তোমাৰ জৰিয়তে ধৰণী দেখিলোতুমিয়েই ইয়াৰ উৎস,
অতি যতনে কৰিছা লালন
তুমি বিনে জীৱন অন্ধ।
যেতিয়া পৰিছিলোঁ কোনো নৰীয়াত
তোমাৰ কান্দোনত কম্পে ধৰনী মৰত,
চিৰ ৰোগী হৈ আছো ওৰে জীৱন
নিৰবে চায় আজি বিশ্ব জগত ।
হাতত কাঁহী লৈ থাকিছা কাষত ৰৈ
একে থিৰে মুখলৈ চাই,
এমাহ নাখাওঁ যদি নুসুধে কোনেও আজি
গ'লা কিয়?মোক এৰি থৈ।
যেতিয়া মাত দিছো মামা বুলি
পলকতে আমাৰ কাষত,
আজি কিয় নাহা দুৰৈৰ পৰা
গুচি গ'লা নিদুৰ দেশত।
📝শ্বৰিফ উদ্দিন (ডবকা,হোজাই)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