সেউজী পাতৰ আঁৰে আঁৰে লুকাই থকা কেমজেলুকা বিচাৰি শাকনি বাৰিত প্ৰৱেশ কৰিলে নিবিৰাজে । চৌদিশে দেখিলে অন্ধকাৰ নামি আহিছে । অনতিপলমে ঘৰ মূৱা নহ'লে আকৌ লাগিব পাৰে কৰবাত জগৰ, সেয়ে কেমজেলুকা বাদ দি ঘৰত আহি সোমালহি । মাতৃৰ মৰমে নিবিৰাজৰ আলফুলীয়া হৃদয়খনক এখন পবিত্ৰ সুভাসিত ফুলৰ কাননৰলৈ ৰূপান্তৰিত কৰি পেলায় ।
নিবিৰাজে মাকক কয় -'মা , আপুনি বাৰু মোক এৰি এদিন বহু দূৰলৈ গুচি যাবা নেকি? তুমি যদি পাপাৰ দৰেই মোক নিঠৰুৱা কৰি গুচি যোৱা গৈ মই কাৰ লগত থাকিম।'
' মোৰ বেটাটো, (হাঁহিৰে কয় ) নাযাওঁ । ক'লৈ নো যাম ? তুমিয়ে মোৰ সোণ, মই তোমাৰ লগত সদায় থাকিম। আহা ,এতিয়া ভাত খাবা । আইতা ৰৈ আছে।'
নিবিৰাজৰ আপোন বুলিবলৈ মাথোঁ মাতৃ হিৰামনি আৰু আইতাক । নিবিৰাজ দুয়োৰে হিয়াৰ আমঠু আৰু একমাত্ৰ আশাৰ কলি । তেখেতসবৰ জীৱনৰ জীপাল বন্তিগছি নিবিৰাজকলৈয়ে সেউজী হৈ উঠিছে ।মাতৃয়ে স্বামিক হেৰুৱাৰ বেদনাৰ মাজতো ভৱিষ্যতৰ এক সপোন খপি ৰাখিছে নিবিৰাজকলৈ । আশাৰ সীমা কাৰো নাথাকে, আশাৰ উৎসৰ থলেই অসীম ।কিন্তু ইয়াৰ মাজতো এটি গৌণ আশা প্ৰত্যেকৰে থাকে; নিবিৰাজৰ মাতৃৰ সেই গৌণ আশাই হ'ল নিবিৰাজক এজন প্ৰকৃত শিশুস্বৰূপে গঢ় দিয়া ।
এমাহৰ বয়সতে নিবিৰাজে পিতৃক হেৰুৱাই পিতৃত্বৰ মৰম-চেনেহৰপৰা বঞ্চিত হ'ল । লালিত-পালিত হ'ল মাতৃ আৰু আইতাকৰ তত্বাৱধানত। নিয়তিৰ বিচাৰে সময়ৰ সোঁতত লৈ আনি থিয় কৰাইহি পাঁচ বছৰ বয়সত । কিন্তু দুৰ্ভগীয়া জীৱনৰ পলে তাৰ পাছ এৰিবই নুখুজে । শৰীৰৰত নিয়তিৰ বৰ হৈ ৰ'ল এটি বিকাৰ।নিমিষতে কেতিয়াবা মূৰ ঘূৰণিত আক্ৰান্ত হৈ ধৰাত বাগৰি পৰে । এনে পৰিস্থিতিকলৈ মাতৃ-আইতাক বৰ চিন্তিত হৈ পৰে।অৱশ্যে চিকিৎকৰ সহায় নোলোৱা নহয়, নিয়মিতভাৱে ঔষধো সেৱন কৰে । কিন্তু সুস্থ হৈ উঠা নাই ।
সময়ৰ লগত খোজ মিলাই সময়ৰ সৈতে সমাজখনৰ লগত খাপ খাবলৈ প্ৰয়োজন হয় শিক্ষা । শিক্ষা আহৰণে শিশুক এজন প্ৰকৃত মানৱ হিচাপে গঢ় দিয়ে ।মাতৃ আৰু আইতাকে এই কথা খুব ভালকৈ অনুভৱ কৰিছিল । সেয়ে এজন গৃহ শিক্ষকৰ ওচৰ চাপিছিল ,তেখেত আছিল মিণ্টু দোলাকাষৰীয়া । প্ৰথমাৱস্থাত সময়ৰ অভাৱৰ বাবে নিবিৰাজক টিউচন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল, কিন্তু নিবিৰাজৰ সুপ্ত প্ৰতিভাক খুব ভালকৈ উপলব্ধি কৰিছিল । সেয়ে মাকক অৱগত কৰিছিল -" মোৰ ওচৰত নিবিৰাজক পঢ়াব পৰাকৈ সময় নাই , কিন্তু আপোনাৰ ল'ৰাৰ ভৱিষ্যতৰ কিছু ক্ষণৰ জ্যোতি বৰ সুন্দৰ হ'ব যেন অনুভৱ কৰিছোঁ, যদি সেই জ্যোতিৰ পোহৰেৰে গমন কৰাব পৰা যায়, তেন্তে ভৱিষ্যতৰ উন্নয়নৰ আশা কৰিব পাৰি আৰু ভাল শিক্ষকৰ পৰশ পালে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিব, মাথোঁ আপোনালোকে এটি সুন্দৰ পৰিৱেশ যোগান ধৰাত অব্যাহত ৰাখিব লাগিব । আপুনি আন কৰোবাত বিচাৰি চাওঁক, ক'তো নাপালে মোক জনাব । আচলতে মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ টিউচন নকৰোঁ, অষ্টম শ্ৰেণীৰ পৰাহে আৰম্ভ কৰোঁ । সিহঁতৰ লগত তেওঁক পাঠদান কৰিলে তেওঁ পূৰ্ণাঙ্গৰূপে সাফল্যমণ্ডিত নহ'ব।"
