অট্টালিকা হ'ল।
আমাৰ ঘৰক কৰিলা আপোন
পালা তোমিও আন্ধাৰৰ সপোন।
নকৰিবা নকৰিবা ভাই
আমাক অত্যাচাৰ,
নহলে পাবা ঘোৰ
অন্ধকাৰ,অন্ধকাৰ,অন্ধকাৰ।
📝আনন্দ গোৱালা
সাকোমাঠো চাহ বাগিছা
বিশ্বনাথ চাৰিআলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