প্ৰেম এক সুৰৰ গাথা (খণ্ড-০৫)

©Admin
0

আজি মীনাক্ষী ৰাতিপুৱা সোনকালেই শোৱা পাতিৰ পৰা উঠিছে। অন্য দিন সোনকালে শুই উঠিয়েই নোপোৱা তাই আজি উঠি লৈ ৰাতিপুৱা, প্ৰায় ১ ঘণ্টা মান কিতাপৰ ওচৰতে বহিল।পঢ়া সামৰি গা ধুবলৈ যাওঁতে ফোনটো চাৰ্জত লগাব লঁওতে ঘপকৈ মেছজ এটা সোমালে,, দেখিলে অহ্ অংকুৰ,
   সি ক'লে— good morning, উঠিলানে?
        — ওম,উঠিলো তুমি?
      —নাই, নাই, মোৰ অলপ দেৰি হ'ব শুই উঠা।
    —অ,, কিমান সময়ত আহিবা?
     — exam কিমান সময়ত শেষ হ'ব তোমাৰ?
    — ১ মান বজাতেই শেষ হ'ব। পাবাহিনে তেতিয়া?
  —পাম আকৌ আৰু শুনা ভালকৈ দিবা পৰীক্ষা ।
  — ঠিক আছে।
  —কলেজৰ পালেগৈ কʼবা মোক দেই।
  — ঠিক আছে, তুমি শুই উঠি ফোন কৰিবা।
  — ok,best of luck,,
  —ওম,,

লৰালৰিকৈ কলেজলৈ বুলি গৈছে তাই,উস্,আজি সোনকালেই গাড়ী পালেই হয়! ঘৰৰ পৰা কলেজলৈ প্ৰায় ২০ কিঃমিঃ দূৰ,সচাকৈয়ে তাই গৈ আলিমূৰ পাওতেই দেখিলে মেজিক এখন ৰৈ আছে,, ল'ৰা- লৰিকৈ উঠি ল'লে।ভাবিলে কোনোমতে পাম গৈ সময়ত পৰীক্ষা,,,অলপ সময়ৰ পাছত অংকুৰে 'call' কৰিলে —
     —কি কৰিছা মীনাক্ষী? ক'ত পালাগৈ এতিয়া?
    — এয়া গাড়ীত উঠিছো, আৰু অলপ আছে পাবলৈ দেৰি হ'ব আৰু!উঠিলানে তুমি?
     — ওম,এইয়া চাহ খাই হৈছে।অলপ পঢ়ি লঁও ভাবিছোঁ মই, তুমি গৈ থাকা পালেগৈ ফোন এটা কৰিবা।
    — ঠিক আছে পঢ়া ভালকৈ,,
   
প্ৰায় ২০ মিনিট সময়ৰ পাছত তাই কলেজ পালেগৈ।অংকুৰলৈ মেচেজ হে দিলে পালোহি কলেজ বুলি।।

(পৰীক্ষা শেষ হৈছে ১ মান বজাত,,,) পৰীক্ষাহলৰ পৰা ওলাই তাই বেগটো লৈ ওলাই আহোতে লগৰ কেইজনীৰ লগত কথা পতাতহে লাগিল,তাহাতি মীনাক্ষীক ৰখাই লৈ সুধিছে পৰীক্ষাৰ খবৰ,,পিছে মীনাক্ষীয়ে তাঁহাতক কৈয়ে দিলে আজি তাই অংকুৰক লগ কৰিব। মীনাক্ষীৰ লগৰ কেইজনীও যেন বৰ হেঁপাহ কৰিছে অংকুৰক চাবলৈ,,
এজনীয়ে কৈছে,আমাকো দেখাবি ঔ মীনাক্ষী,,আনজনীয়ে কৈছে আমিও যাম তোৰ লগত বছ্,,আমি আতৰৰ পাই চাম আৰু,,,
    মীনাক্ষীয়ে ক'লে তাহাতক, বʼল বʼল ঔ,চাবি কিন্তু দূৰৰ পৰা ওচৰত সি বোলে লাজ কৰে, মইয়ে লগ কৰিম বাৰু।।তাই বেগৰ পৰা ফোনটৈ উলিয়াই দেখে প্ৰায় ৫ টা মান মিচকল,,
 মীনাক্ষী য়ে পুনৰ ফোন কৰিলত সি ক'লে—
    —ইমান ফোন কৰি আছোঁ,গমেই নোপোৱা নে?
    — অ,ওলাই লৈ লগৰ কেইজনীৰ লগত কথা পাতি আছিলোঁ,সিঁহতিও তোমাক চাব বোলে!
       — হেই আজি নালাগে, মই তোমাকহে লগ কৰিম আজি।
     — অ,অ,,,,, হ'ব বাৰু কৈ দিও সিঁহতক,শুনাচোন?
     — কোৱা।
    —ক'ত পালাহি তুমি এতিয়া?
    —ৰৈ আছোঁ চাৰিআলিত আহা সোনকালে।
    —ওম গৈছো গৈছো।।
  — ফোন লাগি থাকক দিয়া।
 ( মীনাক্ষী ও চাৰিআলি পালেগৈ)
 — কোনফালে আছা বাৰু তুমি?
  — এইয়া চুপাৰৰ্মাৰকেটৰ ফালে চোৱা দেখিবা, মই তোমাক দেখি আছোঁ,,
 — অহ্,কʼতা ,,আচ্ছা,, দেখিলোঁ এতিয়া,আহা এইফালে।।
      
              আগলৈ

✍️ ময়ুৰী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)