বেক পকেটৰ ফুটা

©Admin
0
জীয়েক শ্যামলীৰ আমলেট খুৱাৰ আশা পূৰণ কৰিবলৈ দেউতাকে মটৰচাইকেলখন লৈ সন্ধিয়া কণী আনিবলৈ টাউনলৈ ওলাই গৈছিল।যাওঁতে ভায়েকে গা বিষৰ টেবলেট দুটামান আনিবলৈ দিয়া দহ টকীয়া নোটখন চোলাৰ ওপৰৰ পকেটত সোমাই থলে।টাউনলৈ গৈ পাই পোনে পোনে ফাৰ্মাচী এখনত সোমাই প্ৰয়োজনীয় টেবলেটকেইটা  ল’লে।নোটখন উলিয়াই দিওঁতে মন কৰে ঘৰৰ চাবিপাত ওপৰৰ পকেটতে আছে।বাওঁহাতেৰে চাবিপাত উলিয়াই জিনছৰ বাওঁফালৰ বেক পকেটত সোমাই থয়।তাৰ পিছত কেইটামান কণী লৈ ঘৰমুৱা হয়।বাইকখন চোতালত ৰখাই পকেটত হাত দিওঁতেহে কথাটো গম পালে।কিছু সময়ৰ পিছত উপায়হীন হৈ পুনৰ টাউনলৈ ওলাই গ’ল তিনিপাত চাবি থকা এটা নতুন তলা কিনি আনিবলৈ,কিন্ত্ত দৈব্যক্ৰমে গা বিষৰ টেবলেট কিনা ফাৰ্মাচীখনৰ সন্মুখলৈ গৈ পোৱাৰ পিছত যেনিবা নতুনকৈ তলা কিনিব লগা নহ’ল।

📝টোলন তছা
জখলাবন্ধা, নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)