নিৰাশাৰে মাতৃয়ে ঘৰলৈ গুচি যায় । একসপ্তাহ ধৰি কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰীয়ৰ ওচৰলৈ গৈছিল, কিন্তু সকলোৱে মাকক বেদনাৰে ঘূৰাই পঠাইছিল । উপায়হীন হৈ একসপ্তাহৰ পাছত, সোমবাৰৰ দিনটিত গাঁৱৰ ভাৰ্গৱৰ লগত নিবিৰাজক মিণ্টু ছাৰৰ ওচৰলৈ টিউচন কৰিবলৈ পঠিয়াই দিছিল ।
চুটি-চাপৰ কণমানি শিশুটিক দেখি মিণ্টু ছাৰে ভাৰ্গৱক সুধিলে-' ভাৰ্গৱ ,এয়া কোন ? তোমাৰ ভাইটি নেকি ? "
" নহয়, ছাৰ । "-- বুলি কওঁতেই নিবিৰাজে টপৰাই ক'লে----" ছাৰ , আমাৰ মা আপোনাৰ ওচৰলৈ আহিছিল নহয়! '
নিবিৰাজৰ মৌসনা মধুৰ কথাৰ সুৰত মিণ্টু ছাৰ থমকি ৰ'ল ।ছাৰে যেন অনুভৱ কৰিছিল জীৱনৰ এটি নতুন অধ্যায়ৰ পাতনি মেলিবলৈ এই মূহুৰ্ততে সুযোগ লাভ কৰিছে। মুগা বৰণৰ শৰীৰৰ, অৰ্চিজ্যোতিত জিলিকি থকা বালিৰ সদৃশ চুলিৰ চিক্মিকনি,নিভাঁজ চেপেটা নাকটি আৰু কুলুকুলু কৈ বাগিন্দ্ৰীয়ৰপৰা নিগৰি অহা ৰসাল সুমধুৰ কণ্ঠৰ বোলনিয়ে মিণ্টু ছাৰক আপ্লুত কৰি মোহিত কৰি পেলাইছিল । বিশেষ একোৱেই প্ৰশ্ন কৰা নাছিল, মাথোঁ এটাই শব্দ আকস্মিকভাৱে বৰ্ষণ হৈ মুখেৰে নিগৰিত হৈছিল --"তুমি ভালদৰে পঢ়িবা হা ।"
পাঠদান আৰম্ভ কৰা হ'ল ।নিবিৰাজৰ কাষচাপি প্ৰাথমিক জ্ঞানৰ নমুনাৰ অভাস লোৱা হ'ল।কিন্তু পৰীক্ষণত মিণ্টু ছাৰে অনুভৱ কৰিলে যে বুদ্ধ্যাংক একেবাৰেই নিম্ন । প্ৰাপ্ত জ্ঞানৰ নমুনা অনুসৰি পঞ্চম শ্ৰেণীৰ পৰিৱৰ্তে প্ৰথম শ্ৰেণীৰহে যোগ্য। কিন্তু অনুভৱ কৰিছিল যে নিবিৰাজে নিজৰ প্ৰতিভাক বিকশিত কৰিবলৈ এখন ভাল মঞ্চ লাভ কৰা নাই । প্ৰথম দিনৰ অন্ত পৰিল ।পুনৰ সূৰুযৰ কিৰণে দশোদিশত উদ্ভাসিত কৰাৰ লগে লগে পুৱা ৫:০০ বজাত টিউচনত উপস্থিত হয়হি অকলে । পুৱাই কণমানি শিশুটিক দেখি মিণ্টু ছাৰে সুধিলে ---"বেটা, তুমি কাৰ লগত আহিলা ? এতিয়া তোমাৰলোকৰ নাই নহয় ? "
" অকলে আহিলোঁ ? "(মিচিকিয়াই হাঁহি উত্তৰ দিয়ে ।)
ছাৰে হাঁহি কয় ----" ভিতৰলৈ আহা , বহা। "
বেঞ্চত নব'হাকৈয়ে টপৰাই কয় --"ছাৰ , কালি কৰি আনিবলৈ দিয়া আংককেইটা কৰি আনিছোঁ, চাবনে ?"
" চাম ,তুমি বহা মই ভিতৰৰ পৰা আহিছোঁ । কি খাই আহিলা বেটা ? "
"একো খাই নাই আহা ?" (মনত কোনো শংকা নথকাকৈ কৈ পেলায় ।)
ছাৰে ভিতৰলৈ গৈ এগিলাছ গাখীৰ আনি নিবিৰাজক দিয়ে। ছাৰে কয় --------" বেটা, এয়া গাখীৰ , খাই লোৱা । তাৰ পাছত তোমাক ইংৰাজী পঢ়াই দিম।"
" ছাৰ , আপুনি নাখায় নেকি ? "
" মই, চাহ খাম, তুমি খোৱা ।"
" ছাৰ ,একে লগে খাম, এতিয়া পঢ়ি লওঁ ।"
" মোৰ পলম হ'ব ,তুমি খাই লোৱা আজি ।"( ছাৰে গিলাচটো আৰু বিস্কুটৰ প্লেটখন আগবঢ়াই দিয়ে ।)
নিবিৰাজে গাখীৰ খোৱা মূহুৰ্তত ছাৰে তাৰ গৃহকাৰ্যবোৰ নিৰীক্ষণ কৰে। ছাৰে উপলব্ধি কৰিছিল যে সামন্য ধাৰণা নথকাকৈ কালি নতুনকৈ অধ্যয়ন কৰা পাছতেই একে আৰ্হিৰ সমস্যাবোৰ সমাধান কৰিব পাৰিছে । যদি নিবিৰাজক ভালদৰে তত্ত্বাৱধানত ৰখা হয় , নিশ্চয় নিবিৰাজৰ জখলাডাল ওপৰলৈ বঢ়াই নিব পৰা যাব। কিন্তু নিবিৰাজক দিব পৰাকৈ ছাৰৰ ওচৰত সময় একে বাৰে নাছিল । অষ্টম, নৱম,দশম,শ্ৰেণীৰ ক্লাছ পুৱা ৫:৩০পৰা ৮:৩০ লৈকে থকাৰ পাছতে ৯:৩০ বজাত স্কুলত ক্লাছ ধৰিবগৈ লাগে। আনহাতে, পাছবেলা ৩:০০ বজাৰ পৰা একাদশ, দাদ্বশৰ ক্লাছ নিশা ৮:০০ বজালৈকে থাকে । সেয়ে ক্লাছৰ অন্তত নিবিৰাজক ক'লে ----"বেটা, এইকেইদিন তুমি আহিব নালাগে । মই যেতিয়া সময় উলিয়াব পাৰিম তোমাক মাতিম ।" ছাৰৰ উদ্দেশ্য আছিল-দেওবাৰ দিনটোত সময় উলিয়াই অলপ নিবিৰাজক পঢ়াই দিব ।
