বিশ্বাসৰ এটি টোপোলা

©Admin
0
মানুহক জানো চিনিব পাৰি ?
হয়তো পাৰি ৷
বিশ্বাসক আকোঁৱালি ল'ব  পাৰি
পিছে বিশ্বাসী হে পোৱা নাযায় বিচাৰি৷
মানুহৰ কথাবোৰ বৰ শুৱলা 
যাক ক'ব পাৰি মিঠামুখীয়া
ভাবিবও নোৱাৰি কৰিব পাৰিব বুলি বিশ্বাসঘাতকতা ।
মিছা প্ৰতিশ্ৰুতিৰ বান
মাৰিব পাৰে সঘনাই 
মিছা প্ৰলোভনেৰে দিব হিয়া জুৰাই
হৃদয় ভঙা গঢ়াৰ বহু প্ৰতিশ্ৰুতি ল'ব পাৰে সাঙুৰি ৷
বৰ্ষাৰ ঢলৰ দৰে বোৱাব পাৰে হিয়া
ভাবিব নাজানে হিয়াখন কিমান যে আকলুৱা
দুচকুত সিঁচি দিব পাৰে এডৰা সেউজীয়া ৷
 
উত্ৰাৱল হৃদয়ত ঢালি দিব পাৰে 
কালৰ কুটিল হাঁহি
উতপ্ত কৰিব পাৰে হৃদয়ৰ নিভৃত কোণ ৷
আঁকিব পাৰে দুচকুত সাতোৰঙী ৰামধেনু
প্ৰৱল প্ৰাণময় উচ্ছাস ৷
যৌৱনকো কৰিব পাৰে অভিশপ্ত
শব্দৰ মায়াজালে বন্দী কৰিব পাৰে জীৱন
নমাই আনিব পাৰে আঁউসীৰ তমসা ৰাতি ।

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)