হেঙুলী ৰহণ

©Admin
0
মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা 
লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা ।
কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ,
ওলাইছে নেকি হেঙুলীয়া মুখ খনি এবাৰ ।
তোমাৰ কিৰণ পাই ওলালো এবাৰ
স্নান কৰোঁ নাদৰ পানী তুলি !
দেহৰ ৰন্ধে ৰন্ধে উজ্বলাই দিলা তুমি
তোমাৰ হেঙুলীয়া পোহৰ সানি ।
নিশা সপোন বোৰ কাঢ়ি নিলা তুমি
পুৱা আহি মোৰ হৃদয়ৰ আঁৰে আঁৰে তুমি ।
উজ্বলাই তুলিলা মোৰ সেন্দুৰীয়া মুখ খনি
তোমাৰ হেঙুলীয়া ৰহণ সানি ।
প্ৰকৃতিয়েও মোলৈ ৰ লাগি চাই,
লাজৰ ওৰণী টানি মই আছো লুকাই ।
মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা ।
মই লিখো দাৰি, কমা, ছন্দ হীণ 
            সবিতাৰ কথা ।
      
📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)