নিবিৰাজক ৬:০০ বজাত ছুটী দিয়া হ'ল । ৫:৩০ বজাত দশম শ্ৰেণীৰ ছুটীৰ অন্তত ভাৰ্গৱহঁতৰ ক্লাছ আৰম্ভ হ'ল । ক্লাছৰ অন্তত ভাৰ্গৱক নিবিৰাজৰ মাকক ক'বলৈ কৈ পঠিওৱা হ'ল যে নিবিৰাজক তেখেতে টিউচন নকৰে , সময় নাই । সময় পালে নিবিৰাজৰ মাকক এবাৰ তেখেতৰ ওচৰলৈ আহিবলৈ ক'বা ।
দিন বাগৰি নিশাও আঁতৰিল । পিছদিনা পুৱাই ৪:৪৫ বজাত নিবিৰাজৰ সৈতে মাকে ছাৰৰ ঘৰত উপস্থিত হয়হি । মাকে ছাৰক কয় যে নিবিৰাজক কোনেও গাধা বুলি টিউচন কৰিব নিবিচাৰে, বহুকেইজনৰ ওচৰত তেখেতে অনুৰোধ কৰিছিল । যিকোনো উপায়েৰে সময় উলিয়াই নিবিৰাজৰ অলপ দায়িত্ব ল'বলৈ অনুৰোধ কৰে । ছাৰে নিবিৰাজৰ উৎসাহ দেখি আৰু মাতৃৰ লুচন দেখি তেওঁলোকক নিৰাশিত নকৰিল । নিবিৰাজক পঢ়ুৱাৰ দায়িত্ব মূৰপাতি ল'লে । কিন্তু সময় উলিয়াব কেনেকৈ ? ভাবিলে অষ্টম শ্ৰেণীৰ দুটা দিন আৰু নৱম শ্ৰেণীৰ এটা দিন কমাই নিবিৰাজক সময় দিব। অন্তিমত এই সিদ্ধান্তকে বাহাল ৰাখি কাৰ্যায়িত কৰিলে । কিন্তু প্ৰথমাৱস্থাত একসপ্তাহ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পাঠদান আৰম্ভ কৰে । ইয়াৰ মূল কাৰণটো আছিল- নিবিৰাজক পঢ়াৰ প্ৰতি আৰু অলপ আগ্ৰহী কৰি তুলা, হয়তো প্ৰথমাৱস্থাতে অকলশৰীয়া অনুভৱ কৰিলে ক্লাছলৈ আহিবলৈ হেমাহি কৰিব পাৰে বুলি ছাৰে অনুভৱ কৰিছিল । এজন শিশুৰ মনৰ মাজত কেনেকৈ সোমাব লাগে, সেই অভিজ্ঞতা বেচ কম নাছিল । এনেদৰে দিন বাগৰি গ'ল । সৰলৰ পৰা কঠিনৰলৈ পাঠদান আগবঢ়াই নিলে, কিন্তু পূৰ্বৰ শ্ৰেণীৰ পাঠ্যপুথিৰ কিছু জ্ঞানৰ অভাৱৰ বাবে নিবিৰাজে পঞ্চম শ্ৰেণীৰ পাঠবোৰ ভালদৰে পঠন-লিখনৰ লগতে পাঠৰ বিষয়বস্তুক আয়ত্ব তথা আহৰণ কৰাত ব্যৰ্থ হৈছিল।
শনিবাৰে ক্লাছৰ শেষত ছাৰে কয় ---" বেটা, তুমি নোৱাৰিছা যে , বুজি পোৱা নাই নহয় জানোঁ ? তুমি বুজি নাপালে কিতাপত থুপখাই থকা জ্ঞানবোৰ নাপাবা নহয়, পৰীক্ষাতো ভাল নম্বৰ নাহিব, তুমি ভাল ল'ৰা বুলি কোনেও নাজানিব, অকল মই, তোমাৰ মা আৰু আইতাইহে জানিম । কিন্তু মই বিচাৰোঁ তোমাক সকলোৱে ভাল ল'ৰা বুলি চিনি পোৱাতো , স্কুলত সকলোতকৈ সৰহ নম্বৰ পোৱাতো, চোৱা আগতকৈ বহুত তুমি পাৰিছা । যদি তুমি আৰু পঢ়া , বহুত বহুত পাৰিবা । মোতকৈও বহুত পাৰিবা , মই যদি দিনটোত এখন কিতাপ মনপুতি পঢ়োঁ , কিন্তু তুমি যদি দুখন কিতাপ মনপুতি পঢ়া তুমি মোতকৈও বেছিকৈ জানিবা ।"
" ছাৰ, মই পঢ়িছোঁ । আগতকৈ ডেৰিলৈকে পঢ়িছোঁ । আপুনি পঢ়াই দিয়া খিনি ঘৰত মই পঢ়োঁ ।"( মিঠা মিঠা মাতেৰে প্ৰকাশ কৰে নিবিৰাজে মনৰ ভাৱবোৰ ।)
"ওম , মই গম পাইছোঁ, তুমি পঢ়িছা । কিন্তু আৰু অলপ আমি কষ্ট কৰিব লাগিব । সেয়ে মই ভাবিছোঁ কাইলৈৰ পৰা তোমাক অকলে পঢ়াম , তেতিয়া তোমাক বেছিকৈ শিকাবলৈ সময় পাম। তুমি অকলে আহিবা নাই । "
" অ , আহিম ছাৰ ।"
