সত্যম ক'লে
" তুমি মোৰ জীৱন সংগী হবানে ? "
নিতু লাজ পাই মুখখন দুই হাতৰে ঢাকি ধৰে ৷ সত্যমে তাৰ লাজকুৰীয়া স্বভাৱত উত্তৰ বুজি লয় ক'লে
" ঠিক আছে তেন্তে মই নিশ্চয় তোমাক বিয়া পতাম কিন্তু দুবছৰ ৰ'ব লাগিব তাৰ বাবে তুমি সাজো আছানে ? "
নিতুৱে বিশ্বাসেৰে ক'লে মই সাজো কিন্ত মোৰ মনত এটা কথাই চিন্তাত পেলাইছে "
সত্যমে অলপ সংশয় ভাৱেৰে সুধিলে
" কি চিন্তা মোক কোৱা "
নিতুৱে অলপ সেমেকা মনেৰে ক'লে
" মোৰ ঘৰত আমাৰ বিয়া প্ৰস্তাৱ মানি
নলয় "
সত্যম বৰ আচৰিত হৈ সুধিলে
" কিয় মানি নলব মই তোমাক সুখত ৰাখিব পৰা সম্পূৰ্ণ ক্ষমতাশালী "
নিতুৱে সত্যমৰ বিপৰীতপিনে ঘূৰি ক'লে
" ধন সম্পত্তিৰ কথা নাহে , জাত পাতৰ কথা আহিব "
সত্যমে খঙতে নিতুৰ হাত ধৰি নিজৰ পিনে ঘূৰাই ক'লে
" এই বিজ্ঞান যুগত এনে ধৰণৰ কথাৰ মূল্য নাই , যদি তেনে পৰিস্থিতি আহে তেন্তে মই তোমাৰ দেউতাকক বুজাম চিন্তা নকৰিবা বৰ্তমান মই যাব লাগিব অতি শীঘ্ৰে আহি আছো ৰেডি থাকিবা "
এইবুলি কৈ সত্যম নিতুক বুকুৰ মাজত সাবটি ধৰি চুমা এটা আঁকি গাড়ীত বহিল ৷
গাড়ী লাহেকৈ চলিল ৷ নিতুৰ দৃষ্টি স্থিৰ হৈ গাড়ীখনলৈ চাই থাকিল ৷
নিতু মন মাৰি ঘৰলৈ উভতিল ৷ বাটত দিবাকৰৰ সৈতে মুখামুখি হ'ল দিবাকৰে সুধিলে
" সত্যম দা গুচি গ'ল ? "
নিতুৱে এক দৃষ্টিৰে দিবাকৰলৈ চাই একো নোকোৱাকৈ আগবাঢ়িল ৷
দিবাকৰ নিতুলৈ কৰুণ দৃষ্টিৰে চাই ৰ'ল ৷
নিতু ঘৰৰ পদূলিত ভৰি দিয়া মাত্ৰে বাপেকে ভিতৰৰ পৰাই চিঞৰি ক'লে
" অ মাহাৰাণী তৰ য়াৰ কে বিদায় দেইকে আইলি আয় আয় ভিতৰে আয় এখন আৰ মৰ চিন্তা দুৰ হইল ৷ নহলে চামাৰ ছকড়াটা যখনছে য়াঁহা ৰহে মৰ ৰাইতেৰ ঘুমেই হেৰাই যায় ৰহে উঃ আজি এক বটল বেছিয়ে খাব এই খুচীয়ে ৷ যা মকে কি টুকুৰ টুকুৰ দেখছি "
নিতুৱে ক'লে
" দেখছি মুই মৰ চাৰাবি বাপটাকে সত্যম কে চট জাত বলছে সেই সত্যমকেৰ সামনে টাকা খুজতে সময় জাতি ধৰ্ম কাঁহা যায় ৰহে তখন তুই এই কথা নাই ভাৱলি এখন জাতিৰ কথা বলতে লাজ নাই লাগছে "
নিতুৰ বাপেকে এগিলাচ মদ মুখত বাকী ক'লে
" তখন মুই নাই গম পাই ৰহি যে সেই ছকড়া চট জাতকেৰ বলকে নহলে মৰ নিচিনা বড় জাতিৰ মানুষ টাকা দুৰেৰ কথা শৰীৰেৰ ছায়া টাও গিৰতে নাই দিতি আৰ তুই নিজেৰ বাপটাকে লাজেৰ কথা বলছি তৰ এতনা হিম্মত , অ বুজলি সেই ছড়াই যাৱাৰ আগে তকে ভাল কৰি পাঠ শিখাই গেল "
নিতুৱে ক'লে
" তৰ নিচিনা মদাহী বাপ থাকাতকে মৰে যাৱাই ভাল বড় জাতিৰ মানুষ আৰে মানুষ জাতি ছে বড় নাই বনেলা , মানুষ বড় বনেলা আপন কৰম ছে "
এইবুলি কৈ নিতু খ্ংতে ভিতৰলৈ সোমাই গ’ল ৷ বাপেকে নিজে নিজক ভোৰভোৰালে
" আহ হামাৰ বেটী হামাকে জ্ঞান দি গেলেক এইটা চব সেই চামাৰ ছকড়াটাৰ কাৰণে হছে ৷ নাই জানি কি যাদু চলাই গেল মৰ বেটীৰ ওপৰে তাৰ কথা বললেই মৰ বেটীকেৰ শৰীৰে চট লাগছে যা দুনীয়া যায় ভাড় মে হামাৰ তো এক গিলাচ পাইলেই সুখ দুখ চব ভুলাই যায় "
এই বুলি কৈ মদৰ বটলটো বুকুৰ মাজত সাবটি ধৰিলে ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