বেবেৰিবাং

©Admin
0
হেৰা ভাইটি, তোমাৰ সৈতে বহুদূৰ কথা পাতিয়েই আহিলো । পিছে এটা কথা সোধাই নহ'ল । বয়সীয়াল মানুহ জনে কাষৰ চিটৰ সৰু ল'ৰাজনক টোঁৱালে ।
ল'ৰা- মই আগৰটো ষ্টপেজত নামিম । আপুনি কি সোধে সোধক ।
বৃদ্ধ- পিছে তুমি কোন শ্ৰেণীতp  পঢ়িছা ?
ল'ৰা- দেউতা, মোৰ ভাগ্যত স্কুল যোৱাতো আৰু ন'হল ।
বৃদ্ধ- তোমাকতো স্কুল নপঢ়া যেন নেলাগে । ধেমালি কিয় কৰা !
ল'ৰা- ধেমালি কৰা নাই দেউতা ।
বৃদ্ধ- তেনেহলে কিয় পঢ়িব নোৱাৰিলা ?
ল'ৰা- চাওক দেউতা ! সোমবাৰ মোৰ জন্মবাৰ । সেইদিনা স্কুলত নাম লগাব নেপায় হেনো । মঙ্গলবাৰ হেনো বেয়া বাৰ -অমংগল হয় । বুধবাৰটো আকৌ মোৰ দেউতাৰ মৃত্যু দিন- স্কুলত নাম লগাব নেপায় হেনো !  বৃহস্পতিবাৰটো ভাল বাৰেই আছিল, কিন্ত সেইদিনাও মোৰ ককা ঢুকোৱা বাৰ, নাম লগাব নেপায় । শুকুৰবাৰটো হেনো কণা বাৰ । সেইদিনাও নাম লগাব নেপায় । শনি বাৰত আকৌ বোলে শনি লাগে । 
যি এটা ভাল বাৰ আছিল-সেইদিনাও আক' স্কুল বন্ধ থাকে । ক'ত আৰু নাম লগাব পাৰো !
বৃদ্ধৰ মূৰ ঘূৰাই গল ।

📌সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)