দেওবাৰৰ বতৰটো ফৰকাল আছিল । উজ্জ্বলময় দিনটোৰ ক্ষণবোৰো বৰ মধু আছিল । পুৱা ৮:৩০ বজাত নিবিৰাজ টিউচনৰ বাবে আহি উপস্থিত হৈছিল । নিবিৰাজক এগিলাছ গাখীৰ আৰু এটা জাহাজী কল খাবলৈ দিছিল । বিষয় আছিল গণিত । গণিতৰ বিষয়বস্তু হিচাপে সেইদিনটোৰ বিষয়বস্তু নিৰ্বাচন কৰি লোৱা হৈছিল উকলা যোগ অংক । কিন্তু যোগ অংকৰ বাবে প্ৰয়োজনীয় সমল যোগৰ নেওঁতাৰ সাঁচ নিবিৰাজৰ স্মৃতিৰ সাঁচত পোৱা নগ'ল , প্ৰয়োগ কৰা হ'ল বুজাবৰ বাবে বিকল্প পদ্ধতি । এখন কটাৰি এডাল লাঠি লৈ নিবিৰাজক সৰু সৰু কৈ কিছু লাঠি বনাবলৈ দিয়া হ'ল , সম্মুখত থোৱা হ'ল এটা পাত্ৰ , কোৱা হ'ল পাত্ৰটো পূৰ্ণ হোৱাকৈ লাঠি বনোৱা । কথা অনুসাৰে কাৰ্য সম্পাদন হ'ল । তাৰ পাছতে আৰম্ভ কৰিলে যোগ অংক কৰাৰ কাৰ্য ,বহীত পাতি দিয়া হ'ল দুশাৰীয়া অংক । লাঠিৰ সহায়ত সংখ্যাবোৰ একত্ৰিত কৰি গণণা কৰিবলৈ দি প্ৰাপ্ত সংখ্যাটিৰ আংককেইটাৰ একক দহকৰ স্থানৰ আভাস দি এককৰ ঘৰৰ অংকটো বহিব, দহকৰ স্থানৰ অংকটো আঁতৰি গৈ সম্মুখৰ শাৰীৰ যোগলটোৰ লগত লগলাগিব বুলি বুজাই দিয়া হ'ল । সুন্দৰভাৱে অংকটো সম্পাদন কৰিলে । কিছু নিজৰ ইচ্ছা অনুসৰি নিজৰ তৰফৰপৰা পাতি কৰিবলৈ উৎসাহ দিয়াত যিকেইটা কৰিছিল শুদ্ধকৈ সম্পাদন কৰিছিল । অংককেইটা সমাধান কৰাৰ পাছত মুখস্হ নথকাকেও কেনেদৰে যোগৰ নেওঁতা অনায়াসে লিখিব পাৰি তাৰো আভাস দিয়া হ'ল। লিখিত যোগৰ নেওঁতাৰ দ্বিতীয় ঘৰটো কিছু সময় ধৰি পঢ়াই থকা হৈছিল যাতে মুখস্হ হৈ ৰয়। ভবা অনুসৰি মুখস্হ হৈ ৰ'ল । ছুটীৰ সময় হ'ল । ছুটীৰ দিবৰ সময়ত ছাৰে ক'লে----' মোৰ আজি তোমাক পঢ়াই খুব ভাল লাগিল , কাৰণ তুমি মনোযোগ দি পঢ়িলা , আৰু চোৱা তুমি একে দিনাই ইমানবোৰ পাৰিলা । এতিয়া ঘৰলৈ গৈ গা ধুই , ভাত খাই অলপ জিৰণি লৈ পুনৰ তোমাৰ মনৰপৰা দুটামান অংক কৰি ৰাখিবা আৰু কাইলৈ মোক দেখুৱা , নিশা তুমি ৫ ঘৰৰ লৈকে মুখস্হ কৰি আহিবা হা । পিছে আজি তোমাৰ পঢ়ি কেনেকুৱা লাগিল ? অকলে বুলি আমনি পালা নেকি ? "
"নাই লগা আমনি, ভালকৈ বুজি পাইছোঁ আজি । ছাৰ, মই অকলে আহিম নেকি সদায় ?"
" ঠিক আছে , আহিবা । কিন্তু ঘৰত সদায় মনপুতি পঢ়িলেহে পাৰিবা । ঠিক আছে বেটা , এতিয়া ছুটী দিছোঁ হা ! "
" অ' , নমস্কাৰ ছাৰ ।"
টপৰাই বেগত কিতাপ-বহী ভৰাই পিঠিত বেগ লৈ কোঠাৰ পৰা ওলাই যায় । জিজ্ঞাসু দৃষ্টিত জিলিকি উঠিছিল যেন কিবা সুধিব, সম্ভৱ সেয়া আছিল কাইলৈ কি পঢ়াব ছাৰ ? কিন্তু হঠাতে পৰৱৰ্তী গ্ৰোপৰ ছাত্ৰ-ছাত্ৰীসকলৰ চাইকেল থোৱা ওগুল-থুগুলৰ বাবে নিজৰ চাইকেলখন আঁতৰাই দিবলৈ প্ৰয়াস কৰোঁতে ছাৰে ভিতৰলৈ সোমাই আহিল। ছাৰে ভিতৰৰপৰা খিৰিকীৰে নিবিৰাজক প্ৰতক্ষ্য কৰি আছিল । দেখিছিল, এক নিৰাশা বুকুত বান্ধি গুচি গৈছিল ।
দৃশ্য---- ২
