খীৰতী গাই

©Admin
0

  টি,ভি টো  চাই  চাই  কাগজ  এখিলাত  বহু সময় কাট-কুট কৰি আছে বিধায়ক গৰাকীয়ে । সেই সময়তে চিনাকি ঠিকাদাৰজন  আহি ক'লে--- চিন্তা নকৰিব ছাৰ । টি, ভিটোত  দেখিয়ে  আছে চোন  । এইবাৰ বানপানী বাৰুকৈয়েই  হৈছে । আপোনাৰ  পাঁচ মহলাৰ কামটো সম্পূৰ্ণ হোৱাটো  খাটাং । 
       অংকটোৰ  সমাধান  ওলোৱাত বিধায়ক গৰাকীয়ে  টি, ভিটোলৈ চালে ।  ভগা  মথাউৰিটোৰ  ওপৰত অজস্ৰ  বানে ধোৱা মুখ  । কাষতে  খীৰতী গাই এজনী  বান্ধি থোৱা দেখি  তাৰ  ওঁঠত  হাঁহি এটি বিৰিঙি  উঠিল ...

📝ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)