প্ৰেম এক সুৰৰ গাথা-০২

Rinku Rajowar
0
—অ,টাউনৰ চেন্টেল কলেজত পঢ়ে,5th semester ৰৰ পৰীক্ষা হৈ আছে,ৰবা মই তাক কও দেই, তোমাৰ কথা,
—বাৰু, তোমালোকৰ কি হৈছে আজি,ভগবানেহে জানিব পায়।
—ঐ মীনাক্ষী,তালৈ মেচেজ দিলো,সি ঘৰত  নাই মামাকৰ ঘৰত বিয়া তাত আছে,ওচৰত হেনো মাক, আলহী আছে পিছত তোমালৈ মেচেজ দিব সি,বৰ লাজ তাৰ জানা,তাক বোলে ঠাণ্ডা ছোৱালীহে লাগে, 'simple' তোমাৰ নিচিনা, সেইবাবেই মই ভাবিলো তোমাৰ কোনো নাই যেতিয়া দুয়োটাই কথা পাতি চোৱা,,
—  অ, মইয়ো বাৰু ভাল মানে, গহীন, ভদ্ৰ আৰু বহুত মৰম কৰা, ভবিষ্যতে যাতে বিয়া হ'ব পৰা তেনেকুৱাহে বিচাৰোঁ টাইম পাছ কৰিবলৈ হ'লে মই কথা নাপাটো,চাই লৈ তোমাক ক'ম ,যদি মোৰ পছন্দ হয়।
— ঠিক আছে,ক'বা মোক,সি তোমালৈ মেচেজ দিব আকৌ , সোনকালেই নুশুবা আজি,,,
— অহহ, হ'ব হ'ব শুই নাযাও। তাৰ পিছে নামটো কি আছিল?
—অংকুৰ, মানে অংকুৰ ভৰালী।
—ঔ, আমাৰ মামা ঘৰৰ ও ভৰালীয়েই উপাধি,
— ৱাহ্,ভালহে আকৌ, বাৰু সি মেচেজ দিলে কথা পাতিবা আৰু কেনেকুৱা লাগিলে ক'বা মোক।

 (লাজো লাগিছে মীনাক্ষীৰ,ভয়ো লাগিছে ,প্ৰথম চিনাকি হ'বলৈ ওলাইছে সেই নেদেখা ল'ৰাজনৰ লগত, মিচিকিয়াই হাঁহি হাঁহি ভাবিছে,কি পাতিম বাৰু প্ৰথমে,এহ্,যি হয় হ'ব আৰু)
    প্ৰায় নিশা ৮.৪৫ মানত মেচেজ এটা আহিলে নাম্বাৰ এটাৰ পৰা, তাই প্ৰফাইল ফটো চাই দেখিলে,ঔ ৰিপ্তিকাই ফটো দিয়া ল'ৰাটো দেখোন, ভয়তে মীনাক্ষী কপি গৈছে, নিজেই তাই আচৰিত কিয় ইমান কপিছে তাই, আজিলৈকে দেখোন তেনে অনুভৱ হোৱা নাই, 
    সি ক'লে—"ৰিপ্তকাৰ লগৰ তুমি, মীনাক্ষী নহয় জানো?"
 —অ,হয়, মইয়ে!
 —পঢ়ি আছা?
 — ওম,পঢ়ি আছো, তাইৰ লগৰেই ৪ৰ্থ ষম্মাষিকৰ, education mjor ! আৰু তুমি?
—মইয়ো পঢ়ি‌ আছোঁ বাৰু কিন্তু তোমাক মই এতিয়া পঢ়ি আছানে কি কৰিছা সেইটো কথাহে সুধিছিলো।।
 — অহ্,( মীনাক্ষীয়ে মনতে ভাবিলে: তাই যেন লাজ পোৱা নিচিনাহে লাগিল,সুধিছিল বেলগ কৈছো বেলেগ,কি যে আৰু হৈছে মোৰ,হে ভগৱান)
 —কি কৰিছা পিছে এতিয়া?
 —এনেই আছোঁ বহি, তুমি?
 —মইয়ো বহিয়েই আছো।
 —কলেজ আহি আছানে?
 —ওম, পৰীক্ষা হৈ আছে, শেষ হ'ব আৰু!
 —কথা এটা কওঁ তোমাক ?
 
                              (আগলৈ)

✍️ ময়ুৰী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)