সপোনৰ সমাপ্তি (একমিনিটৰ গল্প)

©Admin
0
প্ৰাৰ্থনাই বহুত কষ্টৰে পঢ়া শুনা কৰিছিল তাইৰ ওঘৰ খনৰ কথা চিন্তা কৰি কাৰণ তাইৰ দেউতাক ঢুকাইছিল তাই ক্লাছ নাইনত পঢ়ি থাকোঁতেই ।মাকৰ অশেষ কষ্টৰ ফলত তাই নিস্থাৰে পঢ়া শুনা কৰিছে, মাকে দিনটো বেলেগৰ ঘৰত হাজিৰা কৰে আৰু সেই টকাৰে তাইৰ পঢ়াৰ খৰছ পাতি যোগাৰ কৰে, অৱশ্যে তাইৰ মোমায়েকেই তাইৰ পঢ়া শুনাৰ বহু দ্বায়িত্ব বহন কৰে ।প্ৰাথৰ্না সৰুৰ পৰাই মেধাৱী আছিল তাইৰ এটাই লক্ষ্য আছিল ভবিষ্যতে তাই যাতে এজনী সুযোগ্য আৰু খ্যাতিসম্পন্ন ব্যক্তি হৈ ঘৰখনৰ মান আৰু গাওঁৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে । তাইৰ ভায়েক দুজন কঙ্কণ আৰু মৃণাল, দুয়ো ভায়েক পঢ়া শুনাত বিশেষ মেধাৱী নাছিল, ইফালে দেউতাকৰ অনুপস্থিতিত আৰু মাকৰ কষ্টবোৰলৈ চাই সিহঁতে পঢ়া শুনাবোৰ কলিতে মৰহি যোৱা ফুলৰ দৰে হ'ল।  সুকুমল
 সানিধ্যৰ দাবীদাৰ হব নোৱাৰি মাকক কামত সহায় কৰিবলৈ প্ৰচেষ্টা কৰিবলৈহে ধৰিলে কিন্তু সিহঁতে বায়েকৰ পঢ়াৰ মেধাৱী গুণবোৰৰ প্ৰসংশাত যি কিছু পাৰিশ্ৰমিক পাই সকলো গোটাই মেলি মাকৰ হাততে জমা কৰি থৈছিল । সেইদৰে সিহঁতৰ নিচলা সংসাৰখন সুখে শান্তিৰে চলি গৈছিল ।প্ৰাথৰ্নাৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল খুউৱ ভাল আছিল।  সকলো বিষয়তে লেটাৰ সহ উতীৰ্ণ  হৈছিল ঠিক সেইদৰে উচ্চতৰ মাধ্যমিকৰ ফলাফলও ভাল হৈছিল, স্নাতক পাঠ্যক্ৰমত ইংৰাজী বিষয়ত মেজৰসহ প্ৰাথৰ্নাৰ ৰিজাল্টবোৰে ঘৰ খনৰ নিশকতীয়া পৰিয়ালটোলৈ আনন্দৰ ঢল  বোৱাই অনাই নহয় গাঁৱৰ সকলো মানুহলৈয়ে আনন্দৰ জোৱাৰ  বোৱাই আনিছিল । তাই মনতে সংকল্প ললে তাই এ,পি, এছ, ছি পৰীক্ষাত ভাল ফল দেখুৱাব আৰু গাওঁৰ আৰু জিলাৰ নাম উজ্জ্বলাব। ভবা মতেই গাঁৱৰ ৰাইজৰ সহযোগত আৰু মোমায়েকৰ ঘৰৰ সহযোগত পৰীক্ষাত বহিবলৈ সমৰ্থ হৈছিল ।তাই পৰীক্ষা ভালকৈয়ে দিলে আৰু ফলাফলৰ বাবে অপেক্ষা কৰিলে কিন্তু ফলত গুটি নধৰিলে তাই এ,পি, এছ, ছি পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে ।তাই পৰীক্ষা ভালকৈয়ে দিছিলে কিন্তু কিয় ফলাফল ভাল নহল সেই সাথঁৰ টোহে বুজি নেপালে । কি কৰে এতিয়া তাই, ঘৰখন গাঁৱৰ মানুহক কি ক'ব।কাৰণ তাই তেনেকুৱা উচ্চ   পদবীৰ  কোনো মানুহকেই চিনি নেপায়। সাধাৰণ মেধাৰ জৰিয়তে কেনেকৈ এ,পি, এছ, ছি দৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব। প্ৰাথৰ্নাই আত্মহত্যাৰ বাদে একো পথেই বিছাৰি নেপালে, তাই জীয়াই থকাৰ সঁচা  অৰ্থ  বিছাৰি হাবাথুৰি খালে ।কিন্তু তাই পাব কি এই সংসাৰত মাত্ৰ লোক নিন্দা।আত্ম সমৰ্পন কৰিব নোৱাৰে তাই কোনো মূখা পিন্ধা ভদ্ৰৰ ওচৰত । গতিকে তাই আত্ম হত্যাৰ পথেই বাছি ললে।এনেকৈয়ে এটা ভাল ভবিষ্যতৰ পৰিসমাপ্তি ঘটিল ৷ 

📝ৰিজু মণি দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)