দেৱী পূজা-০১

©Admin
0
 দক্ষিণ কামৰূপৰ ভালেমান ঠাইত দেৱীপূজাৰ প্রচলন আছে | এই অঞ্চলত বসবাস কৰা পাতিৰাভা সকলে আই কামাখ্যা , বুঢী-গোসাঁনী, ঘৰ গোসাঁনী , কেচাইখাটী, বৰমান্নী , আই নাৰায়ণী , ন-বৈনী প্রভৃতি দেৱীৰ পূজা বহু পুৰণি কালৰে পৰা যথাবিহিত ভাবে পালন কৰি আহিছে | এই সকলোখিনি কথা ইয়াত দিব খোজা নাই | অঞিচল বিশেষত প্রাধান্য থকা দেৱী শক্তিৰ মাহাত্ম্যপূৰ্ণ পূজাৰ বিবৰণ এটিহে ইয়াত সন্নিবিষ্ট কৰা হৈছে |
     দক্ষিণ কামৰূপৰ বকোৰ পৰা প্রায় চাৰি কিলোমিটাৰ পূবত ৰাষ্ট্রীয় ঘাইপথৰ উত্তৰে প্রায় ডেৰ কিলোমিটাৰ দূৰত দুধ কুঁৱৰী নামৰ এখন শিলাময় পাহাৰ অৱস্থিত | পাহাৰৰ মাটি প্রায় চাৰিশ বিঘা | এই পাহাৰৰ উত্তৰ , দক্ষিণ আৰু পশ্চিম দিশত নামনিত তেনেই ওচৰতে দেলিয়াপাৰা নামৰ গাঁৱত পাতি-ৰাভা  জনজাতীয় লোকৰ বসতি | বহু পুৰণি কালৰে পৰা এইসকল লোকে উক্ত দুধকুঁৱৰী  পাহাৰৰ ওপৰত অৱস্থিত দুধকুঁৱৰীৰ থান বা আই থানত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী ভগৱতীৰ পূজা অৰ্চণা কৰি আহিছে | পাহাৰৰ শিখৰত এটা প্রকাণ্ড শিলৰ ওপৰত আন এটা প্রকাণ্ড শিল ভৰ দি থকাত এখন ডাঙৰ চালিৰ  নিচিনাকৈ ৰৈ থকা শিলৰ তলতেই আইৰ থান | কোনো মঠ মন্দিৰ তাত নিৰ্মাণ কৰা হোৱা নাই | কোনো মূৰ্তি বা বিগ্রহো তাত নাই | থাপনা বা বেদী সদৃশ ঠাই আছে | শিলৰ তল ভাগ অখন চোতালৰ দৰে বহল | সেই ঠাইতেই পূজা সেৱা প্রভৃতি কৰা হয় | তাত এটা বৈশিষ্ট আছে যে থাুনা বা বেদীৰ দাঁতিত প্রায় তিনিফুট বা চাৰে তিনিফুট ওখ চাৰিজোপা ডাল বিহিন গছ গজে | গছ কেইজোপা প্রায় একে সময়তে গজে | সেই কেইজোপা নমৰা পৰ্যন্ত তাৰ গুৰিত কেতিয়াও অন্য গছ নগজে | আগৰ জোপা মৰিলেহে সেই একে ঠাইতে আকৌ চাৰিজোপা সেই একে গছ গজে | এই চাৰিজোপা গছ দেৱীপূজাত ব্যৱহাৰ কৰা চন্দ্রতাপ ব্যৱহাৰ কৰিবলৈ চাৰিটা খুটি হিচাপেহে ব্যৱহাৰ হয় | চন্দ্রতাপ সম্পৰ্কত আন এটি বিশেষত্ব এই যে চন্দ্রতাপৰ বাবে তৈয়াৰ কৰা কাপোৰ এদিনতে তৈয়াৰ কৰা হ'ব লাগিব |   আগলৈ•••
    
   📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)