চৰকাৰ চৰকাৰ আমি

©Admin
0
চৰকাৰ চৰকাৰ আমি
কেনেকৈ জীয়াই থাকিম
বেলি লহিয়ালেই
বুকুখন আৰু গধুৰ হৈ আহে,
ৰাতিখন পানী আৰু কিমান বাঢ়ে
ঘৰখন আধা বুৰিলেই  ।
পথাৰৰ ধানবােৰ অনাই নহ'ল
ভৰালো ডুবিল ,
ইপিনে খৰি আদিওঁ পাবলৈ নাই ।
যোৱা বছৰতে ভগা নাওঁখন
এই ভাগো এই ভাগো হৈ আছে
পানীৰ সোঁতত উলিয়াবই নোৱাৰি ।
বাৰী পাচলিবােৰো 
সকলো পানীয়ে মাৰিলে ।
মথাউৰিতে আজি সাত দিন ।
কেনেকৈ টিৰপালৰ তলত
মূৰ কেইটা সুমুৱাইছাে
হে ঈশ্বৰ প্ৰাণ কেইটা
কাঢ়ি নিনিবা ।
চৰকাৰে  যদি ৰিলিফকন নিদিলে হেতেন
প্ৰাণ বায়ু উৰিলে হয় ।
আমাক এখন নাৱৰো প্ৰয়োজন
বাৰিষা সদায়ে  আহে
ৰঙানদীয়ে পানী সদায়ে এৰে  ॥
কি হ'ব ?
অসমখনৰ ৷
আমাক সমাধানৰ সূত্ৰ বনাই দিয়া
এনেকৈ বছৰি-বছৰি, মৰি - মৰি
কিমান জীয়াই থাকিম ?

কাজিৰঙাৰ গড়ে যদি হাইলেন্ড পায়
আমিনো নাপামনাে কিয়,
আমাৰ কাৰণে কান্দাচােন
কোনোৱা দেৱতাই ॥

জলবিদ্যুত প্ৰকল্পৰ মাজত
অসমীয়াৰ কলিজাবােৰ
ডুবি যায়,
কপিঁ থাকে হৃদয়
ভয়ত, আৰ্ত্তনাদত, উৎকন্ঠাত
বাৰিষাৰ ঢল অহাৰ লগে লগে ॥

বাৰিষাত বানপানী সদায়েই আহে
গাওঁবাসীয়ে সংশয়, বিলৈৰ মাজত
কিমান জীৱন নিয়াব ?
আমাৰ সন্তানক কেনেকৈ
শিক্ষা - দীক্ষাৰে শিক্ষিত কৰিম ?
বান পীড়িতৰ  জীৱন
সদায় যাবনে এনেকৈ ??????

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)