আমাৰ গাঁও খনত আৰু আশে-পাশে আদিবাসী লোকৰ সংখ্যা যথেষ্ট বেছি আছিল । অসমীয়া মানুহখিনি আৰু আদিবাসী মানুহখিনি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আছিল । সম্পৰ্কও আছিল অতি ঘনিষ্ঠ আৰু নিভাঁজ । সেয়ে সৰু থাকোতেই আমি গাৱঁৰ প্ৰায় সকলো ল'ৰা-ছোৱালীয়েই আদিবাসী ভাষাটো অতি সলসলীয়াকৈ ক'ব পাৰিছিলো । মই নিজেও আজিও এই ভাষটো সুন্দৰকৈ নিৰ্দোষ ভাবে ক'ব পাৰো । কেতিয়াবা দূৰলৈ ফুৰিবলৈ গ'লে ক'ৰবাত
আদিবাসী মানুহ লগ পালে আদিবাসী ভাষাতেই কথা পাতি বৰ ভাল পাওঁ আৰু বহুতেই তেতিয়া মোক আদিবাসী মানুহ বুলি ভুল কৰে । তাহানিৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বান্ধোন মনত পৰিলে আজিও মোৰ আনন্দৰ চকুপানী বৈ আহে ।
আগলৈ••••
🖋️সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