আমাৰ গাওঁ আমাৰ চহৰঃ আমাৰ গৌৰৱ টেঙাখাত

©Admin
0
পৰিচয়:মোৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত টেঙাখাত নামৰ ঠাইত লোহালী গাঁঁৱত।ইয়াতে মোৰ শৈশৱ,যৌৱন,এই অঞ্চলৰ কপৌহুবা গাঁওলৈ মোৰ বিবাহ।কৰ্মস্থলীও মোৰ টেঙাখাতৰ একমাত্ৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।ইংৰাজী 1993চনৰ পৰা হিন্দী   শিক্ষয়িত্ৰী হিচাবে কৰ্মৰত। অদূৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ অঞ্চলৰ বিষয়ে সৰু কালৰ পৰা দেখি অহা আৰু বযসস্থ ব্যক্তি সকলৰ পৰা শুনি অহা কথা লগতে এই অঞ্চলৰ বিশিষ্ট লেখকৰ লিখনী পঢ়ি এই লেখা লিখিবলৈ সামান্য প্ৰয়াস কৰিছোঁ। জানিব পৰা গৈছে কোনো বুৰঞ্জীত টেঙাখাতৰ নাম উল্লেখ নাই।
পৃথিৱীৰ প্ৰায়বোৰ সভ্যতা নৈৰ উমত গঢ় লৈ উঠিছে। আমাৰ ডিব্ৰুগড় জিলাও প্ৰাণৰ বৰলুইতে উৰ্বৰা,জীপাল কৰি থৈছে।এই লুইতক সজীৱ কৰি থৈছে নৈ উপ নৈ সমূহে।ইযাৰে অন্যতম নদী বুঢ়ীদিহিঙ ।এই নদীয়ে উৰ্বৰা কৰা এটা অঞ্চল টেঙাখাত।এই টেঙাখাত শব্দটো টেঙা শব্দৰ আগত খাত  শব্দ যোগ দি টেঙাখাত হৈছে। টেঙাখাত ঠাইডোখৰ নাম কোনেও স্পষ্টভাবে ব্যাখ্যা দি যোৱা নাই।কিন্ত চৰকাৰী ভাৱে টেঙাখাতৰ নামটো অনাদি কাললৈ পঞ্জীভূক্ত হৈ ৰ'ল।আমি জানো একালত এই অঞ্চলত টেঙা জাতীয় গছ থকা বাবেই টেঙাখাত নামেৰে খ্যাত।অৱশ্যে নিশ্চয়কৈ কিবা এটা নিজস্ব ইতিহাস থাকিব লাগিব। টেঙাখাত নামটো সন্ধান কৰিব হলে আহোম ৰজা গদাধৰ সিংহৰ দিনলৈ উভতি যাব লাগিব। ৰজা গদাধৰ সিংহই শ'লগুৰিত আঘোণীবাৰী আৰু টিপামত ভাদৈ নগৰ পাতিবলৈ আহোঁতে এই ঠাই চকুত পৰে।ইয়াৰ মাটি টেঙা খেতিৰ বাবে উপযুক্ত বুলি জানিব পাৰে।তেতিয়া তেওঁৰ পৃষ্ঠপোষকতা এই ঠাইত টেঙা পাম বা টেঙাখাত খোলে।তেতিয়াৰে পৰা  টেঙাখাত খ্যাত হয়।পৰৱৰ্তী কালত টেঙাখাতৰ আহোম বিষয়াই শাসন ভাৰ চলাই। তাৰ ভিতৰত উল্লেখযোগ্য জালুক নাওঁহলীযা ফুকন,ধন চাওঁদাঙ বৰুৱা চাওৰুং ফুকন,গন্ধীযা ফুকন,তামুলী বৰুৱা আদিয়ে প্ৰধান। (দিহিং য়ে গৰকা টেঙাখাত সুখেশ্বৰ বৰুৱা দেবৰ গ্ৰন্থত উল্লেখ আছে)আগৰ পুৰুষ চামে কৈ অহা মতে টেঙাখাতত আহোম বিষয়া চাওৰুং ফুকনৰ টোল আছিল। বৰ্তমান পাণধোৱা কপৌহুৱা গাঁও নামেৰে জনাজাত। ইয়াৰ পূৰ্বে পশ্চিমে ভালেকেইটা ৰজা দিনৰ পুখুৰী এতিয়াও আছে। "জালুকনী পুখুৰী "জালুক নাওঁ হলীযা পত্নীযে খন্দা পুখুৰী। "পাণধোৱা পুখুৰী "খনন কাল নিৰূপণ কৰিব নোৱাৰিলেও পুখুৰীটো আহোম বিষয়াই খন্দা  বুলি অনুমান কৰিব পাৰি। এই পুখুৰী প্ৰায় এপোৱা মাটি বিস্তৃতহৈ আছে। পুখুৰীৰ অলপ আঁতৰত "ৰজা ভেটি বাম"নামৰ অতীতৰ এটা বামৰ অবশিষ্ট আছে।