বসন্তৰ বতৰত ফুলৰ সুগন্ধিত পখিলা, মৌ ,ভুমুৰাই ফুলৰ ৰসৰ বাবে মতলীয়া হৈ পৰে । অসমীয়াৰ বুকুৰ আমঠু ব'হাগ বিহু বসন্তৰ কুলাতে জন্মে । কুলি-কেতেকীৰ আলফুলীয়া মধুৰ মাতেৰে প্ৰাণ ভৰি যোৱাকৈ বতৰা দি যায় ব'হাগ আহিছে ।দশোদিশে পুষ্পিত কুসুমে মলয়াৰ বতাহত মেলি দিয়ে অমৃত সুভাস। এনে মধুময় পৰিবেশত নিবিৰাজৰো মস্তিষ্কত আসন পাতি বহেহি আই স্বৰস্বতিৰ আৰ্শীবাদ । এক মন এক ধ্যান পাঠ্যপুথিৰ লগত লীন হৈ যাবলৈ ধৰে । নিতৌ পুৱা-গধূলি নিয়মিতভাৱে ঘৰত পঢ়া, স্কুল-টিউচনৰলৈ আহা-যোৱা কৰা এক অবিচ্ছেদ্য অংগ হৈ পৰিল । কোনো দিনেই নিজৰ কৰ্তব্যক অৱহেলা কৰা নাছিল, সেয়ে গালি শপনিও পাৰিবলগীয়া হোৱা নাছিল । জ্ঞান আহৰণৰ ৰেখাডল ক্ৰমান্বয়ে ঊৰ্ধগামী হ'বলৈ ধৰিল । বৰ বেছিকৈ বুজাই দিবলগীয়াও হোৱা নাছিল । ছুটীৰ অন্তত নিতৌ সুধে কাইলৈ কি পঢ়াব ছাৰ ? । এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছিল দুই তিনিৰ ভিতৰতে । ছাৰে যিটো বিষয়ৰ যিটো পাঠ পঢ়াম বুলি কৈ দিয়ে, সেইটো আগতীয়াকৈ পঢ়ি আহে ।কেৱল সেয়াই নহয়, কঠিন শব্দবোৰ বাচনি কৰি বহীত লিখি ৰাখে ,কেতিয়াবা সময় নাটনি হ'লে কিতাপখনতে দাগ দি ৰাখে ।
১৪ এপ্ৰিল,২০১৩ বৰ্ষ । আকাশত শুকুলা ডাঁৱৰ । ৰ'দালিয়ে ৰ'দ দিছে । কিন্তু ৰ'দালিৰ ৰ'দতো ভাঁহি ফুৰিছে মনৰ স্বাধীনচতীয়া অনন্দ । আনন্দ বা কিয় নহ'ব ? কিয়নো অসমীয়া প্ৰাণৰো প্ৰাণৰ হিয়াৰ আমঠু বিহুৰ উৰুকা দিন । সকলো ছাত্ৰ-ছাত্ৰীয়ে উৰুকাৰ মজা ল'বলৈ টিউচনৰ ক্লাছত উপস্থিত নাছিল । কিন্তু নিবিৰাজৰ মনত বিহুৰ উল্লাস থাকিলেও টিউচনত উপস্থিত আছিল । হয়তো মনত পুহি ৰাখিছিল ছাৰক বিহু এটি ওলগো জনোৱা । টিউচন শেষত নিবিৰাজে ছাৰক কয় --"ছাৰ, বিহুৰ শুভেচ্ছা জনালোঁ । লগতে আমাৰ ঘৰলৈ নিমন্ত্ৰণো আগবঢ়াই গৈছোঁ । যাব দেই ছাৰ, নোযোৱাকৈ নাথাকিব । আজি আমি বজাৰলৈ যাম । ছাৰ, নমস্কাৰ । "
১৫ এপ্ৰিলৰ ফৰকাল বতৰে সকলোৰে মনত আনন্দৰ জোৱাৰ যোগান ধৰে । এনে এক আনন্দ উপহাৰ মিণ্টুৰ ছাৰৰ অন্তৰতো পুৱাই ভুমুকি মাৰে । পুৱা ৮:৩০ বজাত নিবিৰাজে আহি মিণ্টু ছাৰৰ ঘৰত উপস্থিত হয়হি । হাতত কঢ়িয়াই লৈ আনিছিল এটি পলিথিনৰ বেগ । বেগত সোমাই আছিল ছাৰলৈ বুলি লৈ আহা এখনি গামোচা, এটি চোলা আৰু এযোৰ তামোল- পাণৰ লগতে কেইখনমান আগলি কলপাত ।
" ছাৰ ..........ছাৰ ..........ছাৰ .......( নিবিৰাজে মাতিলৈ ধৰে ।)
ভিতৰৰ পৰা ছাৰে ওলাইহি কয় --" অ' নিবিৰাজ বেটা আহিলা ! আহা , ভিতৰলৈ আহা । "
" ছাৰ নমস্কাৰ ।"
" নমস্কাৰ , তুমি ব'হা । ৰ'বা মই ভিতৰৰপৰা আহোঁগৈ ।"
" অ' -- ছাৰ ।"
নিবিৰাজে ছাৰৰ কোঠাটিত ব'হে । টেবুলৰপৰা এখন কিতাপ লৈ ছাৰ আহা পৰ্যন্ত পঢ়ি থাকে । পৰিধান কৰি আহা পোছাক যোৰে নিবিৰাজৰ কুটিৰৰ সৌন্দৰ্য্যতা বৃদ্ধি কৰিছিল । নিতৌ প্ৰত্যক্ষৰিত হোৱা সৌন্দৰ্য্যতাকৈ দহোগুণ বৃদ্ধি হৈছিল ।
হাতত চফডানিটো লৈ ছাৰে কোঠালৈ প্ৰৱেশ কৰে । নিবিৰাজৰ ওচৰলৈ কাষ চাপি আহাত নিবিৰাজে আসনৰপৰা উঠি ছাৰৰ চৰণত তাৰ দুই কৰ ৰাখি প্ৰণিপাত জনায় । ছাৰে তোমাক ভগৱানে মংগলময় আৰু সখময় কৰি ৰাখক বুলি আৰ্শীবাদ দিয়ে । ইয়াৰ পাছতে নিবিৰাজে আসনত বহি ছাৰক এখন শৰাই খুজে । ছাৰে তাক চফ খাবলৈ কৈ শৰাই এখন আনিবলৈ ভিতৰলৈ গুচি যায় ।
