বানাক্ৰান্তৰ হাহাকাৰ

©Admin
0
কালৰূপী বান কিয় তুমি 
মহাপ্ৰলয়ৰ ৰূপ ধাৰণ কৰা
তোমাৰ ৰণচণ্ডী প্ৰলয়ে সকলো শেষ কৰি নিয়ে অ'
চাৰিওফালে মাথো হাহাকাৰ আৰু হাহাকাৰ।

কিমান আশাৰে কপালৰ ঘাম  মাটিত পেলাই কৃষকে খেতি কৰে
কিমান আশা বুকুত বান্ধি শাওনৰ পথাৰত ৰোৱনিয়ে ভুঁই ৰুৱে।
আশাৰ ৰেঙনি লৈ লহ-পহকৈ বাঢ়ি ধানৰ গুছাটোও  তোমাৰ কবলৰ পৰা বাদ পৰি নাযায়।

তুমি যেতিয়া তোমাৰ কালৰূপ ধাৰণ কৰা 
মানুহটো দূৰৰে কথা 
জীৱ-জন্তুৱেও ভোকৰ তাড়নাত হাহাকাৰ কৰি ফুৰে।

মন্ত্ৰী MLA বোৰে দূৰৰ পৰা বন্যাৰ্তৰ ৰং চাই।
সহায়ৰ হাত আগবঢ়াবলৈ সময় নাই।
মাথো চিনি বিলাসীতাৰ জীৱন 
তাৰ বাহিৰে সকলো ভাওনাৰ বচন।

কিয় বাৰু জীৱ শ্ৰেষ্ট মানৱে মানুহৰ দুখ বোৰ বুজি নাপায় কিয়? 
আহিছে বান ভাঙিছে পথ 
নিছে ঘৰ-দুৱাৰ উটুৱাই।

হে প্ৰলয়ংকাৰী সংহাৰী ৰূপ ইমানতে স্তব্ধ হোৱা
কিমান শুনিবা তুমি,তোমাৰ কবলত পৰি 
কৰা আৰ্তনাদৰ কৰুণ চিত্‌কাৰ?
স্তব্ধ হোৱা বান,স্তব্ধ হোৱা।


📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)