আপুনি চাকৰিৰ বাবে ইণ্টাৰভিউত সফল হবলৈ কেনেধৰণৰ প্ৰস্তুতি চলাব ?

©Admin
0
চৰকাৰী খণ্ড  হওক বা বেচৰকাৰী খণ্ড এজন উত্তম কৰ্মচাৰী বাছনি কৰিবলৈ 
ইণ্টাৰভিউ পদ্ধতিৰ অৱলম্বন কৰে ৷ ইণ্টাৰভিউ শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ'ল 
সাক্ষাৎকাৰ ৷ সাক্ষাৎকাৰ ব্যৱস্থাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধা হয় বা কৰা হয় সেইয়া নিৰ্ভৰ কৰে সাক্ষাৎকাৰ লওঁতাজনৰ ওপৰত ।গতিকে এটা চাকৰি পাবলৈ আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব বা কৰিব এই বিষয়ে এই লেখাটিত আপোনাক বিতংকৈ জনাম ৷
ইণ্টাৰভিউ বুলি কোৱা মাত্ৰে ব্যক্তিৰ মনত এটা ভয় ভাৱৰ সঞ্চাৰ হয় ৷ কিন্তু এটা সফল ইণ্টাৰভিউৰ কাৰণে নিজকে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেইবাটাও স্টেপ লোৱাৰ প্ৰয়োজনীয়তা আছে ৷ গতিকে মই আপোনাক তেনে কেইটামান স্টেপৰ বিষয়ে জনাম যাতে আপুনি সফলতাৰে সাক্ষাৎকাৰত অৱতৰণ হব পাৰে ৷ 
এটা সাক্ষাৎকাৰৰ কাৰণে প্ৰস্তুত কৰিবলৈ প্ৰধানকৈ মন কৰিবলগীয়া কথাটো হ'ল যে নিয়োগকৰ্তাৰ প্ৰশ্ন সুধাৰ পাছত নিজকে এক শান্ত স্থিতিত ৰখাৰ লগতে নিজৰ লক্ষ্যও যোগ্যতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি স্পষ্টতা ৰখাৰ আৱশ্যকতা আছে ৷ গতিকে তলৰ কথাকেইটালৈ মনযোগ দিয়ক -

১ / নিয়োগকৰ্তাই সুধা প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ সহ উদাহৰণ দিয়াতো এক 
উত্তম গুণ ৷ 
২/ বহাৰ ধৰণৰ ওপৰত গুৰুত্ব ৷ দিব লাগে চকীখনত বহোতে ৰাজহাড় পোন কৰি ভৰি কোচ নকৰাকৈ বহিব লাগে ৷
৩/ ইণ্টাৰভিউ কোঠাত সোমাই যোৱাৰ আগতে ভিতৰত বহি থকা নিয়োগকৰ্তাৰ অনুমতি লৈহে সোমাব লাগে ৷
৪/ চকীত বহাৰ আগতে নিয়োগকৰ’ অনুমতি লোৱাটো বাঞ্ছনীয় ৷
৪/ চাকৰিটো প্ৰাপ্ত কৰিবলৈ নিয়োগকৰ্তাৰ ভুলেশুদ্ধই প্ৰতিটো কথাত হয়ভৰ নিদিব কাৰণ নিয়োগকৰ্তাই ভুলকৈ কৈ আপোনাৰ সাধুতাৰ পৰীক্ষা লব পাৰে ৷
৫/ ইণ্টাৰভিউত সাজপাৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত ৷ ইণ্টাৰভিউ দিবলৈ যাওঁতে সাজপাৰত ফৰ্মেলিটি বজাই ৰখাটো অতি আৱশ্যক ৷
৬/ নিজৰ প্ৰপত্ৰ আদি পৰিপাটীকৈ ফাইলত ভৰাই নিব লাগে ৷
৭/ সময়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আধাঘণ্টাৰ আগতে ইণ্টাৰভিউ কেন্দ্ৰত উপস্থিত হোৱাটো বুদ্ধিয়কৰ কাম ৷
সাক্ষাৎকাৰত সফল হবলৈ এইকেইটা কথা আখৰে আখৰে পালন কৰিলে নিশ্চিত আপোনাৰ চাকৰি পোৱাটো ৷
                   আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)