ছাৰে এখনি কাঁহৰ শৰাই আনি নিবিৰাজৰ হাতত দিলে।নিবিৰাজে পলিথিনৰপৰা কলপাত আৰু লৈ আহা উপহাৰে শৰাইখন সজাই , লগতে পৰিধান কৰি আহা পোছাক সলাই চুৰিয়া পিন্ধি ডিঙিত গামোচা লৈ সেৱা জনোৱাৰ উদ্দেশ্যেৰে সাজু হ'ল । আনফালে ছাৰেও চুৰিয়া-পাইজামা পৰিধান কৰি কান্ধত গামোচা লৈ সোঁহাতত এটা কাঁহৰ ঘটি আৰু বাঁওহাতত এখন ধৰা লৈ কোঠালিটোত সোমালহি । নিবিৰাজে ছাৰৰপৰা ঘটিটো খুজিল আৰু সেৱা আগবঢ়াবলৈ ঠিক কৰা ঠাই টুকুৰা পানী এছাটি মাৰি প্ৰণাম জনাই পূব দিশত ধৰাখন পাৰি ধৰাখনত চুই নমস্কাৰ জনায় । ইয়াৰ পাছত বাঁওহাতে তলত এখিলা আৰু ওপৰত এখিলা কলপাত পাৰি পানীৰ ঘটিটো ৰাখে আৰু সোঁহাতে শৰাইখন ৰাখে । সকলো সজাই-পৰাই হোৱাৰ পাছত ছাৰক ধৰাখনত আসন অলংকৃত কৰিবলৈ অনুৰোধ কৰে।
"ছাৰ , বহক । মই এটি সেৱা জনাব খুজিছোঁ । আপোনাৰ আৰ্শীবাদে মোৰ জীৱনক মংগল কৰিব। আইতাই কৈছে আপোনাৰ আৰ্শীবাদে মোক পঢ়াত চোকা কৰিব, মোক ভগবানে মংগল কৰিব । গুৰুৰ আশীৰ্বাদ থাকিলে সদায় ভাল পথে যাব পৰা যায় । গুৰু ভাগৱানৰ ৰূপ । ছাৰ , মোক নোৱাৰাবোৰ , নজনাবোৰ জানিবলৈ আৰ্শীবাদ দিব। আৰু পঢ়ি থাকোঁতে টোপনি নধৰিবলৈও আৰ্শীবাদ দিব । আইতাই কৈছে নহয় আৰ্শীবাদে বেমাৰ-আজাৰো দূৰ কৰে । ছাৰ,আহক,বহক ।"
" বহিছোঁ , তুমি বহা ।"
ছাৰে নিবিৰাজৰ সকলো আয়োজন প্ৰত্যক্ষ কৰি আছিল ।ছাৰৰ মনত উন্মেষণ হৈছিল --" কি আচৰিত, হয়তো কিছু জ্যেষ্ঠলোকেও ইমান সুকলমে কম সময়তে কাৰ্যটো ছাগে কৰিব নোৱাৰিব । কিন্তু--, জীৱনৰ এইকণ সময় যেন মোৰ বাবে আটাইতকৈ মূল্যৱান সময় । কোনোদিনেই বাঞ্ছা নকৰা এটি উপহাৰ আহি আজি মোৰ কোলাত পৰিছেহি । ধন-সম্পদৰ মূল্যৰ লগত দেখোন এয়া সম্পূৰ্ণ পৃথক । এই সম্পদ দেখোন ধন-সম্পদৰ মূল্যতকৈ বহু শীৰ্ষত অৱস্থিত । মনে বিচৰা সকলো বস্তুকে ধনেৰে ক্ৰয় কৰিব সক্ষম হ'ব পাৰি , কিন্তু এনে সম্পদক মূল্য দিও ক্ৰয় কৰিব নোৱাৰি আৰু বজাৰতো পোৱা নাযায় ।মাথোঁ পোৱা যায় এজন মানৱতাৰ অধিকাৰী এজন মানৱৰ নিখুঁত হৃদয়ৰ দলিছাতহে।"
আসনত ছাৰ বহিল । নিবিৰাজেও আঁঠুকাঢ়ি মাটিতে কৰযোৰ পাতি বহিল। ছাৰে নামঘোষাৰ ঘোষা মাতি ভগৱনাৰ চৰণকমলৰ শৰণাৰ্থী হৈ নিবিৰাজৰ মংগল কামনা কৰিলে আৰু গোটেই বছৰতো সুখে-সন্তুষে সময়বোৰ পাৰ কৰি স্বৰস্বতী আয়ৰ আৰ্শীবাদত সজ্ঞান লাভ কৰি সৎ পথে আগবাঢ়ি যাবলৈ আৰ্শীবাদ কৰে । সেৱা পৰ্ব সমাপ্তিৰ পাছত নিবিৰাজক শৰাইখনতে যথা নিয়মানুসাৰে ছাৰে এযোৰ তামোল- পাণ আৰু এটি দক্ষিণাৰ লগতে ছাৰে নিবিৰাজলৈ বুলি আনি থোৱা ইচপৰ্টিঙটো দিয়ে। নিবিৰাজক চাহ , জলপান খাবলৈ দিয়া হয় । নিবিৰাজৰ আকৌ নামঘৰৰ গুৰুৰ সেৱা অনুষ্ঠানলৈ যাবলগীয়া থকাত সোনকালে ছাৰৰপৰা বিদায় লয়।
দিন আহে আৰু যায় । সময়ৰ সম্বন্ধ ৰচাডাল প্ৰতিটো মূহুৰ্ততে শকত হৈ যায় । সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবোৰৰ একত্ৰিত ভাগে যিদৰে বৃহৎ ভাগ গঠন কৰে, ঠিক তেনেদৰে সময়ৰ প্ৰতিটো পলতে নিবিৰাজৰ পৰা পোৱা মৰম আৰু গুৰু ভক্তিত ছাৰ মোহিত হৈছিল আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ মৰম-ভক্তিবোৰে এটি প্ৰকৃত গুৰু-শিষ্য সম্বন্ধৰ লগতে পিতা-পুত্ৰ, ভাই-ককাই-বন্ধু সদৃশ সম্বন্ধও গঢ় দিছিল।
