টুক্ৰেশ্বৰী দেৱালয়

©Admin
0

      গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত তীৰ্থস্থান সমূহৰ ভিতৰ টুক্ৰেশ্বৰী দেৱালয় অন্যতম   । গোৱালপাৰা চহৰৰ দক্ষিণ-পূৱত থকা টুকুৰা নামৰ ঠাইৰ টুক্ৰেশ্বৰী পাহাৰত এই দেৱালয় অৱস্থিত ।                      
      টুক্ৰেশ্বৰী দেৱালয় বান্দৰ ৰজাৰ বাবে বিখ্যাত । এই দেৱালয়খনত অসংখ্য বান্দৰ বসতি কিন্তু বৰ্তমান মানুহৰ ভিৰত 
বান্দৰ সংখ্যা কিছু পৰিমাণে কমি আহিছে । ইয়াত বান্দৰ সকলৰ মাজত ৰজা- ৰাণী থাকে আৰু এজন ৰজা বুঢ়া হৈ আহিলে পুনৰ নতুন ৰজাৰ অভিষেক কৰা হয় ।       এটা কথা জনা মতে এনে বান্দৰবোৰ ফলহাৰী হয় কিন্তু এই দেৱালয়ৰ বান্দৰবোৰ ৰক্তপায়ী ।দূৰ্গা পূজা সময়ত দিয়া বলি ৰক্ত বান্দৰবোৰ পান কৰে ।                         জনশ্ৰুতি মতে এই দেৱালয় খনৰ উৎপত্তি সম্পৰ্কে বহুতো প্ৰবাদ আছে কিন্তু দেৱালয় খন উৎপত্তিৰ মূল প্ৰবাদ হ'ল সতীয়ে যেতিয়া পিতৃৰ যজ্ঞত দেহত্যাগ কৰে তেতিয়া মহাদেৱে সতীৰ মৃতদেহ লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিব লোৱাত ভগৱান বিষ্ণুই সতীৰ দেহ ৫১ খণ্ডত টুকুৰা কৰি পেলাই আৰু য'ত এই অংগৰ টুকুৰা পৰে তাতে একো একোখন তীৰ্থস্থান গঢ়ি উঠে । তেনেদৰে টুক্ৰেশ্বৰী পাহাৰত  সতীৰ বাওঁ উৰু আৰু জিভা পৰাত এই টুক্ৰেশ্বৰী  দেৱালয় গঢ়ি উঠে । টুক্ৰেশ্বৰী দেৱালয়ৰ পূজা পাৰ্বণৰ ব্যৱস্থা বিজনী ৰজাৰ দিনৰ পৰা আৰম্ভ হয় । এই দেৱালয়খনিত দূৰ্গা পূজা আৰু বাসন্তীপূজা মহাসমাহোৰে পালন কৰে । দুৰ্গা পূজাৰ সময়ত ইয়াত ডাঙৰ মেলা হয় । ইয়াৰ দূৰ্গা পূজা ৰজাদিনীয়া পৰম্পৰাৰে পালন কৰা হয় আৰু ৰজাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি জাকজমকতা পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে পূজা পালন কৰে । দূৰ্গা পূজাৰ নৱমীৰ দিনা হাহঁ , পাৰ , মহ বলি দিয়া আৰু বলিৰ তেজ পান কৰিব দিয়া হয় ইয়াৰ বান্দৰ সমাজক ।  জনা মতে এই দেৱালয়ৰ দূৰ্গা পূজা ১৭ শতিকাৰ  শেষ ভাগৰ পৰা বিজনী ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰা অনুষ্ঠিত হয় ।                                
          টুক্ৰেশ্বৰী দেৱালয় খনৰ পাহাৰখনৰ ওপৰত এটা শিৱ মন্দিৰ আছে পিছলৈ বহুবছৰৰ মূৰত এটা শিৱ লিংগ উদ্ধাৰ হয় ।         
  দেৱালয় খনৰ নামনি অংশৰ মন্দিৰটো বৰ্তমান টিনপাত লগাই নিৰ্মাণ কৰা হৈছে । টুক্ৰেশ্বৰী মন্দিৰৰ পাহাৰখনলৈ যাবলৈ এখন পকা খটখটী আছে । টুক্ৰেশ্বৰী পাহাৰখনত থকা শিল বোৰ বৃহৎ আকাৰৰ জনা মতে পাহাৰৰ শিলবোৰ মাটি ফাটি ওলোৱা কিন্তু সেয়া সঠিক হয় নে নহয় তাৰ বাবে বৰ্তমান অনুসন্ধানৰ প্ৰয়োজন ।                                 শেষত ক'ব পাৰি যে টুক্ৰেশ্বৰী দেৱালয়  বৃহৎ আকাৰৰ শিলৰ লগতে সেউজীয়া গছ- গছনীৰে ভৰি থকা মনোৰম প্ৰাচীন তীৰ্থস্থান ।
                                             
🖋️ ৰিংকী মণি নাথ 
       বঙাইগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)