এই অঞ্চলৰ পাণধোৱা ৰ পৰা হাতীবন্ধালৈ যোৱা পথত ছয়বিঘা মাটিজুৰি বিস্তৃত এটা ইটা পৰা পুখুৰী আছে। পূৰ্বপুৰুষে কৈ যোৱা মতে ৰাজ বিষয়া পৰিয়ালৰ আমোদপ্ৰমোদৰ বাবে খন্দা হৈছিল। অতীতৰে পৰা এই পুখুৰী এটা বিশেষ মাহাত্ম্য থকা বুলি শুনা যায়। মানৰ আক্ৰমণৰ সময়ত উপায় হীনহৈ বহুত পৰিয়ালে তেওঁলোকৰ ধন সোন,অলংকাৰ আদি পুখুৰীটোত পেলাইথৈ পুনৰ ঘুৰি অহা আশাৰে পলায়ন কৰিছিল বুলি কথিত আছে। এই অঞ্চলত"ঘোমতাল পুখুৰী "হাতীবন্ধাত অৱস্থিত ।ৰজা দিনৰ পুখুৰী তিনিবিঘা মাটি জুৰি আছে।এই পুখুৰীৰ পানী আৰু বুঢীদিহংৰ পানী উচ্চতাৰ পৰিমাণ সদায় একে থাকে।ইযাৰ উপৰি আৰু কেইটামান পুখুৰী আছে। 
টেঙাখাতৰ বৃটিছ শাসন কালৰ প্ৰথম দুজন মৌজাদাৰ নাম পোৱা যায়। মগনা শইকীযা বৰ অভয়াপুৰীগাও আৰু বয়ন ফুকন গন্ধীযা গাঁওৰ। টেঙাখাতৰ প্ৰথম সাংসদ অসম বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰী লাভ কৰা প্ৰথম জন ব্যক্তি যোগেন্দ্ৰ নাথ হাজৰিকা। এই অঞ্চলৰ ভালেকেইজন উচ্চ পদবী পাপ্ত বিষয়া আছে ।বৰ্তমান এই অঞ্চলত উচ্চ পদবী শিক্ষাবিদ,ৰাজ্যিক কৃতী শিক্ষকৰ বটাঁ লাভ কৰা ব্যক্তি,সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি,ক্ৰীড়া পেঞ্চন লাভ কৰা ব্যক্তি,বহু প্ৰতিভাশালী অভিনেতা,শিল্পীৰ,বিশিষ্ট কবি ,লেখক,গায়ক,চিত্ৰকলাৰ,নৃত্য,ৰাষ্ট্ৰীয় খেলুৱৈ আছে।কৃষি আৰু ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি কৰা ব্যক্তি ও বহুত আছে।এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে বিদ্যালয় ,মহাবিদ্যালয়,ছোৱালী হাইস্কুল,ইংৰাজী মাধ্যমৰ বিদ্যালয় জাতীয় বিদ্যালয় ,বহু সংখ্যক প্ৰাথমিক বিদ্যালয়,উন্নয়ন খন্দ ,চিকিত্সালয়,ৰাজহচক্ৰ ,বেঙ্ক এচ,বি,আই,ইউকো,সুবনশিৰি গাৱঁলীয়া,বন্ধন বেংক আৰু পোষ্ট অফিচৰ আছে।যাতায়ত ব্যৱস্থাৰ সকলো গাঁও লৈ কিছু পকা ৰাস্তা কিছু কেঁচা ৰাস্তাৰ অহা যোৱা সুবিধা আছে।টেঙাখাত অঞ্চল সচাকৈয়ে ডিব্ৰুগড় জিলাৰ এখন গৌৰৱ  কৰিব পৰা ঠাই।ইযাত পচুৰ পৰিমাণে চাহ খেতি,ধানখেতি,বিভিন্ন ফলমূল,শাক পাচলি,বন ঔষধি,আৰু প্ৰাকৃতিক সম্পদ,তেলখাতো কেইবাটাও আছে। এই অঞ্চল বিভিন্ন জাতি জনগোষ্ঠী আৰু সংস্কৃতিৰ হিন্দু মুছলিমৰ সমন্বয়ৰ স্থলি।ইযাত বহুত দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠান সক্ৰিয় হৈ আছে। মোৰ টেঙাখাতৰ এইয়া চমু আভাস মাত্ৰ ।জয়তু টেঙাখাত।জয়তু টেঙাখাত বাসী।

📝হিৰণ্য চেতিয়া গগৈ 
টেঙাখাত ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)