দেৱী পূজা-০৩

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা..
ৰাইজৰ বিশ্বাস যে জনশ্রুতি মতে আতাপিতাৰ দিনৰ পৰা পূজাৰ ফল স্বৰূপে এই পাহাৰত বা নামনিৰ গাঁৱত কোনো কালে বাঘে খাই গছৰ পৰা পৰি বা অন্য প্রকাৰে মানুহ মৰা অথবা সৰ্পদংশনত মানুহ মৰাৰ নজিৰ নাই | পাহাৰৰ ওপৰত বহুতো শিল আছে | শিলৰ মাজত গুৰুং বা গহ্বৰত মানুহ বা কোনো জীৱ জন্তু পৰি মৰাৰো  উদাহৰণ নাই | প্রবাদ আছে যে বহু পুৰণি কালত কোনো কাৰণত পাহাৰলৈ যোৱা এদন মানুহ বহু দিনলৈ নিখোজ হৈ আছিল | বহু দিনলৈ মানুহজন ঘুৰি নহাত মানুহে তেওঁ মৰা বুলি শ্রাদ্ধ পাতিছিল | আচৰিত কথা যে মানুহজন ঢলংপলং কৈ আহি ঘৰ ওলাইছিলহি | এতিয়াও বহুতো ল'ৰা ছোৱালী পাহাৰলৈ গৈ শিলৰ ওপৰে ওপৰে বগাই ফুৰে | কোনো দিনে কোনো অনিষ্ট বা অঘটন হোৱা নাই | 
     কোনো মানুহৰ চকুৰ অসুখ হলে বা অন্য অসুখ হলেও পাৰ এযোৰ আগবঢ়াই দেৱীক অৰ্চনা কৰি ঔষধ ব্যবহাৰ তৰিলে অসুখৰ পৰা হেনো আৰোগ্য লাভ কৰে |
     আই থানৰ বিশেষ এটি মাহাত্ম্য সেই ঠাইৰ ৰাইজে উপলদ্ধি কৰে | সেয়ে হ'ল দুধকুঁৱৰী পাহাৰত বহুতো বান্দৰ  আছে | সেইবোৰে কেতিয়াও ৰাইজৰ অনিষ্ট নকৰে | পাহাৰৰ নামনিত চাৰিওফালে ধানখেতি কৰে | বান্দৰে কোনো কালে খেতি খাই অনিষ্ট কৰা নাই | আগতে হেনু নামনিত থকা আম, কঠাল,কল প্রভৃতি অন্যান্য ফলমূলো নাখাইছিল | আজি কালি পাহাৰৰ ওপৰ পৰা কিছুদূৰ নামি আহে যদিও বিশেষ অনিষ্ট নকৰে | সামান্য পৰিমানে খাই গুছি যায় | কেতিয়াবা কোনো লোকে বান্দৰ ধৰি ৰাখি পালিবলৈ চেষ্টা কৰে | কল অথবা অন্যান্য ফলমূলো খুৱাবলৈ চেষ্টা কৰে | কিন্তু বান্দৰে হেনু সেইবোৰ মুঠেই নাখায় | একো নোখোৱাকৈয়ে মৃত্যু বৰণ কৰে | এবাৰ মানুহে ধৰা বান্দৰক এৰি দিলেও সেই বান্দৰটোক অন্যবোৰে লগ নিদিয়ে | মানুহে ধৰাৰ পিছত সি হেনু চুৱা যায় |    আগলৈ••
      
  📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)