চকুৰ পলকতে এবছৰ বাগৰি গ'ল । নিবিৰাজ হৈ পৰিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । এতিয়া আইতাক আৰু মাতৃৰ চিন্তা ল'ৰাটোক নামভৰ্তি ক'ত কৰি দিব। পিছে মিণ্টু ছাৰৰ পৰামৰ্শ অনুসাৰে নিকটৱৰ্ত্তী শংকৰদেৱ শিশুনিকেটন কেন্দুগুৰীতে নামভৰ্তি কৰি দিয়া হ'ল । ছাৰো আছিল সেইখন নিকটনৰে সহ-শিক্ষক । কিন্তু শংকৰদেৱ শিশুনিকেটনত ছাত্ৰ- ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক আৰ্চাৰ্য-আৰ্চাৰ্যা বুলি সম্বোধন কৰিব লাগে । সেয়ে নিবিৰাজে 'ছাৰ' সম্বোধন সলনি কৰি আৰ্চাৰ্য বুলি মাতিবলৈ ল'লে । নিবিৰাজৰ পঢ়াৰ মানদণ্ড দিনক দিনে উন্নতিৰ দিশে ধাৱমান হয়।
বছৰ বছৰ বাগৰি গ'ল। ছাৰো নিকেটনখনৰপৰা গুচি অন্য এখন বিদ্যালয়ত অংশগ্ৰহণ কৰে। আনহাতে,নিবিৰাজে নৱম শ্ৰেণীত ভৰি দিয়ে । কিন্তু এইবাৰ লাগিল নিবিৰাজৰ গাত মলয়া বতাহ । নৱম শ্ৰেণীৰ প্ৰথম ছয়মাহ ছাৰৰ ওচৰতে টিউচন ল'বলৈ আহিছিল, কিন্তু পঢ়াত ছাৰে পূৰ্বৰ দৰে বৰ আগ্ৰহী দেখা নাছিল। ছাৰ বৰ চিন্তিত হৈ পৰিছিল । স্কুলত খবৰ ল'লে শিক্ষক -শিক্ষয়িত্ৰীসকলে কয় ---" তুমি যোৱাৰ পৰা অলপ দুষ্ট হৈছে ।গৃহকাৰ্যবোৰ ভালদৰে কৰি নানে । ঘৰতো ছাগে নপঢ়ে । অলপ ধমক দিবা চুন , তোমাৰ বেটাক ।"
ছাৰে নিবিৰাজক বেটা বুলি মাতে আৰু তাক সেই নিকেটনখনলৈ নিছিল , সেইবাবেই সকলোৱে ছাৰক নিবিৰাজৰ কথা ক'লে তোমাৰ বেটাটো বুলি কয়।
ছয়মাহ গ'ল । ছয়মাহিলী পৰীক্ষা শেষ হ'ল । আৰম্ভ হ'ল গৰম বন্ধ । লাগিল ঘোণ পোক নিবিৰাজ আৰু ছাৰৰ সম্পৰ্কৰ জৰি ডালত ।
ঘোণ পোকবোৰ আক নিজে আহি লগা নাই,নিজে নিজে সৃষ্টিও হোৱা নাই । ইয়াক সম্পৰ্ক ৰচাডালত মেলি দিয়া হ'ল । প্ৰশ্ন হয় মেলিল কোনে ? তাতোতকৈ আচৰিত কথা -- পোকবোৰে ইমান সহজে বাহৰ পাতিব পাৰিলে কেনেকৈ ? নিশ্চয় মেলোতাজনে পৰিকল্পিতভাৱে মেলিল । হয় , এয়া পৰিকল্পিত আছিল । পিছে পোকৰ গৰাকী এলা -পিছা নহয় । তেখেত আছিল নিবিৰাজৰ অসমীয়া শিক্ষক । তেখেত ছাৰৰ বৈৰী । কিন্তু, ওপৰে ওপৰে যেন মধুৰ ফুলৰ সুভাসহে ছাৰৰ বাবে । বাৰু , মলকথাতে ধৰোঁ । ছাৰৰ নাম নিকটতম তথা গাঁৱৰ চৌদিশে বিস্তৃত । নিকটৱৰ্ত্তী গাঁৱৰ বেছি সংখ্যক শিক্ষাৰ্থীয়ে ছাৰৰ টিউচন ছাত্ৰ । নিবিৰাজহঁতৰ নিকটনৰো বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ছাৰৰ ওচৰতে টিউচন আহে । সেয়ে তেখেতে জ্বলি মৰে । যিমান পাৰে ছাৰৰ কুনাম ৰতি ছাৰৰপৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰ কৰিবলৈ প্ৰয়াস কৰে । কিন্তু কিছুত সফলতা আৰ্জিলেও ৯০% ক্ষেত্ৰত বিফল হৈছিল । সেই সফলৰ এটা ফল আছিল নিবিৰাজ।
১জুন, ২০১৮ বৰ্ষ কথা । পুৱা ৭:৩০ বজাত ছাৰৰ মোবাইলৰ ৰিঙটন বাজি উঠিল । টেবুলৰপৰা তুলি চাই দেখে--নিবিৰাজৰ ঘৰৰ ফোন ।
"হেল্ল ' , অ' বেটা কোৱা । কি হ'ল ? পুৱাতে কল কৰিলা যে ? কিয়নো ? "
" নমস্কাৰ আৰ্চাৰ্য ,"
"নমস্কাৰ , কোৱা---কিয় বা কল কৰিছা ? "
" আপুনি খং কৰিব নেকি আক ? "
" আজিলৈকে তুমি খং কৰা কাম দেখোন কৰাই নাই ৷ নকৰোঁ , কোৱা । আজি প্ৰথম যদি খং কৰা কাম কৰিছা , তেন্তে খং নকৰো। কিন্তু আকৌ কেতিয়াও কৰিব নোৱাৰিবা ।"
" হেহ আৰ্চাৰ্য , তেনেকুৱা একো নহয় । আৰু তেনেকুৱা কেতিয়াও নকৰো । "
