মই কোন ?

©Admin
0
 
মই কোন সংজ্ঞা বিছাৰি ফুৰো প্ৰতিদিনে ।
কাম কৰি যাওঁ নিৰন্তৰে, তথাপিও অৰ্থ বিছাৰি নাপাওঁ ।

মোৰ বিশ্বাস মোৰ পৰিচয় হৈছে কৰ্ম ।
মোৰ আৰ্দশ, মোৰ বিশ্বাসে মোৰ জীৱনৰ সংজ্ঞা বিছাৰিবলৈ প্ৰয়াস কৰিছে ।


জীৱন সংগ্ৰামত মই কেতিয়াবা ভাগৰি পৰো কিন্তু প্ৰিয়জনৰ মৰম আৰু আহ্বানত মই নতুন উদ্যমে বহুত বাধা নেওছি আগবাঢ়ি যাওঁ।

কাম কৰি যাওঁ দহৰ বাবে, দেশৰ বাবে, সবল সমাজ গঢ়িবলৈ নিকা সমাজ গঢ়িবলৈ  কিন্তু বহুত বাধা বহুত হেঙাৰ পদৰ লোভ স্বাৰ্থ লোভে খেদি আছে।
সেইহে কেতিয়াবা প্ৰশ্ন হয় মোৰ, মই কোন?


   📝শ্ৰী উৎপল দাস
   কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)