নাৰীৰ ক'লা পতাকা

©Admin
0

এতিয়া নাৰীৰ ক'লা পতাকা হে উৰা মাৰিছে
জীৱনৰ এই যুদ্ধত 
যিমান নিজকে সাহসী কৰিব খোজোঁ
সিমানেই ভয়ে আগুৰি ধৰিছে 
উঠন  বুকুত  ক্ৰমাৎ বৃদ্ধি পায়
ধপধপনিৰ
নাৰী কেনেকৈ নো সুৰক্ষিত আছে
প্ৰশ্ন জাগে মোৰ মনত?
দৈনন্দিন জীৱনৰ বাতৰিত সম্প্ৰচাৰিত বাতৰি সমূহে
ভয়ৰ মাত্ৰা দুগুণে বৃদ্ধি পাইছে
যদি লিখনিত সৱলিকৰণ হৈছে
তেন্তে কিয় সমসাময়িক প্ৰেক্ষাপটত নাৰীৰ ধৰ্ষণৰ বলি
অৱহেলিত, বিচলিত নাৰী আজি
সন্মানৰ মাপ কাঠিয়ে দেখোন আজি লুৰুলি জুপুৰি
সমাধান বোৰ কোনে দিব আমাক
ৰীতুপৰ্ণৰ পৰিয়ালত
এতিয়াও কান্দোনৰ ৰুল
বিচাৰি আছে ন্যায় বিচাৰ।

জীয়াৰী বোৱাৰী কিশোৰীও 
নাই‌ সুৰক্ষিত
জীৱনৰ নেওতা সম্পূৰ্ণ নহওঁতেই লৈছে মৃত্যুক সাৱটি
ধূলিয়ৰিৰ সৈতে মিলি গ'ল
অলেষ সপোন 
বিশ্বাস নাই এতিয়া
বিশ্বাসঘাটকতা বৃদ্ধি ক্ৰমান্বয়ে
জীয়া সপোনবোৰ এতিয়া
ক'লা কাপোৰ খনকে 
আকোঁৱালি লৈছে
চিনাকি বাটতো ভয়ৰ মাত্ৰা দুগুণে বাঢ়িছে
পৰিচয় বিহীন দুনয়নৰ পৰা
কলাই গাঁওৰ শিক্ষয়িত্ৰী গৰাকীৰ নো কি দোষ আছিল
যিগৰাকী য়ে জ্ঞানৰ পোহৰ দিছিল
যিয়ে জীৱনৰ সফল বাটত
উপনীত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে
সেই গৰকীৰো আজি ধৰ্ষণৰে বলি
ধিক্কাৰ দিওঁ কেতিয়াবা
এই জীৱনক
নাৰী জন্ম হলো কেলে য'ত নাই ন্যায় বিচাৰ
খেলিছে হেতাঁলী
যদি নাৰী দেৱীৰ তুলনীয় 
সৌন্দৰ্য বিস্তাৰৰ বাঁহক যদি নাৰীয়ে তেন্তে কিয় এতিয়া নাৰীৰ
ক'লা পতাকা চাৰিওদিশে।

📝অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)