" হ'ব দিয়া । এতিয়া কোৱা । মূল কথাতো ।"
" আৰ্চাৰ্য , আপুনি নাহৰকটীয়া মহাবিদ্যালয়ত গৰম বন্ধত ক্লাছ কৰিব যাব নালাগে কৈছিল । সেয়ে নাজাও বুলি ভাবিছিলোঁ ।কিন্তু কালি দীপাংকৰ আৰ্চাৰ্য আহি ক্লাছ কৰিবলৈ যাবলৈ কৈ গৈছে । কি কৰিম এতিয়া । আৰ্চাৰ্য , সোধা কাৰণে মোক খং নকৰিব আক । মায়ে আপোনাক সুধি ল'ব কৈছে।"
" এইটো কথাকে ক'বলৈ ভয় কৰিছা । বাৰু তুমি কি ভাবা ? যাম বুলি ভাবা নে নাযাওঁ বুলি ভাবা ? "
" আপুনি কি কয় আক। যাবলৈ দিয়ে নে নিদিয়ে আক । মই নাযাওঁ বুলি ভাবি আছিলোঁ , কিন্তু কালি আৰ্চাৰ্যই কৈ গ'ল নহয় । বাকী গোটেইবোৰ যাব বোলে। আৰ্চাৰ্য আপুনিয়ে কি কয় । "
" তুমি ভাল ল'ৰা বাবেই তোমাক ভাল লাগে। তাতোতকৈ ভাল লাগে তোমাক , তুমি মোক নোসোধাকৈ একোৱেই নকৰা । মোৰ বিনা অনুমতিত পূজা , বিহু বাদেই মামা-মাহী , পেহা-পেহীৰ ঘৰলৈও ফুৰিবলৈ নোযোৱা । এনেবোৰ গুণৰ কথা আৰ্চাৰ্য-আৰ্চাৰ্যাবৃন্দ অৱগত । সেয়ে তুমি ভাল ল'ৰা বুলিয়ে আৰ্চাৰ্যই ঘৰত আহি কৈ গৈছে । যাবা , নগ'লে আৰ্চাৰ্যই বেয়া পাব নহয় । আৰ্চাৰ্য-আৰ্চাৰ্যাৰ কথা শুনিব লাগে । নতুন বন্ধু লগ পাবা , দুই এটা নতুন অভিজ্ঞতা পাবা , গ'লে ভালেই হ'ব দিয়া , লগৰবোৰ যাবই নহয় । মই অকলেহে যাব নালাগে বুলি কৈছিলো । যাবা , কিন্তু শিকি আহাবোৰ মোক বুজাই দিব লাগিব ।"
" হ'ব আৰ্চাৰ্য , চেষ্টা কৰিম । কিন্তু বুজি নোপোৱাবোৰ আপুনি মোক বুজাই দিব লাগিব ।"
ছাৰে বুজি পাইছিল যে নিবিৰাজৰ ক্লাছ কৰিব যাবলৈ দুৰ্বাহ হেঁপাহ আছে । তাতে ভবা হ'ল দীপাংকৰ সন্মানৰ কথা । যদি নিবিৰাজক যাবলৈ অনুমতি দিয়া নহয় , তেন্তে পৰোক্ষভাৱে কোৱা হ'ব আৰ্চাৰ্য-আৰ্চাৰ্যাৰ কথা নুশুনিবা । দীপাংকই কষ্ট কৰি ঘৰলৈ আহি কৈ থৈ যোৱাৰ অৰ্থ কি থাকিব । শিক্ষকে ছাত্ৰ-ছাত্ৰীক এখাপ আগুৱাই যোৱাতোহে কামনা কৰে , এখাপ পিছুৱাই যোৱাতো নহয় । সেয়ে শিক্ষকৰ কথা মানা উচিত । দ্বিতীয়তে , নগ'লে নিবিৰাজো হৈ পৰিব দীপাংকৰ চকুত এজন অসভ্য ছাত্ৰ । সেয়ে নিবিৰাজক যাবলৈ অনুমতি দিয়া হ'ল । কিন্তু ইয়াৰ আঁৰত কিবা লুকাই থাকিব পাৰে নেকি ? সেইটো কথা ছাৰৰ মনলৈ সুতুংকৈও নাহিল । আহিবনো কিয় ? শিক্ষকে জানোঁ কিবা শিষ্যৰ অহিত চিন্তা কৰে নেকি ? হয় নকৰে । ছাগে দীপাংকৰে নিবিৰাজৰ অহিত চিন্তাও কৰা নাছিল , মাথোঁ পৰিকল্পনা কৰিছিল ছাৰৰ ওচৰৰ পৰা নিবিৰাজক আঁতৰাই নিবলৈ । নিবিৰাজেই আছিল ছাৰৰ ওচৰৰপৰা আঁতৰাই নিবলগীয়া তেখেতৰ স্কুলৰ অন্তিমজন ছাত্ৰ । বাকীসকলক অনায়াসে আঁতৰাই নি নিজৰ টিউচনৰ শিষ্য কৰাত সফল হৈছিল । কিন্তু নিবিৰাজৰ বাবেহে কৰিবলগীয়া হৈছিল এটি দীঘলীয়া পৰিকল্পনা ।
গ্ৰীষ্মকালীন পাঠদান শেষ হ'ল । ঘোণ পোকবোৰেও কুটি খাব পৰা হ'ল। আচল কথাত ক'বলৈ গ'লে দীপাংকৰ পৰিকল্পনা সফল হ'ল । গ্ৰীষ্মকালীন পাঠদানৰ পাছতে আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান । কিন্তু খালী হৈ ৰ'ল ছাৰৰ টিউচন চেণ্টাৰৰ নিবিৰাজৰ আসনখন ।
মিণ্টু দোলাকাষৰীয়া
জিলা: ডিব্ৰুগড়
বৃত্তি: সহ-শিক্ষক (কমাৰ গাঁও হাই স্কুল)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