যোৱা নিশা,
বৰষুণ জাক নাহিল।
মই আকাশৰ নীলাখিনিলৈ
চায় থাকিলোকিছু প'ৰ!
জানোছা দেখা পাওঁৱেই
এপিয়লা বৰষাৰ আশা°°°
কিজানিবা বিজুলীৰ চমকে
চুই যায় মোৰ ক্লান্ত হিয়া।
কিন্তু নাই°°°
নাই দেখোন একোকে।
মৰহা মনেৰে মই উভতিলো,
কিন্তু হঠাত°°°
এচাটি চেচাঁ বতাহে চুমি গ'ল মোৰ কেশ,
আৰু লগতে নিয়ৰৰ টোপালে শীতল কৰিলে
মোৰ উকা কপাল।
আহ,....
কিমান যে মিঠা অনুভৱ!
হাহ°°° বৰষুণ জাক নাহিল,
কিন্তু,
নিশাৰ এই শীতল পৰশে
দি গ'ল এক অনন্যা অনুভূতি।
📝জাচিংফা গগৈ
জিলা-তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