শব্দহীন কিছুমান হুমুনিয়াত যেতিয়া বাগৰ সলাও
সুধিবলৈ মন যায় তেতিয়া তোমাক
অৰুন্ধতী কেনে আছা তুমি
তোমাৰ অপেক্ষাত উন্মাদ হৈ থকা
কিছুমান জোনাক
কিম্বা আন্ধাৰৰ বিষাদত
অক্লান্ত হৈ পৰা উশাহবোৰক লৈ
নিশ্বাসক কওঁ বতাহক সুধিবলৈ
অৰুন্ধতী কেনে আছা তুমি
মনত পৰেনে চোকা ৰ'দে পুৰিলে
চিঞৰি চিঞৰি বতাহ ফালিছিলো
'ঐ অৰুন্ধতী তোক ৰ'দে খাই পেলাব'
তই যে এমোকোৰা হাঁহিৰে
তোৰ হৃদয়ৰ ঠিকনা দিছিলে
উসঃ মোৰ বঠাহীন হৃদয়
তোৰ এৰা সুঁতি
আজিও তই একে অভিমানী জনী
ঐ অৰুন্ধতী,
মন যায় ও মোৰ বহুত
তোৰ বগা সাঁজজোৰত এসোপা সেন্দুৰ সানি দিবলৈ
ৰঙা নীলা বহুতো পখিলা আঁকি দি
সুধিবলৈ
অৰুন্ধতী কেনে আছা তুমি ।
📝ববিতা শইকীয়া
দেৰগাঁও। গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